ডিজিটেল ডেস্কঃ ভাৰতীয় সংগীতৰ বাদ্যযন্ত্ৰৰ শব্দসমূহ বাহনৰ হর্ন হিচাপে ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰিবলৈ এখন আইন প্রণয়নৰ বিবেচনা কৰি আছে ভাৰত চৰকাৰে।
কেন্দ্রীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গডকাৰিয়ে সোমবাৰে এই কথা ঘোষণা কৰে। এটা অনুষ্ঠানত ভাষণ দি গডকাৰিয়ে কয় যে বাঁহী, তবলা, ভায়লিন আৰু হাৰমনিয়ামৰ দৰে শব্দসমূহ ব্যৱহাৰ কৰি বাহনৰ হৰ্নৰ শব্দ অধিক সুমধুৰ কৰাৰ লক্ষ্য লৈছে কেন্দ্ৰীয় চৰকাৰে। তেওঁ আৰু কয় যে দেশৰ বায়ু প্ৰদূষণৰ ক্ষেত্ৰত ৪০ শতাংশ বায়ু প্ৰদূষণ পৰিবহণ খণ্ডৰ পৰা হয়। এই বিষয়ত ফলপ্রসূ সমাধান উলিয়াবলৈ মোদী চৰকাৰে বাহনসমূহৰ বাবে মিথানল আৰু ইথানলৰ দৰে সেউজীয়া আৰু জৈৱ ইন্ধন ব্যৱহাৰ কৰিবলৈ উদগনি জনাই আহিছে।
দেশৰ অটোম'বাইল উদ্যোগৰ সামৰ্থ্যৰ বিষয়ত আলোকপাত কৰি গডকাৰিয়ে কয় যে দুচকীয়া আৰু কাৰসমূহ ৰপ্তানি কৰি দেশে গুৰুত্বপূৰ্ণ ৰাজহ সংগ্ৰহ কৰিছে। ২০১৪ চনত অটোম'বাইল উদ্যোগটো ১৪ লাখ কোটি টকা মূল্যৰ আছিল আৰু এতিয়া বিকাশ হৈ ২২ লাখ কোটি টকা হ'ল।
কেন্দ্রীয় মন্ত্রী গডকাৰিয়ে আৰু কয় যে জাপানক অতিক্রম কৰি ভাৰতে বিশ্বৰ তৃতীয় বৃহত্তম অটোম'বাইল খণ্ডৰ বজাৰ হিচাপে আমেৰিকা আৰু চীনৰ পাছতেই স্থান লাভ কৰিছে।