এইবোৰ ফলৰ বাকলি গুচাই খাই নেকি? যদি খাই তেন্তে আপোনাৰে লোকচান হ'ব

Kakali Deka August 21, 2023

ডিজিটেল ডেস্কঃ আপুনি ফলৰ বাকলি গুচাই খাই নেকি? কিছুমান ফলৰ বাকলিত বহুতো পুষ্টিকৰ উপাদান থাকে। যেনে-ভিটামিন আৰু এন্টিঅক্সিডেন্টৰ দৰে পুষ্টিকৰ উপাদান থাকে যিবোৰ আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। বাকলি গুচাই খোৱাৰ ফলত এই ফলসমূহৰ পৰা পুষ্টিকৰ উপাদানসমূহ হ্ৰাস পায়।
কোনবোৰ ফলৰ বাকলি গুচাই খাব নালাগে জানো আহক-
 ১. সাধাৰণতে আমি আপেলৰ বাকলি‌ গুচাই খাওঁ। কিন্তু আমি আপেলৰ বাকলিটো গুচাই খাব নালাগে, কিয়নো আপেলৰ বাকলিত বহুতো পুষ্টিকৰ উপাদান থাকে। আপেলৰ বাকলি‌ত আঁহ, ভিটামিন আৰু অন্যান্য পুষ্টিকৰ উপাদান থাকে যিবোৰ আমাৰ পাচনতন্ত্ৰ শক্তিশালী কৰে। ইয়াৰ উপৰি আপেলৰ বাকলি‌ত থকা এন্টিঅক্সিডেন্টে আমাৰ শৰীৰটো সুস্থ কৰি ৰখাত সহায় কৰে।
২. তিয়ঁহৰ বাকলিটো অধিক পৰিমাণে আঁহ থাকে। এই আঁহে আমাৰ শৰীৰৰ পাচনতন্ত্ৰত উন্নত কৰে। ইয়াৰ লগতে তিঁয়হৰ বাকলিত বহুতো ভিটামিন আৰু খনিজ পদাৰ্থ পোৱা যায়। সেয়েহে তিয়ঁহৰ বাকলিও সাধাৰণতে গুচাই খাব নালাগে। 
৩. নৰাবগৰী এবিধ সুস্বাদু আৰু পুষ্টিকৰ ফল। এই ফলৰ বাকলিটো বহুতো পুষ্টিকৰ উপাদান পোৱা যায়, সেয়েহে বাকলি গুচাই খালে ইয়াত থকা এন্টিঅক্সিডেন্ট, ভিটামিন আৰু খনিজ পদাৰ্থ পোৱাৰ পৰা আমি বঞ্চিত হওঁ। 
৪. নাচপতিৰ বাকলিত অধিক পৰিমাণে আঁহ থাকে। যিবোৰে আমাৰ পাচনত সহায় কৰে আৰু শৌচ সঠিকভাৱে খোলোচা হোৱাত সহায় কৰে।  নাচপতিৰ বাকলিয়ে আমাৰ শৰীৰত বৃদ্ধি পোৱা চৰ্বিৰ পৰিমাণ হ্ৰাস কৰাত সহায় কৰে।

Share This