ৱাকফ আইনৰ প্ৰতিবাদত অগ্নিগৰ্ভ পশ্চিম বংগ 

dainik janambhumi April 13, 2025

ডিজিটেল ডেস্ক : বিতর্কিত ৱাকফ (সংশোধনী) ২০২৫ আইনৰ বিৰোধ কৰি পশ্চিম বংগৰ মুর্শিদাবাদ জিলাত হোৱা প্রতিবাদে শুকুৰবাৰে হিংসাত্মক ৰূপ লয়। ইয়াৰ পাছতে শনিবাৰে পশ্চিম বংগ আৰক্ষীয়ে কয় যে এই হিংসাত্মক প্রতিবাদত জিলাখনত এতিয়ালৈকে তিনিজন লোকে প্রাণ হেৰুৱাইছে। হিংসাত্মক সংঘৰ্ষত প্ৰতিবাদকাৰী নিহত হোৱাৰ পাছতেই সংঘর্ষ-জৰ্জৰিত জিলাখনত কেন্দ্রীয় নিৰাপত্তা বাহিনী মোতায়েন কৰিবলৈ কলকাতা উচ্চ ন্যায়ালয়ে শনিবাৰে নিৰ্দেশ দিয়ে। 

এই হিংসাত্মক সংঘৰ্ষত শনিবাৰে চামেৰগঞ্জ এলেকাৰ জাফ্রাবাদ অঞ্চলত পিতা-পুত্র দুইজনকে ছুৰীৰে উপর্যুপৰি আঘাত কৰি হত্যা কৰা হয়। আনহাতে, শুকুৰবাৰে প্ৰতিবাদ কৰিবলৈ যোৱা ২১ বছৰীয়া ইয়াজ মমিন নামৰ এজন প্রতিবাদকাৰী সযোৰম'ৰে এলেকাত আৰক্ষীৰ গুলীত নিহত হয়। ইফালে পশ্চিম বংগৰ বিৰোধী দলপতি তথা বিজেপি নেতা সুভেন্দু অধিকাৰীয়ে সংঘৰ্ষ-জৰ্জৰিত জিলাখনত কেন্দ্রীয় নিৰাপত্তা বাহিনী মোতায়েনৰ বাবে কলকাতা উচ্চ ন্যায়ালয়ত আৱেদন কৰাৰ পাছত মুখ্য ন্যায়াধীশৰে গঠিত এখন বিচাৰপীঠে জিলাখনত কেন্দ্রীয় নিৰাপত্তা বাহিনী মোতায়েন কৰিবলৈ নির্দেশ দিয়ে। 

পশ্চিম বংগৰ মুর্শিদাবাদ জিলাত হোৱা প্রতিবাদে হিংসাত্মক ৰূপ লোৱাত শনিবাৰে জিলাখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হয়। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, জংগীপুৰ এলেকাৰ সুঁতি আৰু ছামচেৰগঞ্জ এলেকাত পৰিস্থিতি বৰ্তমান নিয়ন্ত্রণলৈ অনা হৈছে। আনহাতে, পশ্চিম বংগৰ ৰাজ্যপাল চি ভি আনন্দ বসুৱে মমতা চৰকাৰক দুষ্কৃতিকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ নির্দেশ দিয়ে।

Share This