ডিজিটেল ডেস্ক : অজস্র অনুৰাগীক কন্দুৱাই যোৱা ১৯ ছেপ্টেম্বৰত আকস্মিক আৰু কায়িকভাৱে চিৰবিদায় লোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক লৈ কালি পুনৰ আৱেগিক হৈ পৰে তেজপুৰবাসী। পুনৰবাৰ গুঞ্জৰিত হ'ল জুবিন গাৰ্গৰ ন্যায়প্ৰাপ্তিৰ প্ৰসংগ।
'জুবিনৰ হত্যাকাণ্ডত জড়িতক মৃত্যুদণ্ড নতুবা যাৱজ্জীৱন কাৰাদণ্ড বিহক' আৰু 'জয় জুবিনদা' ধ্বনিৰ লগতে সমূহীয়াকৈ 'মায়াবিনী' গীতেৰে মুখৰ পৰিৱেশত তেজপুৰত উন্মোচিত হ'ল প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিমূর্তি। ৰাজ্যখনৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ একাংশ প্রতিনিধি, আত্মীয় তথা জুবিনপ্রেমী চহৰবাসীৰ উপস্থিতিত কালি তেজপুৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰথমটো পূর্ণাবয়ব মূর্তি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। বিশিষ্ট কণ্ঠশিল্পী শান্তা উজীৰ, অভিনেত্রী গীতাৱলী ৰাজকুমাৰী, অভিনেতা নয়ন নির্বাণ বৰুৱা, বাদ্যযন্ত্ৰী ৰাজা বৰুৱা আৰু জুবিনৰ খুৰায়েক অনন্ত বৰঠাকুৰে প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিমূর্তি আনুষ্ঠানিকভাবে উন্মোচন কৰে। তেজপুৰ থিয়েটাৰ একাডেমি আৰু দ-পৰ্বতীয়া উদীয়মান যুৱ সংঘৰ উদ্যোগত স্থাপিত এই প্রতিমূর্তি উন্মোচনী অনুষ্ঠানত বিধায়ক পৃথ্বীৰাজ ৰাভা, বিশিষ্ট অভিনেত্রী জাহানাৰা বেগমসহ তেজপুৰৰ সামাজিক, সাংস্কৃতিক ক্ষেত্ৰৰে জড়িত একাধিক লোক উপস্থিত থাকে। গায়ন-বায়নৰ মুখৰ শব্দ আৰু আয়তীৰ উৰুলিৰে ধ্বনিত মাংগলিক পৰিৱেশত জুবিনৰ প্ৰতিমূৰ্তি উন্মোচন কৰা এই কাৰ্যসূচীত উপস্থিত সকলো আৱেগিক হৈ পৰা পৰিলক্ষিত হয়। অভিনেতা নয়ন নির্বাণে আগবঢ়োৱা বক্তব্যত সংগীতৰ অনবদ্য অৱদানৰ উপৰি জুবিনক এজন প্রকৃতিপ্রেমীৰূপে জীয়াই ৰাখিব লাগিব বুলি মন্তব্য কৰে। বাদ্যযন্ত্ৰী ৰাজা বৰুৱাই আইনী যুঁজত জুবিনে ন্যায় পাবই বুলি উল্লেখ কৰি জুবিনৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ লগতে যুগে যুগে সৃষ্টিশীল কৰ্মৰ জৰিয়তে জুবিনক অসমীয়াই জীয়াই ৰাখিব বুলি কয়।
আনহাতে, অভিনেত্রী গীতাৱলী ৰাজকুমাৰীয়ে 'জুবিনৰ প্রতিমূর্তি উন্মোচন কৰিব লগীয়া হোৱাটো একপ্ৰকাৰ দুৰ্ভাগ্যজনক' বুলি কৈ প্ৰাণৰ শিল্পীগৰাকীক স্মৰণ কৰে। একেদৰে বহু গীতত জুবিনৰ স'তে দৈতকণ্ঠত কণ্ঠদান কৰা বিশিষ্ট কণ্ঠশিল্পী শান্তা উজীৰে স্মৃতি ৰোমন্থন কৰি জুবিনে ন্যায়প্ৰাপ্তিৰ যুঁজত জয়ী হ'বই বুলি মন্তব্য কৰাৰ লগতে 'হিয়া দিয়া নিয়া' ছবিৰ টাইটেল ছং 'নহ'লে পৰিচয় হিয়াৰে...' গুণগুণাই পৰিৱেশ আৱেগবিহ্বল কৰি তোলে। ইফালে, 'জুবিন হত্যাৰে জড়িতক আদালতে হয় মৃত্যুদণ্ড দিয়ক নাইবা যাৱজ্জীৱন কাৰাদণ্ড দিয়ক' বুলি উল্লেখ কৰিলে জুবিনৰ খুৰায়েক অনন্ত বৰঠাকুৰে। আদালতত অব্যাহত ন্যায় যুঁজৰ প্ৰতি আস্থা প্রকাশ কৰি অনন্ত বৰঠাকুৰে অসমীয়াৰ আৱেগ জুবিনে সৃষ্টি কৰা প্ৰতিটো গীতৰ গভীৰতা সম্পৰ্কেও তেওঁ উল্লেখ কৰে। আনহাতে, স্থানীয় বিধায়ক তথা বিশিষ্ট অভিনেতা পৃথ্বীৰাজ ৰাভাই বক্তব্যত দিনত অসমীয়া সংগীত জগতৰ পুৰোধা ব্যক্তিসকলৰ পাছত জুবিন ধাৰা সৃষ্টি হ'ব বুলি আশা ব্যক্ত কৰে।
অসমীয়াৰ প্রাণৰো প্ৰাণৰ আপোন শিল্পী হার্টথ্র'ব জুবিন গাৰ্গৰ প্ৰতিমূর্তি উন্মোচনে কালি সকলোকে আৱেগিক কৰি তোলা পৰিলক্ষিত হয়। ইফালে অতি কম সময়ত খৰতকীয়াকৈ নিৰ্মাণ কৰা প্ৰতিমূৰ্তিত থাকি যোৱা কিছু আসোঁৱাহ কালি দৃষ্টিগোচৰ হোৱাত উন্মোচনথলীতে একাংশ লোকে অসন্তুষ্টিসহ প্রতিক্রিয়া প্ৰকাশ কৰে। ইয়াৰ সমান্তৰালভাৱে সামাজিক মাধ্যমতো সৃষ্টি হয় ব্যাপক প্রতিক্ৰিয়াৰ। কিয়নো সকলোৰে মানসপটত ভাহি থকা অতিকে শ্ৰদ্ধাৰ তথা মৰমৰ শিল্পীগৰাকীৰ এয়া যেন মুখাবয়ৱ নহয়। জুবিন গাৰ্গৰ মুখমণ্ডলৰ লগত মিল নাই উন্মোচিত প্রতিমূৰ্তিৰ। যাৰ পৰিপ্ৰেক্ষিতত প্রতিমূর্তি স্থাপন ৰাজহুৱা দায়িত্ব মূৰ পাতি লোৱা তেজপুৰ থিয়েটাৰ একাডেমি আৰু দ-পর্বতীয়া উদীয়মান যুৱ সংঘৰ প্ৰতিনিধিয়ে ভুল স্বীকাৰ কৰি শিল্পীগৰাকীৰ লগতে অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিবলৈ বাধ্য হ'ল। খৰতকীয়াকৈ প্ৰতিমূর্তি নিৰ্মাণ কৰাত আসোঁৱাহ ৰৈ যোৱাৰ কথা স্বীকাৰ কৰি অতি কম সময়ৰ ভিতৰতে প্রতিমূৰ্তিৰ মুখমণ্ডল ঠিক কৰি দিয়াৰ প্ৰতিশ্রুতি দিয়ে উদ্যোক্তা অনুষ্ঠান দুয়োটাই।