ডিজিটেল ডেস্ক : আমেৰিকাত কোনোধৰণৰ নথি-পত্ৰ নথকাকৈ বাস কৰা প্ৰায় ১৮ হাজাৰ ভাৰতীয়ক দেশখনৰ পৰা বহিষ্কাৰ কৰা হ'ব। ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে দেশখনত কোনোধৰণৰ নথি-পত্র নথকাকৈ বাস কৰি থকা আন দেশৰ নাগৰিকক বিতাৰণ কৰাৰ অভিযান আৰম্ভ কৰাৰ প্ৰস্তুতি চলাই আছে।
এইবাৰ ট্রাম্প প্রশাসনে বিতাৰণৰ বাবে সেনাকো কামত লগোৱাৰ কথা বিবেচনা কৰি আছে। ট্রাম্পৰ প্রব্রজন সীমা শুল্ক আৰু আইন বলবৎকাৰী (আই চি ই) বিভাগৰ দলে একেৰাহে তালাচী অভিযান চলাই আছে। নিউয়র্ক, টেক্সাছ, কেলিফর্নিয়া আৰু নিউ জাৰ্ছীত কোনোধৰণৰ বৈধ নথি-পত্র নথকাকৈ বাস কৰা বিদেশী নাগৰিকক ডিটেনশ্যন চেণ্টাৰত অমানৱীয় পৰিস্থিতিত ৰখাৰ অভিযোগ উঠিছে।
ইয়াত ৰখা লোকসকলক দুর্ব্যৱহাৰো কৰা হৈছে। ট্রাম্প প্রসাশনে বহিষ্কাৰ কৰিবলগীয়া আন দেশৰ নাগৰিকসকলক ৰখাৰ বাবে এল পাছোত এটা আৰু কেলিফর্নিয়াত দুটা গুদাম ঘৰৰ ব্যৱস্থা কৰিছে।