দৈনিক খোজকঢ়াটো স্বাস্থ্যৰ বাবে উপকাৰী

Kakali Deka August 19, 2023

ডিজিটেল ডেস্কঃ খোজকঢ়াটো মানুহৰ স্বাস্থ্যৰ কাৰণে উপকাৰী বুলি প্ৰায় সকলোৱে জানেো নিয়মীয়াকৈ খোজকাঢ়িলে হৃদৰোগ, উচ্ছ ৰক্তচাপ, মেদবহুলতা, বহুমূত্ৰ ৰোগৰ পৰা হাত সাৰি থকাত সহায় হোৱাৰ উপৰি মাংসপেশী, হাড় আদিকো সুস্থ-সবল কৰি ৰাখে৷ কিন্তু আমি দৈনিক কিমান খোজকঢ়া উচিত– এটা নতুন অধ্যয়নে এই প্ৰশ্নৰ উত্তৰ দিছে৷ ইউৰোপিয়ান জাৰ্নেল অব্‌ প্ৰিভেণ্টিভ কাৰ্ডিঅ’লজিত এই অধ্যয়নৰ প্ৰতিবেদন প্ৰকাশ পাইছে৷ প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি প্ৰায় ২,চ্ছ,৮৮জ্ঝজন লোকক লৈ এই অধ্যয়নটো কৰা হৈছিল৷ এই অধ্যয়নটোৱে এই ধাৰণাকো সলনি কৰি দিছে যে দৈনিক প্ৰায় দহ হাজাৰ খোজ  স্বাস্থ্যৰ বাবে উপকাৰী৷ অধ্যয়নটোৰ মতে, মানুহে সু-স্বাস্থ্য অটুট ৰখাৰ বাবে আনকি পাঁচ হাজাৰ খোজৰো প্ৰয়োজন নাই৷ ইয়াত উল্লেখ কৰা অনুসৰি দৈনিক  ৩৯৬৭ খোজ মানুহৰ সু-স্বাস্থ্যৰ বাবে পৰ্যাপ্ত৷ ইমানখিনি খোজকাঢ়িলেই স্বাস্থ্যজনিত কাৰণত হোৱা মৃত্যুৰ আশংকা হ্ৰাস কৰিব পাৰিব৷ আনহাতে, দৈনিক ২৩৩৭ খোজকাঢ়িলে হৃৎপিণ্ড, ৰক্ত প্ৰৱাহৰ সৈতে ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি৷ এই অধ্যয়নটো কৰা গৱেষকৰ দলটোক নেতৃত্ব দিয়া লীড্‌ছ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক মেকিজ বনাচে কয় যে মানুহে যিমানেই খোজকাঢ়িব সিমানেই উপকাৰী৷ কিন্তু তেওঁলোকে অধ্যয়নটোৰ পৰা জানিব পৰা মতে, দৈনিক কমেও এহেজাৰ খোজকাঢ়িলে মৃত্যুৰ হাৰ ১৫ণ হ্ৰাস কৰিব পাৰি৷ ইয়াৰ লগতে এই কথাও কোৱা হৈছে যে খোজকঢ়াৰ উপকাৰিতাৰ সৈতে বয়স, লিংগ বা থকা স্থানৰ কোনো সম্পৰ্ক নাই৷

Share This