'ভিলেজ ৰকষ্টাৰ্ছ-২'ত অনবদ্য অভিনয়
অজন্তা-ইলোৰা আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত ভনীতা শ্রেষ্ঠ অভিনেত্রী
ডিজিটেল ডেস্কঃ 'ভিলেজ ৰকষ্টাৰ্ছ-২'ত কৰা অভিনয়ৰ বাবে ৰজত কমল বঁটা বিজয়ী ভনীতা দাসে ভিলেজ ৰকষ্টাৰ্ছ-২'ত কৰা অনবদ্য অভিনয়ৰ বাবে পুনৰ উজলি উঠিল। বিশ্ব ঐতিহ্যক্ষেত্র অজন্তা-ইলোৰা গুহা চৌহদত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় কথাছবি মহোৎসৱত ছয়গাঁৱৰ দগাঁও কালাৰদিয়া গাঁও নিৱাসী তথা ছয়গাঁও মহাবিদ্যালয়ৰ ছাত্রী ভনীতাই শ্রেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়।
মহাৰাষ্ট্ৰৰ বিশ্ব ঐতিহ্যক্ষেত্ৰখনত যোৱা ১৯ জানুৱাৰীত সামৰণি পৰা অজন্তা ইলোৰা আন্তঃৰাষ্ট্ৰীয় কথাছবি মহোৎসৱত ৰীমা দাস পৰিচালিত কথাছবিখনে প্রতিযোগিতাৰ শিতানত অংশগ্ৰহণৰ বাবে নিমন্ত্ৰিত হৈছিল। ভনীতাৰ শ্ৰেষ্ঠ অভিনয়ৰ লগতে 'ভিলেজ ৰকষ্টাৰ্ছ-২' কথাছবিখনো বিচাৰকৰ দ্বাৰা বিশেষভাৱে সমাদৃত হয়।