মণিপুৰত আকৌ হিংসাৰ দাবানল, নগা-কুকি লোকৰ বহু ঘৰত জুই

dainik janambhumi February 11, 2026

ডিজিটেল ডেস্ক : মণিপুৰৰ উখৰুল জিলাত পুনৰ হিংসাৰ অগনি জ্বলিছে। দুর্বৃত্তই কেইবাটাও ঘৰত অগ্নিসংযোগ কৰাৰ ফলত ভালেমান লোক গৃহহীন হৈ পৰে। হিংসাত্মক ঘটনাত ভালেমান লোক আহত হোৱাৰ বাতৰিও পোৱা গৈছে। কালি পুৱাৰ ভাগত গুলীয়াগুলীৰ বাতৰিও পোৱা গৈছে। নগা জনবসতি প্রধান জিলাখনৰ লিতান ছাৰেখোং এলেকাত কালিৰে পৰা পৰিস্থিতি উত্তেজনাপূর্ণ হৈ আছে আৰু নগা তথা কুকী সম্প্ৰদায়ৰ ঘৰত অগ্নিসংযোগ কৰি থকা হৈছে। চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি সংবাদ মাধ্যমে প্রকাশ কৰা মতে এই অঞ্চলটোত দেও আৰু সোমবাৰৰ মাজত প্রায় ৩০টা ঘৰত অগ্নি সংযোগ কৰা হয়। ইয়াৰে ২৫টা স্থানীয় লোকৰ ঘৰ আৰু বাকী পাঁচটা চৰকাৰী বাসভৱন। ইয়াৰ পাছত কালি পুৱাও ভালেমান ঘৰত অগ্নিসংযোগ কৰা হয়। অগ্নিসংযোগ কৰা ঘৰৰ প্ৰকৃত সংখ্যা এতিয়ালৈকে স্পষ্ট হোৱা নাই, কিন্তু স্থানীয় লোকৰ মতে কালি পুৱাৰ ভাগত দহটাতকৈ অধিক ঘৰত অগ্নি সংযোগ কৰা হয়। কালি পুৱা লিতানত কেইবা ঘণ্টা ধৰি প্ৰচণ্ড গুলীয়া-গুলীৰ শব্দও শুনিবলৈ পোৱা যায়, কিন্তু গুলীয়া-গুলীৰ এই ঘটনাত কোন জড়িত সেই কথা প্রকাশ পোৱা নাই। এই ঘটনাই গাঁওখনৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলবোৰত উত্তেজনা তথা শংকাৰ পৰিৱেশৰ সৃষ্টি কৰে। তেওঁলোকে প্রকাশ কৰা মতে এই গুলীয়া-গুলী চলি থকাৰ সময়তে ভালেমান ঘৰত অগ্নি সংযোগ কৰা হয়।

এই ঘটনাই ৰাজ্যখনত অব্যাহত থকা গোষ্ঠীগত উত্তেজনা অধিক গুৰুতৰ কৰি তোলাৰ আশংকাও কৰা হৈছে। মন কৰিবলগীয়া যে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ (বি এন এছ) ১৬৩ ধাৰাৰ অধীনত নিষেধাজ্ঞা অব্যাহত থকাৰ লগতে সেনা আৰু অর্ধসামৰিক বাহিনী মোতায়েন হৈ থকাৰ মাজতে জিলাখনত হিংসাত্মক ঘটনা ঘটে। অঞ্চলটোত কালি পুৱা কেইবাটাও ঘৰত অগ্নি সংযোগ কৰাৰ পাছত জিলাখনত সান্ধ্য আইন জাৰি কৰাৰ লগতে পাঁচ দিনৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হয়। আৰক্ষীৰ এজন বিষয়াই জনোৱা মতে, কালি পুৱা লিতান ছাৰেখোং গাঁৱত অস্ত্র-সস্ত্ৰৰে সজ্জিত দুষ্কৃতিকাৰীয়ে কেইবা ৰাউণ্ড গুলীচালনা কৰে। ইয়াৰ লগতে গাঁওখনৰ কেইবাটাও ঘৰত অগ্নি সংযোগ কৰে। বিষয়াজনৰ মতে, পৰিস্থিতি উত্তেজনাপূর্ণ হৈ আছে আৰু নিয়ন্ত্রণলৈ অনাৰ চেষ্টা কৰি থকা হৈছে। অঞ্চলটোত টাংখুল নগা আৰু কুকী সম্প্ৰদায়ৰ মাজত হিংসাৰ সূত্রপাত হয় সুৰাৰ নিচাত হোৱা কাজিয়াৰ পৰা। অভিযোগ মতে টাংখুল নগা সম্প্ৰদায়ৰ এজন যুৱকক যোৱা ৭ ফেব্ৰুৱাৰীৰ সন্ধিয়া গাঁওখনত মাৰপিট কৰা হৈছিল। পাছত হিংসা গাঁওখনৰ দাঁতিকাষৰীয়া গাঁওবোৰলৈও প্ৰসাৰিত হয়। ইফালে উত্তেজনা অব্যাহত থকাত কোনো ধৰণৰ চৰকাৰী সহায় নোপোৱাকৈ অঞ্চলটোৰ জনসাধাৰণে প্ৰাণৰ ভয়ত ঘৰ-বাৰী এৰি পলায়ন কৰে। বিভিন্ন সংবাদ মাধ্যমত প্রকাশিত বাতৰি মতে দুদিনে লিতান ছাৰেখোং আৰু ইয়াৰ দাঁতি কাষৰীয়া গাঁওবোৰৰ পৰা কুকী আৰু টাংখুল সম্প্ৰদায়ৰ শ শ লোকে ঘৰ-বাৰী এৰি পলায়ন কৰে। ইয়াৰে অধিকাংশ হ'ল মহিলা, শিশু আৰু বৃদ্ধ। ভালেমান লোকে কুকী জনবহুল কাংপোকপী জিলাৰ ম'টবুং আৰু চাইকুলত আশ্রয় লৈছে। উল্লেখযোগ্য যে ৰাজধানী ইম্ফলৰ পৰা ৩৫ কিল'মিটাৰ নিলগত লিতান এক সৰু ব্যাৱসায়িক কেন্দ্র। ইয়াত দুয়োটা সম্প্ৰদায়ৰ লোকে বাস কৰে।

ৰাজ্যখনৰ নতুন মুখ্যমন্ত্রী য়ুমনাম খেমচান্দ সিঙে কালি হিংসাত্মক ঘটনাত আহতসকলক চিকিৎসা কৰি থকা ৰিজিঅ'নেল ইনষ্টিটিউট অব মেডিকেল ছায়েন্সেজলৈ গৈ তেওঁলোকৰ স্বাস্থ্যৰ বুজ লয়। তেওঁ জনসাধাৰণক শান্তি অব্যাহত ৰাখিবলৈ আহবান জনায়। ইফালে ৰাজ্যখনৰ উপমুখ্যমন্ত্ৰী তথা নগা নেতা লছি ডিখ'ই অঞ্চলটোত শিবিৰ পাতি স্থানীয় লোকৰ সৈতে আলোচনা কৰি শান্তি ঘূৰাই অনাৰ চেষ্টা কৰি আছে। তেওঁ কেইবাটাও সংগঠনৰ নেতাৰ সৈতে আলোচনাও কৰে। ইফালে অশান্তিৰ ফলত উখৰুল আৰু ৰাজধানী ইম্ফলৰ মাজত পথ যোগাযোগ ব্যাহত হোৱাত  ৰাজ্য চৰকাৰে ইম্ফল-উখৰুলৰ মাজত বিশেষ হেলিকপ্টাৰৰ ব্যৱস্থা কৰে। অঞ্চলটোত উত্তেজনা নিয়ন্ত্ৰণৰ বাবে নিৰাপত্তা বাহিনীৰ বৃহৎ সংখ্যক লোকক মোতায়েন কৰা হৈছে।

Share This