ডিজিটেল ডেস্ক : মধ্য প্রাচ্যত দীর্ঘদিন ধৰি সংঘৰ্ষত লিপ্ত থকা ইজৰাইল আৰু লেবাননৰ মাজত আমেৰিকাৰ মধ্যস্থতাত এখন শান্তি চুক্তি স্বাক্ষৰিত হয়। আমেৰিকাৰ ৱাশ্বিংটনত চাৰি দিনৰ আলোচনাৰ পাছত শুকুৰবাৰে এই শান্তি চুক্তিখনত স্বাক্ষৰ কৰে আমেৰিকা, ইজৰাইল আৰু লেবাননে। শান্তি চুক্তি স্বাক্ষৰ অনুষ্ঠানটোৰ সময়ত মার্কিন বিদেশ সচিব মার্ক' ৰুবিঅ'ই কয় যে আমেৰিকাৰ মধ্যস্থতাত লেবানন আৰু ইজলাইল চৰকাৰে শান্তি চুক্তি এখনত স্বাক্ষৰ কৰে। ৰুবিঅ'ই কয় যে মধ্য প্রাচ্যৰ দুয়োখন দেশৰ মাজত শান্তি প্রক্রিয়া আৰম্ভ হৈছে। আমেৰিকাস্থিত লেবাননৰ ৰাষ্ট্ৰদূত নাদা হামাদেহ মোৱাৱাডে এই শান্তি চুক্তিৰ গাঁথনিক লেবাননৰ সাৰ্বভৌমত্ব আৰু আঞ্চলিক সুৰক্ষাৰ প্ৰথমটো পদক্ষেপ বুলি আখ্যা দিয়ে।
শান্তি চুক্তিখনৰ পাছতেই পূৰ্বে ৰেকৰ্ড কৰা এটা ভিডিঅ' বাৰ্তা জাৰি কৰি শুকুৰবাৰে ইজৰাইলী প্রধানমন্ত্রী বেঞ্জামিন নেটান্যাহুৱে কয় যে ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে (আইডি এফ) দক্ষিণ লেবাননৰ দুটা স্থানৰ পৰা ইজৰাইলী সৈন্য প্ৰত্যাহাৰ কৰিব। এটা স্থান হৈছে লিটানী নদীৰ উত্তৰ অঞ্চলৰ পৰা আৰু আনটো স্থান হৈছে নদীখনৰ দক্ষিণ অঞ্চলৰ পৰা। নেটান্যাহুৱে আৰু কয় যে লেবাননত ইজৰাইলী সৈন্যক পুনৰ মোতায়েন কৰাৰ বর্তমান সময়ত প্রয়োজনীয়তা নাই। নেটান্যাহুৱে কয় যে এই শান্তি চুক্তিখন হৈছে ইজৰাইলৰ বাবে প্ৰধান বিজয়ৰ লক্ষণ। তেওঁ কয় যে হিজবুল্লাই অস্ত্র সম্বৰণ নকৰালৈকে ইজৰাইলে লেবাননৰ পৰা সৈন্য সম্পূর্ণরূপে প্ৰত্যাহাৰ নকৰে। ইৰানৰ বাবেও এই শান্তি চুক্তিখন মোক্ষম আঘাত বুলি নেটান্যাহুৱে মন্তব্য কৰে। উল্লেখযোগ্য যে ইজৰাইল-আমেৰিকাই ইৰানত আক্ৰমণ কৰাৰ পাছত ইৰান সমৰ্থিত সন্ত্রাসবাদী গোট হিজবুল্লাই যোৱা ২ মাৰ্চত ইজৰাইলৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল। ইফালে, ইৰান সমৰ্থিত সন্ত্রাসবাদী গোট হিজবুল্লাই এই শান্তি চুক্তিখন নাকচ কৰিছে।
হিজবুল্লাই সতৰ্ক কৰি দিয়ে যে এই শান্তি চুক্তিয়ে বহল পৰিসৰত সংঘৰ্ষ নাইকিয়া কৰাত বাধাৰ সৃষ্টি কৰিব। হিজবুল্লাই কয় যে এই শান্তি চুক্তিৰ কাৰ্যকৰী দিশত কোনো অর্থ নাই। হিজবুল্লাই লেবাননত গৃহ যুদ্ধ হোৱাৰ হুংকাৰ দিয়ে। আনহাতে, ইৰানে যুক্তি প্ৰদৰ্শন কৰে যে হিজবুল্লাক আঁতৰত ৰাখি কৰা এই শান্তি চুক্তিৰ কোনো অর্থ নাই। এই সংঘর্ষ হিজবুল্লা আৰু ইজৰাইলৰ মাজতহে চলি আছে। গতিকে, চূড়ান্ত নিষ্পত্তিৰ সময়ত হিজবুল্লাৰ প্ৰতিনিধি থকাটো অতি আৱশ্যক আছিল বুলি ইৰানে মন্তব্য কৰে।