অস্থিৰ দেশ
Dainik Janambhumi
October 24, 2024
ডিজিটেল ডেস্কঃ মহানগৰীৰ জ্যোতিকুছিত ঘৰৰ ভিতৰতে বৃদ্ধাৰ কংকাল উদ্ধাৰ আৰু তেজপুৰত নিজ ভাতৃৰ চোকা অস্ত্ৰৰ আক্ৰমণত জ্যেষ্ঠ ভগ্নীৰ মৃত্যু হোৱা– এই ঘটনা দুটাই এইকেইদিন ৰাজ্যখনত চাঞ্চল্য অব্যাহত ৰখাৰ সময়তে সমাজ সচেতন মনত বহুবোৰ কথাই উদ্ৰেক ঘটাইছে৷ আমাৰ সমাজখনৰ পৰা মানৱীয়তা, বিশ্বাস, সহিষ্ণুতা আদি শব্দবোৰ, গুণবোৰ নাইকিয়া হৈ গৈ আছে নেকি? সেইদৰে মনলৈ আহিছে ভ্লাডিমিৰ লেনিনৰ কথাও৷ লেনিনে কোৱাৰ দৰেই আমাৰ সমাজখন ক্ৰমাৎ অস্থিৰ হৈ গৈ আছে নেকি?
ৰাছিয়াৰ বিশ্ববিখ্যাত ৰাজনৈতিক তত্ত্ববিদ, অধিবক্তাগৰাকীয়ে কৈছিল– সমাজত যেতিয়াই অস্থিৰতা বৃদ্ধি পায়, তেতিয়াই অসামাজিক-অপৰাধমূলক ঘটনাও বাঢ়ি যায়৷ আমাৰ দেশতো বাঢ়ি গৈ আছে অপৰাধমূলক ঘটনা৷ বাঢ়ি গৈ আছে মানৱীয়তাৰ অপমৃত্যু হোৱা ঘটনাবোৰ৷ চাবলৈ গ’লে– তিনি মাহ পূৰ্বে মৃত্যু হোৱা মাতৃৰ কংকালৰ সৈতে পুত্ৰই একেলগে থকা অৱস্থাটোৱেই অস্বাভাৱিক আৰু অভাৱনীয় ঘটনা৷ তাতে কংকালৰ কাষত এখন শিৱৰ ফটোত পূজা-অৰ্চনাৰো তথ্য উদ্ধাৰ হৈছে৷ বহুজনে কোৱাৰ দৰে মাতৃক পুনৰ জীৱিত কৰি তুলিবলৈয়ে হওক কিম্বা হত্যা কৰি পাছত অনুতাপত দগ্ধ হৈয়ে হওক– এনেদৰে কংকাল সন্মুখত ৰাখি কৰা পূজা-অৰ্চনাই আজিৰ সমাজখনৰ অস্থিৰতা আৰু অস্বাভাৱিকতাৰ ৰূপ এটিক প্ৰকট কৰি তোলা নাই জানো? এতিয়া আৰক্ষীয়ে পুত্ৰক কৰায়ত্ত কৰি তদন্ত চলাই আছে যেতিয়া সঠিক ছবিখন পোহৰলৈ অহাৰেই বাঞ্ছা কৰিব সকলোৱে৷ এনেধৰণৰ মানৱীয়তাৰ প্ৰশ্ন জড়িত থকা অনুৰূপ ঘটনা এটা সংঘটিত হৈছিল যোৱা বছৰ যোৰহাটত৷ আমেৰিকাৰ কেলিফৰ্নিয়া আৰু ছিকিমৰ গেংটকত কৰ্মৰত দুই পুত্ৰই যোৰহাটৰ ধোৱাপুখুৰীৰ ঘৰত অকলে এৰি যোৱা বৃদ্ধা মাতৃ বিছনাতে মৰি পৰি আছিল কোনেও গম নোপোৱাকৈ৷ বৃদ্ধাৰ কংকালটো ২০ দিনৰ পাছতহে উদ্ধাৰ হৈছিল৷ সাধাৰণতে মৃত্যুৰ পাছত সৎকাৰ অবিহনে এটা মৃতদেহ এনেদৰে গাৰ তেজ-মঙহ শুকাই কংকাল ওলাই যোৱাকৈ পৰি থকাটো মানৱীয় ধৰ্মৰেই পৰিপন্থী৷
অথচ এইধৰণৰ ঘটনাবোৰেই আজিকালি সঘনে হৈ থাকিবলৈ লৈছে৷ সোমবাৰে দিন দুপৰতে সংঘটিত তেজপুৰৰ ঘটনাটোও তেনেই সাধাৰণ ঘটনা নহয়৷ বৰং ই অপৰাধ প্ৰৱণতাৰ চূড়ান্ত অৱস্থাটোকেই প্ৰতীয়মাণ কৰে৷ পিতৃ-মাতৃৰ অনুপস্থিতিত কোনো কথাক লৈ ভাতৃৰে বিতৰ্ক-সংঘাতৰ কৰুণ পৰিণতিত প্ৰাণ দিবলগীয়া হৈছে ভগ্নীয়ে৷ ভাতৃয়ে চোকা অস্ত্ৰৰে উপৰ্যুপৰি প্ৰহাৰ কৰি হত্যা কৰিছে জ্যেষ্ঠ ভগ্নীক৷ ইয়াতকৈ আৰু অসহনীয় ঘটনা আন কি থাকিব পাৰে? বহুতৰে সেই একেটাই প্ৰশ্ন– কোন দিশে ধাৱমান হৈছোঁ আমি? প্ৰকৃততেই আমাৰ দেশত ‘ছ’চিয়েল এক্সচেছ’ বৃদ্ধি হৈ গৈ আছে নেকি? বেছি কষ্ট কৰিবৰ প্ৰয়োজন নাই, অলপমান অনুধাৱন কৰিলেই ইয়াৰ উত্তৰ ওলাব৷
অপ্ৰিয় হ’লেও সত্যটো হ’ল– হত্যা-হিংসা, বলাৎকাৰ, লুণ্ঠন-দুৰ্নীতি, প্ৰৱঞ্চনা আদি অনেক অসূয়াৰ হেঁচাত উশাহ নোপোৱা অৱস্থা এটাই আমাৰ সমাজখনক চাৰিওফালৰ পৰা ঘেৰি ধৰিছে৷ আজি যেনিয়েই চোৱা যায়, তেনিয়েই অপৰাধেই অপৰাধ৷ কোনোৱে জানি-বুজি কৰিছে, কোনোৱে সাময়িক উত্তেজনাত আৰু আন কোনোৱে নিজৰেই অজ্ঞাতে কৰিছে৷ আচলতে অপৰাধৰো আছে বিভিন্ন প্ৰকাৰ, আছে বিভিন্ন ৰং৷ কিছুমান অপৰাধে সমাজৰ অধিক ক্ষতি কৰে, সামাজিক অস্থিৰতা বৃদ্ধি কৰে৷ অপৰাধে মানৱীয়তা, বিশ্বাস, সহিষ্ণুতা আদিক ভূ-লুণ্ঠিত কৰে৷ আঁচনিৰ ধন মোকলাই দিয়াৰ নামত কোটি কোটি টকাৰ ঘোচ লোৱা, কেৱল ব্যক্তিগত সা-সম্পত্তি বৃদ্ধিত মনোনিৱেশ কৰা ব্যক্তিয়ে যিদৰে দেশৰ প্ৰশাসন ব্যৱস্থাটোক কলুষিত কৰে, ঠিক সেইদৰে নাৰীক উলংগ কৰি ‘পেৰেড’ কৰোৱা, বৃদ্ধ পিতৃ-মাতৃক অকলশৰে মৰিবলৈ এৰি দিয়া, দলবদ্ধ বলাৎকাৰ, হত্যা আদিৰ দৰে ঘটনাই সামাজিক পৱিত্ৰতাৰ চূড়ান্ত অপমৃত্যু ঘটায়৷
অতীতৰে পৰা এই পৱিত্ৰতা ৰক্ষাৰ বাবেই এচাম মনীষীয়ে যুঁজ দি আহিছে৷ এই পৱিত্ৰতা ৰক্ষাৰ উদ্দেশ্যেই সৃষ্টি হৈছে ৰামায়ণ, মহাভাৰত, বেদ, উপনিষদ আদি শাস্ত্ৰসমূহৰ৷ তাৰ পাছতো কিন্তু দেশত এইবোৰ হ্ৰাস পোৱা নাই৷ বৰং প্ৰতি এক লাখ মহিলা-যুৱতীৰ ৫ শতাংশ বলাৎকাৰৰ বলি হৈছে, ৩ শতাংশক হত্যা কৰা হৈছে আৰু ৮ শতাংশ অপহৃত হৈছে৷ সেইদৰে প্ৰতি এক লাখ লোকৰ ০.১জন লোকৰ প্ৰাণহানি হৈছে গোষ্ঠী হিংসাৰ নামত৷ অৱশ্যে কেৱল ভাৰতবৰ্ষতেই নহয়, সমগ্ৰ বিশ্বৰে মানৱ সমাজ ক্ৰমাৎ কলুষিত হৈ পৰিছে৷ বিশ্বৰ বিভিন্ন দেশত বাঢ়িছে হিংসা, হত্যা, বলাৎকাৰ আদি অপৰাধমূলক ঘটনা৷ ৰাষ্ট্ৰসংঘৰ তথ্য মতে (২০১৭ চনৰ) বিশ্বত প্ৰতি এক লাখ লোকৰ ভিতৰত ৬.১ শতাংশ লোকেই হত্যাৰ বলি হৈছে৷ আনহাতে, প্ৰতি এক লাখ লোকৰ ভিতৰত ৭.৯ শতাংশ লোকে গোষ্ঠী সংঘৰ্ষত প্ৰাণ হেৰুৱাইছে৷ প্ৰতি এক লাখ লোকৰ ভিতৰত ছালভাডোৰত ৬১.৭ শতাংশ, হণ্ডোৰাছত ৪১ শতাংশ, ভেনিজুৱেলাত ৪৯.৯ শতাংশ, জামাইকাত ৫৬.৪ শতাংশ হত্যাকাণ্ড সংঘটিত হৈছে৷
এই সংখ্যাবোৰ দিনক দিনে অধিক ডাঙৰ আৰু বৃহৎ হৈ আহিছে৷ বিশ্বৰ আন দেশসমূহৰ তুলনাত আমাৰ দেশৰ সংখ্যাকেইটা তেনেই সৰু যেন লাগিলেও হত্যাৰ ক্ষেত্ৰত কিন্তু প্ৰতি এক লাখৰ ভিতৰত ২৯৪০জন লোকক হত্যাক মুঠেই সৰু ঘটনা বুলিব নোৱাৰি৷ তদুপৰি উল্লিখিত পৰিসংখ্যাকেইটা যদি আমি ১২০ কোটি ভাৰতীয়ৰ হিচাপত উলিয়াওঁ, তেনেহ’লে এক বিশাল-ভয়ংকৰ অংকই আমাক সন্ত্ৰস্ত কৰি তুলিব৷ আমাৰ ৰাজ্যৰ পটভূমিতো যুৱতী-মহিলাক বলাৎকাৰ কৰি হত্যাৰ অপৰাধত বহু আগবাঢ়ি গৈছে অসম৷ এইক্ষেত্ৰত দেশৰ ভিতৰতে অসম দ্বিতীয় স্থানত আছে৷ প্ৰথম স্থানত আছে উত্তৰ প্ৰদেশ৷ সি যি নহওক, প্ৰতিদিনে নিৰন্তৰ এনেধৰণৰ অপৰাধমূলক ঘটনা সংঘটিত হৈ অহা তথা এনেধৰণৰ ঘটনা বৃদ্ধিৰ মূলতেঃ আমাৰ দেশৰ শিথিল আইন ব্যৱস্থা নেকি? ভাৰতীয় আইনত অপৰাধী সাৰি যোৱাৰ সুৰুঙা দেধাৰ নেকি?
আৰু অমানৱীয় ঘটনাবোৰৰ বাবে মানুহবোৰ আৱেগহীন-বিবেকহীন, দয়া-ক্ষমা আদি গুণহীন হৈ গৈ আছে নেকি?– এই প্ৰশ্নবোৰ প্ৰায়ে উঠে৷ কিয়নো আমাৰ দেশত হত্যাকাৰী-বলাৎকাৰীয়ে কঠোৰ শাস্তি ভোগ নকৰাৰে অভিযোগ আছে৷ অভিযোগ আছে বলাৎকাৰী-হত্যাকাৰী-লুণ্ঠনকাৰীক কোনোদিনে মৃত্যুদণ্ড বিহা নহয়৷ অৱশ্যে যিখন দেশত আইনৰ ৰক্ষকেই যেতিয়া অপৰাধত লিপ্ত হয়, যিখন দেশৰ পৰিচালনাৰ বাঘজৰী অপৰাধীৰ হাততেই ন্যস্ত হয়, য’ত ধন লৈ নিৰাপত্তাৰক্ষীয়েই অপৰাধীক মাজ ৰাস্তাৰ পৰা এৰি দিয়ে, তেনে এখন দেশত শাস্তিৰ প্ৰতি ভয়-শংকা কৰে কোনে? আৰু ৰাজনৈতিক শক্তিৰতো কথাই নাই৷ যাৰ হাতত ৰাজনৈতিক শক্তি আছে, তেওঁলোকে যেন অপৰাধৰ লাইচেঞ্চহে লাভ কৰে৷ আৰু এই লাইচেঞ্চপ্ৰাপ্ত অপৰাধীৰ দেশত মানৱীয় গুণবোৰ বাৰু কেনেকৈ টিকি থাকে? যদি এনেকৈয়ে চলি থাকে তেনেহ’লে এইখন দেশ, এইখন সমাজ লেনিনে কোৱাৰ দৰে অস্থিৰ নহৈ হ’ব কি?
Share This