ডিজিটেল ডেস্ক: মধ্যপ্রাচ্যৰ যুদ্ধৰ অন্ত পেলাবলৈ আলোচনার্থে ইৰান-আমেৰিকাৰ প্ৰতিনিধি কাটাৰত মিলিত হোৱাৰ সময়তে সোমবাৰে ওৰে নিশা আমেৰিকা যুক্তৰাষ্ট্ৰই নতুনকৈ ইৰান আক্ৰমণ কৰে।
আমেৰিকাই কয় যে আমেৰিকাই দক্ষিণ ইৰানৰ মিছাইল উৎক্ষেপণ স্থানসমূহ তথা হৰমুজ প্রণালীৰ সমীপত মাইন পুতিবলৈ চেষ্টা কৰা নাৱত এলানি আক্রমণ চলায়। আমেৰিকাৰ চেন্ট্রল কমাণ্ডে কয় যে 'আত্মৰক্ষা'ৰ বাবে উক্ত আক্ৰমণসমূহ কৰা হৈছিল। ইয়াৰ উদ্দেশ্য আছিল ইৰানৰ সামৰিক বাহিনীৰ পৰা অহা ভাবুকিৰ পৰা আমেৰিকাৰ সৈন্যক নিৰাপত্তা দিয়া।
বাতৰি মতে, দক্ষিণ ইৰানৰ বন্দৰ মহানগৰ তথা এক ইৰানী নৌ ঘাটি বান্দাৰ আব্বাচত উক্ত আক্ৰমণবোৰ চলোৱা হৈছিল। এই বান্দাৰ আব্বাচ হৈছে হৰমুজ প্রণালীতে। ইফালে ইৰানে দাবী কৰে যে তেওঁলোকে আমেৰিকাৰ এখন এম কিউ-৯ ড্র'ন ভূপাতিত কৰে আৰু ইৰানৰ আকাশ মণ্ডলত প্ৰৱেশ কৰা এখন বিমানলৈও গোলাবর্ষণ কৰে।
ইৰানৰ সামৰিক বাহিনী ইছলামিক ৰিভলিউশ্যনেৰী গার্ড ক'ৰ (আই আৰ জি চি)-এ সকীয়াই দিয়ে যে যদি আমেৰিকাই যুদ্ধবিৰতি উলংঘন কৰে, তেন্তে ইৰানৰো প্ৰত্যুত্তৰ দিয়াৰ অধিকাৰ আছে। ইয়াৰ মাজতে ইৰানৰ সৰ্বোচ্চ নেতা মুজতবা খামেনেয়ে বিবৃতি জাৰি কৰে। তেওঁ কয় যে মধ্যপ্রাচ্যৰ শক্তিবোৰ এতিয়া আমেৰিকা সেনাৰ ঢাল হৈ নাথাকিব আৰু এই অঞ্চলত আমেৰিকাৰ বাবে কোনো সুৰক্ষিত স্থান নাই।