কাইলৈ চিত্ৰগৃহলৈ ৰীমা দাসৰ 'ভিলেজ ৰকষ্টাৰ্ছ-২'

dainik janambhumi March 05, 2026

ডিজিটেল ডেস্ক : অন্ত পৰিব অসমৰ সকলো চলচ্চিত্ৰ ৰসিকৰ এক দীর্ঘদিনীয়া প্রতীক্ষাৰ। অহা ৬ মাৰ্চত ৰাজ্যজুৰি মুক্তি পাব আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন প্রসিদ্ধ চিত্ৰনিৰ্মাতা ৰীমা দাসৰ বহু প্রশংসিত ছবি 'ভিলেজ ৰকষ্টাৰ্ছ-২'। অস্কাৰৰ মঞ্চত প্ৰৱেশ কৰা প্ৰথমখন অসমীয়া ছবি 'ভিলেজ ৰকষ্টাৰ্ছ'ৰ চিকুৱেল 'ভিলেজ ৰকষ্টাৰ্ছ-২'। ইতিমধ্যে বিশ্বৰ বহু অগ্রণী চলচ্চিত্র মহোৎসৱত ছবিখন প্ৰদৰ্শিত, পুৰস্কৃত আৰু প্রশংসিত হৈছে। ২০২৫ বর্ষত বার্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ইউৰোপীয়ান প্রিমিয়াৰ হৈছিল 'ভিলেজ ৰকষ্টাৰ্ছ-২'ৰ। 

বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ছবিখনে লাভ কৰিছিল 'Kim Jeseok Award'। 'ভিলেজ ৰকষ্টাৰ্ছ-২'ৰ পৰিচালনাৰ বাবে ৰীমা দাসে লাভ কৰিছিল 'নিউৱৰ্ক ব'মেন ইন ফিল্ম এণ্ড টেলিভিছন এৱাৰ্ড'। উল্লেখযোগ্য যে পৰিৱৰ্তিত সময়ে ক্ষিপ্ৰতাৰে কাঢ়ি নিয়া অসমৰ গাঁৱৰ নিভাঁজ ছবি আৰু জীৱন সংগ্রামক অকৃত্ৰিম আৰু প্ৰাণস্পর্শী ৰূপত চিত্ৰিত কৰা 'ভিলেজ ৰকষ্টাৰ্ছ' ছবিখনে দেশে-বিদেশে সৃষ্টি কৰিছিল আলোড়নৰ। ৰীমা দাসৰ এই ছবিখনে প্ৰথমবাৰলৈ অসমলৈ কঢ়িয়াই আনিছিল শ্রেষ্ঠ ছবিৰ স্বৰ্ণকমল বঁটা। ভাৰত চৰকাৰে অস্কাৰৰ মনোনয়নৰ বাবে প্ৰেৰণ কৰা ছবিখন বিশ্বজুৰি সামাদৃত আৰু প্রশংসিত হৈছিল। এতিয়া মুক্তিৰ বাবে সাজু হৈছে ভাৰতৰ হৈ অস্কাৰলৈ আনুষ্ঠানিক প্ৰৱেশ ঘটা বহুচর্চিত ছবিখনৰ চিকুৱেল 'ভিলেজ ৰকষ্টাৰ্ছ-২'। 

'ভিলেজ ৰকষ্টাৰ্ছ'ৰ প্ৰ'টাগনিষ্ট ধুনুক এইবাৰ ডাঙৰ আৰু নতুন ৰূপত দেখা যাব। নতুন ছবিখন সন্দৰ্ভত পৰিচালক ৰীমা দাসে কয়- 'ভিলেজ ৰকষ্টাৰ্ছ-২' কেৱল এখন চিনেমা নহয়, ১০ বছৰ ধৰি হৃদয়ত অৱগাহন কৰি থকা এটা প্রিয় সপোন, সংগীত আৰু আৱেগৰ নাম। তাহানিৰ ধুনুজনী এতিয়া ডাঙৰ হ'ল, সাহসী হ'ল। কিন্তু এতিয়াও তাই হৃদয়ত বান্ধি থৈছে তাইৰ প্ৰিয় গাঁওখনক। ৬ মাৰ্চত ৰাজ্যজুৰি মুক্তি পাবলগীয়া ছবিখনে অসমৰ সকলো চিত্ৰানুৰাগীৰ দীৰ্ঘদিনীয়া অপেক্ষা আৰু উৎকণ্ঠাৰ অৱসান ঘটাব।

Share This