ডিজিটেল ডেস্ক :বেছিভাগ লোকৰে দিনটো আৰম্ভ হয় একাপ চাহেৰে। চাহ প্ৰায়ভাগ লোকৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ। আজিৰ সময়ত ব্যস্ততাপূৰ্ণ জীৱনশৈলীৰ বাবে মানুহে পৰ্যাপ্ত সময় নাপায়৷ সাধাৰণ ধৰণে চাহ বা গ্ৰীন টী বনাবলৈ অলপ সময় লাগে, সেয়ে এই সময় কম কৰিবলৈ মানুহে টী বেগ ব্যৱহাৰ কৰে ৷ কিন্তু আপুনি জানেনে যে টী বেগ ব্যৱহাৰ কৰাটো শৰীৰৰ বাবে অতি বিপজ্জনক হ’ব পাৰে ৷ ইয়াৰ সেৱনে কেঞ্চাৰৰ দৰে গুৰুতৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে ৷
টী বেগৰ চাহ খালে শৰীৰৰ কেনেদৰে ক্ষতি কৰিব পাৰে জানো আহক
টী বেগত অতিৰিক্ত কেফেইন থাকে, যিয়ে শৰীৰৰ বহু ক্ষতি কৰে ৷
টী বেগৰ অত্যধিক ব্যৱহাৰে তেজৰ গ্লুক’জ বৃদ্ধি পাব পাৰে ৷ যাৰ ফলত শৰীৰত বৃহৎ ক্ষতি কৰিব পাৰে।
টী বেগত থকা ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থই শৰীৰৰ ক্ষতি কৰিব পাৰে ৷ ইয়াৰ ফলত কেঞ্চাৰৰ দৰে ৰোগৰ সম্ভাৱনা বৃদ্ধি পায় ৷
টী বেগবোৰত মাইক্ৰ'প্লাষ্টিক খুবেই বেছি থাকে যেতিয়া টী বেগ গৰম পানীত ডুবাই দিয়া হয় তেতিয়া মাইক্ৰ’প্লাষ্টিক বাহিৰ হৈ পানীত মিহলি হৈ যায়, যিয়ে আমাৰ শৰীৰত প্ৰৱেশ কৰি বিভিন্ন মাৰাত্মক ৰোগৰ সৃষ্টি কৰিব পাৰে।