ডিজিটেল ডেস্ক : ইৰান আৰু আমেৰিকাৰ যুদ্ধই বিধ্বংসী ৰূপ লোৱাৰ দিশে গতি কৰিছে। ইৰানে আমেৰিকাৰ সৈতে কৰা যুদ্ধ-বৰতি চুক্তিৰ পৰা ওলাই অহাৰ কথা ঘোষণা কৰিছে আৰু একে সময়তে আমেৰিকাই ইৰানক বিধ্বস্ত কৰাৰ দিশত আগবঢ়াৰ ইংগিত পোৱা গৈছে। আমেৰিকাই মধ্যপ্রাচ্যত থকা ৫০ হাজাৰ সৈনিকক সষ্টম থাকিবলৈ আৰু যিকোনো অভিযানৰ বাবে প্রস্তুত হৈ থাকিবলৈ নির্দেশ দিছে। ইফালে ইৰানে আমেৰিকাক এই বুলি সতৰ্ক কৰি দিয়ে যে দেশখনত মার্কিন সেনাই আক্রমণ অব্যাহত ৰাখিলে এনে ধৰণৰ বিধ্বংসী আক্ৰমণ কৰিব যে মধ্যপ্রাচ্যৰ অস্তিত্ব নাথাকিব। জেৰুজালেম প'ষ্টে আমেৰিকাৰ চেন্ট্রেল কমাণ্ডৰ উদ্ধৃতি দি প্ৰকাশ কৰা এটা বাতৰিত কোৱা হৈছে যে পশ্চিম এছিয়াত আমেৰিকাৰ সেনাক সম্পূৰ্ণৰূপে সষ্টম কৰি ৰখা হৈছে। পশ্চিম এছিয়াত আমেৰিকাৰ ৫০ হাজাৰতকৈ অধিক সৈনিক আছে। চেন্ট্রেল কমাণ্ডে সকলো সৈনিকক সষ্টম হৈ থকাৰ নিৰ্দেশ দিছে। ইয়াৰ লগতে যিকোনো অভিযানৰ বাবে সাজু হৈ থাকিবলৈও কোৱা হৈছে। ইয়াৰ পৰা ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে অচিৰেই ইৰানত স্থলভাগেৰে অভিযান আৰম্ভ কৰাৰ নিৰ্দেশ দিব পাৰে বুলি ধাৰণ কৰা হৈছে।
আমেৰিকাই মধ্যপ্রাচ্যত সৈনিকক সষ্টম হৈ থকাৰ নিৰ্দেশ দিয়াৰ লগতে নিজৰ যুঁজাৰু বিমানৰ সংখ্যাও বৃদ্ধি কৰিছে। জার্মানিৰ স্পেংডাহলেম বায়ু সেনাৰ ঘাটিৰ পৰা এফ-১৬ আৰু ব্রিটেইনৰ পৰা এফ-৩৫ স্টিল্থ যুঁজাৰু বিমান মধ্যপ্রাচ্যত মোতায়েন কৰা হৈছে। এই যুঁজাৰু বিমানসমূহ ইজৰাইল আৰু আন স্থানত থকা মার্কিন বায়ু সেনাৰ ঘাটিত মোতায়েন কৰাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ লগতে আকাশত ইন্ধন ভৰোৱা অতিৰিক্ত বিমানো মধ্যপ্রাচ্যলৈ প্ৰেৰণ কৰা হৈছে। আমেৰিকাৰ বিদেশ বিভাগে মধ্যপ্রাচ্যৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সমগ্র বিশ্বতে সুৰক্ষা সতর্কতা জাৰি কৰিছে। ইয়াৰ জৰিয়তে আমেৰিকাৰ নাগৰিকসকলক পৰিস্থিতিয়ে শোচনীয় ৰূপ লোৱাৰ আশংকাৰ প্ৰতি ৰক্ষ্য ৰাখি সৰ্বাধিক সতর্ক হৈ থকাৰ পৰামৰ্শ দিয়া হৈছে। বিদেশ বিভাগে জাৰি কৰা সুৰক্ষা সতৰ্কতাত কোৱা হৈছে ইৰানৰ দ্বাৰা সমর্থিত গোটসমূহে আমেৰিকাৰ স্বাৰ্থ আৰু মার্কিন নাগৰিকক আক্ৰমণৰ লক্ষ্য কৰি ল'ব পাৰে। জেৰুজালেম প'ষ্টে প্রকাশ কৰা মতে আমেৰিকা আৰু ইৰানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ পাছত ইজৰাইলে পৰিস্থিতিৰ প্ৰতি সূক্ষ্মভাৱে দৃষ্টি ৰাখিছে। অৱশ্যে আমেৰিকাই বৰ্তমান ইজৰাইলক যুদ্ধৰ পৰা আঁতৰি থকাৰ পৰামৰ্শ দিয়ে।
উল্লেখযোগ্য যে আমেৰিকা এতিয়া নৱম দিনৰ অভিযানৰ বাবে সাজু হৈছে। আন এটা বাতৰি মতে, আমেৰিকাই ইৰানত বিধ্বংসী বি-২ বোমা বর্ষক বিমানেৰে পুনৰ আক্ৰমণ কৰাৰো প্ৰস্তুতি চলাইছে। আমেৰিকাৰ চেন্ট্রেল কমাণ্ডে প্ৰকাশ কৰা মতে, মর্কিন সেনাই শনিবাৰে নিশাও ইৰানত প্ৰচণ্ড আক্রমণ অব্যাহত ৰাখে। এই আক্রমণসমূহত ইৰানৰ নিৰীক্ষণ আৰু এয়াৰ ডিফেন্স সুবিধাসমুহ, সমুদ্ৰত আক্ৰমণ আৰু নিৰীক্ষণৰ বাবে থকা কেন্দ্রসমূহ, ড্র'ন তথা ক্ষেপণাস্ত্ৰৰ ভাণ্ডাৰসমূহত প্রচণ্ড বোমা বর্ষণ কৰে। ইৰানে জর্ডানত মার্কিন সামৰিক ঘাটিত কৰা আক্ৰমণৰ পাছতে এই প্রত্যাক্রমণ চলোৱা হয়। চেন্ট্রেল কমাণ্ডে জনোৱা মতে, শনিবাৰে নিশা ১১-৩০ বজাৰ পৰা চলোৱা আক্ৰমণত ইৰানৰ প্ৰতিৰক্ষা স্থানসমূহৰ লগতে যোৱা ১৭ জুলাইত জর্ডানত দুজন সৈনিক নিহত হোৱা আক্রমণটো কৰা ইছলামিক ৰিভ'লিউশ্যনেৰী গার্ড ক'ৰৰ ঘাটিকো লক্ষ্য কৰি লোৱা হয়। আমেৰিকাই ইৰানৰ হ'মোজগান প্রদেশত থকা এটা পানী পৰিশোধন প্রকল্পত আক্ৰমণ কৰি ক্ষতি কৰে। এই প্রকল্পটোৰ পৰা প্ৰায় দহ হাজাৰ লোকক খোৱাপানী যোগান ধৰা হয়। ইয়াৰ লগতে দেশখনৰ বিদ্যুৎ প্রকল্পসমূহকো আমেৰিকাৰ সেনাই আক্ৰমণৰ লক্ষ্য কৰি লয়।