দেশজুৰি ৩ ঘন্টা ইউ পি আইৰ সেৱা ব্যাহত 

dainik janambhumi April 13, 2025

ডিজিটেল ডেস্কঃ শনিবাৰে সমগ্র দেশত কেই বা ঘণ্টাজুৰি ইউনিফাইড পেমেন্টু ইণ্টাৰফে'চ (ইউ পি আই) বিকল হৈ পৰে। শনিবাৰে পুৱা ১১-৩০ বজাৰ পৰা ১ বজালৈ ইউ পি আই যোগে লেনদেন আটাইতকৈ বেছি বিফল হয়। বিয়লি ৩ বজালৈ লেনদেনত অসুবিধাৰ সৃষ্টি হয়।

 উল্লেখযোগ্য যে যোৱা ২০ দিনত ইউ পি আই লেনদেন বিকল হোৱা এয়া তৃতীয়টো ঘটনা। ৱেবছাইট আৰু অনলাইন সেৱাৰ স্থিতিৰ বিষয়ে জনোৱা প্লেটফর্ম ডাউন ডিটেক্টৰৰ মতে সমস্যাত ভোগা গ্রাহকসকলৰ ৮১ শতাংশই ধনৰ লেনদেনত, ১৭শতাংশই ফাণ্ড ট্রেন্সফাৰ আৰু ২ শতাংশই সামগ্রী ক্রয়ত অসুবিধা পায়। 

নেশ্যনেল পে'মেণ্টছ কৰ্প'ৰেশ্যন অব ইণ্ডিয়াই জনায় যে মাজে মাজে হোৱা কাৰিকৰী বিজুতিৰ বাবে, ইউ পি আই লেনদেনত অসুবিধা সৃষ্টি হৈছে আৰু তেওঁলোকে এই সমস্যা সমাধানৰ চেষ্টা কৰি আছে। 

শনিবাৰে পুৱা ১১-৩০ বজাত এই সমস্যাৰ আৰম্ভ হয়। তেতিয়া ৯০০ লোকে প্লেটফর্মত জনায় (ডাউন ডিটেক্টৰ)। দুপৰীয়া ১ বজাত সর্বাধিক ২৪০০ লোকে প্লেটফৰ্মত সমস্যাৰ বিষয়ে জনায়।

 বিয়লি ২-৩০ বজাৰ পৰা সমস্যাৰ লাহে লাহে সমাধান হ'বলৈ ধৰে।

Share This