পুনৰ জাগ্ৰত বিষ্ণই গেং ! ১০ কোটি টকাৰ দাবী, নহ'লে বিপদত বি প্ৰাক

Nikimoni Kachari January 18, 2026

ডিজিটেল ডেস্কঃ বিগত কেইবছৰমানৰ পৰা লৰেন্স বিষ্ণই গেঙে মনোৰঞ্জন জগতৰ কেইবাজনো তাৰকা বিশেষকৈ পাঞ্জাবী গায়কক লক্ষ্য কৰি লৈছে। সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰাৰ পিছত এই দলটোৱে হানি সিং, এ পি ধিলন, মানকীৰ আউলাখকে ধৰি কেইবাজনো বিশিষ্ট গায়ক, ৰেপাৰ, শিল্পীৰ ক্ষতি কৰাৰ ভাবুকি প্ৰদান কৰিছে।

এতিয়া বিষ্ণই চক্ৰটোৱে পাঞ্জাবী গায়ক বি-প্ৰাকক টাৰ্গেট কৰা বুলি জানিব পৰা গৈছে। বি-প্ৰাকৰ ঘনিষ্ঠ বন্ধু কণ্ঠশিল্পী দিলনূৰে প্ৰচুৰ ধনৰ দাবীত ভাবুকিপূৰ্ণ ফ'ন লাভ কৰিছে।

সংবাদ সংস্থা এ এন আইৰ তথ্য অনুসৰি পাঞ্জাবী কণ্ঠশিল্পী দিলনূৰলৈ বিদেশী নম্বৰৰ পৰা ভাবুকি ফ'ন আহিছিল। ঘটনাৰ পিছতে মোহালী থানাত আনুষ্ঠানিক এজাহাৰ দাখিল কৰে দিলনূৰে। তেওঁৰ অভিযোগ অনুসৰি ফ'ন কৰাজনে নিজকে আৰ্জু বিষ্ণয় বুলি পৰিচয় দি দিলনুৰক পাঞ্জাবী শিল্পী বি-প্ৰাকক ১০ কোটি টকা মুক্তিপণৰ দাবীত বাৰ্তা প্ৰেৰণ কৰিবলৈ কয়। দিলনূৰে তেওঁৰ অভিযোগত উল্লেখ কৰিছে যে ফ'ন কৰাজনে তেওঁক ভাবুকি দিছিল যে যদিহে তেওঁ তেনে কৰিব নোৱাৰে তেন্তে ভয়ানক পৰিণতিৰ সন্মুখীন হ’ব।

এছ এছ পি, মোহালীৰ ওচৰত দাখিল কৰা এজাহাৰ অনুসৰি দিলনূৰে বিষয়টোৰ ওপৰত বিশদভাৱে উল্লেখ কৰি কয় যে ৫ জানুৱাৰীত তেওঁক বহিঃৰাজ্যৰ পৰা দুটাকৈ ফ'ন আহিছিল, যাৰ উত্তৰ তেওঁ নিদিলে। ৬ জানুৱাৰীত তেওঁলৈ বেলেগ বিদেশী নম্বৰৰ পৰা ফ'ন আহিল। দিলনূৰে যেতিয়া ফ'নটো ৰিচিভ কৰিলে, লাইনৰ সিটো মূৰৰ মানুহজনে পুনৰ কঠোৰভাৱে বিষয়টো জনালে , আৰু তেওঁ লগে লগে ফ'নটো বিচ্ছিন্ন কৰিলে।

দিলনূৰে আগলৈ কয় যে ফ'নটো কাটি দিয়াৰ লগে লগে তেওঁৰ ফ'নলৈ এটা ভইচ মেছেজ আহিল। অডিঅ’ মেছেজটোত বি-প্ৰাকক ক্ষতি কৰাৰ ভাবুকি দি এসপ্তাহত ১০ কোটি টকা দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে। দিলনুৰৰ অভিযোগৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

বি-প্ৰাক এজন গায়ক, সংগীত পৰিচালক আৰু সুৰকাৰ যিয়ে নিজৰ কণ্ঠেৰে পাঞ্জাবী চিনেমাৰ লগতে হিন্দী সংগীত জগততো নিজৰ বাবে এক নিৰ্দিষ্ট স্থান খোদিত কৰিছে। তেওঁৰ প্ৰথম জনপ্ৰিয় গীত "মান ভৰেয়া"। সুমধুৰ কণ্ঠৰ বাবে তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু আন কেইবাটাও সন্মানীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

 

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This