ডিজিটেল ডেস্ক : ভাৰত চৰকাৰে চলিত বৰ্ষৰ শেষৰফালে পথ পৰিবহণ খণ্ডত অত্যাধুনিক প্রযুক্তিসম্পন্ন এটা যাতায়াত সংযোগ পদ্ধতি প্ৰৱৰ্তন কৰাৰ প্রস্তুতি চলাইছে। 'ভেহিকল টু ভেহিকল' (ভি২ভি) এই যাতায়াত সংযোগী প্রযুক্তি ২০২৬ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত প্ৰৱৰ্তন কৰা হ'ব। এই পদ্ধতিত এখন বাহনে আন এখনৰ সৈতে সংকেতৰ জৰিয়তে কোনো এটা নেটৱৰ্ক নোহোৱাকৈ পোনপটীয়াকৈ সংযোগ স্থাপন কৰিব পাৰিব। সমগ্র দেশত দুর্ঘটনা হ্রাস কৰি পথ সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ বাবে এই পদক্ষেপ লোৱা হৈছে।
এই অত্যাধুনিক প্রযুক্তি বিশেষকৈ পথৰ কাষত ৰাখি থোৱা বাহনৰ ক্ষেত্রত হোৱা দুৰ্ঘটনা ৰোধ কৰাত ফলপ্রসূ হ'ব। তদুপৰি দ্রুতবেগী বাহনে আন এখন বাহনক খুন্দা মৰাৰ ফলত হোৱা দুর্ঘটনাও ৰোধ কৰাত সহায়ক হ'ব। আনহাতে, শীতকালত ঘন কুঁৱলীৰ বাবে এখন গাড়ীৰ সৈতে আন এখন গাড়ীৰ সংঘর্ষও প্রতিহত কৰিব এই অত্যাধুনিক প্রযুক্তিয়ে।
এই পদ্ধতিৰ জৰিয়তে বাহনসমূহে ইখনে-সিখনৰ সৈতে সংকেত বিনিময় কৰিব আৰু এখন বাহন বিপজ্জনকভাৱে আন এখনৰ সমীপলৈ আহিলে চালকক সতর্ক কৰি দিব। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাই পথ মন্ত্রী নীতিন গডকাৰিয়ে ৰাজ্যসমূহৰ পৰিবহণ মন্ত্ৰীসকলৰ সৈতে বার্ষিক বৈঠকৰ পাছত এই নতুন পদক্ষেপৰ বিশদ তথ্য শ্বেয়াৰ কৰে। মন্ত্রী গডকাৰিয়ে কয় যে শীঘ্রেই এই প্রযুক্তি ৰূপায়ণ কৰা হ'ব।