এনৰেগাৰ স্থান ল'ব 'ভি বি-জি ৰামজি'য়ে

dainik janambhumi December 16, 2025

ডিজিটেল ডেস্ক : কেন্দ্ৰীয় চৰকাৰে গ্রামীণ নিয়োগ প্রণালীত আমূল পৰিৱৰ্তন সাধন কৰিব। চৰকাৰে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিতি আইনৰ (এম জি এনৰেগা) স্থানত এখন নতুন আইন প্রণয়ন কৰিব। এই নতুন আইনখনে এম জি এনৰেগাৰ স্থান ল'ব। আন কথাত কেন্দ্ৰীয় চৰকাৰে এম জি এনৰেগাৰ অন্ত পেলোৱাৰ বাবে প্রচেষ্টা আৰম্ভকৰিছে।কালি নতুন আইনৰ প্রতিলিপি লোক সভাৰ সাংসদসকলক দিয়া হয়। এই নতুন বিধেয়কখনৰ নাম দিয়া হৈছে বিকশিত ভাৰত গেৰাণ্টি ফৰ ৰোজগাৰ এণ্ড আজীৱিকা মিছন (গ্রামীণ) (ভি বি-জি ৰাম জি) ২০২৫। 

এই নতুন বিধেয়কখনত প্রতিটো গ্রাম্য পৰিয়ালক প্রতিটো বিত্তীয় বর্ষত ১২৫ দিনৰ শ্রমিক নিয়োগৰ সাংবিধানিক নিশ্চয়তা দিব। সংসদত অচিৰেই এই বিধেয়কখনক লৈ বিতর্ক হোৱাৰ সম্ভাৱনা আছে। নতুন বিধেয়কখন আইনত পৰিণত হোৱাৰ পাছত গ্রামাঞ্চলৰ যিবিলাক পৰিয়ালৰ যুৱ সদস্যই অনুকূল শাৰীৰিক কাৰ্য কৰাৰ বাবে নিজকে প্রস্তুত কৰে তেনে পৰিয়ালে নিয়োগৰ নিশ্চিতি লাভ কৰিব। এই বিধেয়কত কৰা প্ৰস্তাৱ অনুসৰি কাম সম্পূৰ্ণ হোৱাৰ এসপ্তাহ বা ১৫ দিনৰ ভিতৰত পাৰিশ্ৰমিক লাভকৰিব। যদি নিৰ্ধাৰিত সময়ৰ ভিতৰত পাৰিশ্ৰমিক দিয়া নহয় তেতিয়া নিবনুৱা ভাত্তাও দিয়া হ'ব। ইফালে বিধেয়কখন সংসদত উত্থাপন হোৱাৰ আগতেই বিজেপিয়ে নিজৰ সাংসদসকললৈ হুইপ জাৰি কৰে। হুইপত বিজেপিৰ সকলো সাংসদক ১৫-১৯ ডিচেম্বৰলৈ সংসদত উপস্থিত থাকিবলৈ নির্দেশ দিয়া হৈছে। নতুন বিধেয়কত প্রতিটো বিত্তীয় বর্ষত কাম কৰা দিনৰ সংখ্যা ১০০ দিনৰ পৰা ১২৫ দিনলৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ লগতে বিশেষ কাৰণত অতিৰিক্ত ৫০ দিনৰ কাম দিয়া হ'ব। 

উল্লেখযোগ্য যে এম জি এনৰেগাত কৰ্মদিনৰ সংখ্যা ১০০ দিন। ইয়াৰ লগতে বিশেষ কাৰণ আৰু পৰিস্থিতিত অতিৰিক্ত ৫০ দিনৰ কাম কৰাৰ সুযোগ দিয়া হয়। ভি বি-জি ৰাম জি বিধেয়কত কৰা প্ৰস্তাৱ অনুসৰি নতুন আঁচনিখনে ৰাজ্যসমূহৰ বিত্তীয় বোজা বৃদ্ধি কৰিব। ইয়াত বিত্তৰ যোগান ধৰাৰ ক্ষেত্ৰত নতুন প্ৰস্তাৱ কৰা হৈছে। ইয়াৰ অধীনত এই আঁচনিত হোৱা ব্যয় কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ উভয়ে বহন কৰিব লাগিব। ইয়াত কৰা প্ৰস্তাৱ অনুসৰি ভি বি-জি ৰাম জিৰ অধীনত হ'বলগীয়া ব্যয়ৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চল আৰু হিমালয়ৰ পাহাৰীয়া ৰাজ্যসমূহৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত ব্যয়ৰ অনুপাত হ'ব ৯০:১০। আন ৰাজ্যবোৰৰ ক্ষেত্ৰত এই অনুপাত হ'ব ৬০:৪০। আন কথাত উত্তৰ-পূৰ্বাঞ্চল আৰু পাহাৰীয়া ৰাজ্যসমূহত এই আঁচনিত হোৱা ব্যয়ৰ ৯০% বহন কৰিব কেন্দ্ৰীয় চৰকাৰে আৰু ১০% বহন কৰিব ৰাজ্য চৰকাৰে। আন ৰাজ্যবোৰৰ ক্ষেত্ৰত মুঠ ব্যয়ৰ ৬০% কেন্দ্রীয় চৰকাৰে আৰু ৪০% ৰাজ্য চৰকাৰে বহন কৰিব লাগিব। 

আনহাতে বিধানসভা নথকা কেন্দ্রীয়শাসিত অঞ্চলসমূহত সম্পূর্ণ ব্যয় কেন্দ্ৰীয় চৰকাৰে বহন কৰিব। বিধেয়কখনৰ ৪ (৫) ধাৰাত এইবুলি কোৱা হৈছে যে প্রতিটো বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য অনুসৰি নিৰ্ধাৰিত মানৰ আৱণ্টন কৰিব। আনহাতে ৪ (৬) ধাৰাত কোৱা হৈছে যে কোনো ৰাজ্যই নির্ধাৰণ কৰা আবণ্টনতকৈ অধিক ধন ব্যয় কৰিলে এনেকুৱা প্ৰক্ৰিয়াৰে ইয়াক বহন কৰা হ'ব যাতে ইয়াক কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰিব পাৰে। ইফালে নতুন বিধেয়কখনত কৃষিৰ বতৰত কাম বন্ধ ৰখাৰ ব্যৱস্থা কৰা হৈছে। বিধেয়কখনত কৰা প্ৰস্তাৱ অনুসৰি কাম সৰ্বাধিক দুমাহ বন্ধ ৰাখিব পাৰিব। ইয়াৰ ভিতৰত খেতি কৰা তথা চপোৱাৰ সময় আৰু ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰা সময়ো আছে। উল্লেখযোগ্য যে পূৰ্বতে এই বিধেয়কখনৰ নাম পূজ্য বাপুজী গ্রামীণ ৰোজগাৰ যোজনা হ'ব বুলি প্রকাশ পাইছিল।

Share This