ডিজিটেল ডেস্ক : গ্ৰীষ্মকালৰ এবিধ সুস্বাদু ফলৰ ভিতৰত তৰমুজ অন্যতম৷ তৰমুজ খাই ভাল নোপোৱা মানুহ নাই৷ ইয়াৰ সেৱনে দেহত পানীৰ অভাৱ দূৰ কৰে৷ প্ৰায়ভাগ লোকেই তৰমুজ খাই ইয়াৰ গুটিবোৰ পেলাই দিয়া দেখা যায়৷ কিন্তু তৰমুজৰ গুটিৰ কেইটামান আ(ৰ্যকৰ গুণৰ কথা জানিনে আপুনিও ইয়াৰ গুটিবোৰ হয়তো পেলাই নিদি সযতনে ৰাখিব৷
[১] তৰমুজৰ গুটিয়ে হাৰ্ট এটেক, ষ্ট˜’ক আৰু কলেষ্টৰেল নিয়ন্ত্ৰণত ৰাখে৷
[২] তৰমুজৰ গুটিৰ প্ৰচুৰ পৰিমাণে জিংক থাকে, যিয়ে আমাৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে, হজম শক্তি বৃদ্ধি কৰে, কোষৰ বিকাশ, মগজু আৰু স্নায়ৱিক প্ৰক্ৰিয়া সবল কৰি ৰাখে৷
[৩] তৰমুজৰ গুটিত থকা মেগনেচিয়ামে শৰীৰত মেটাবলিজম বৃদ্ধি কৰে৷
[৪] তৰমুজৰ গুটিয়ে তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখে আৰু টাইপ-২ ডায়েবেটিছ নিৰাময়ত সহায় কৰে৷
[৫] ইয়াৰ গুটিয়ে শৰীৰক শক্তি প্ৰদান কৰে৷
[৬] হাড় দুৰ্বল হ’লে নাইবা অষ্টিঅ’পৰোছিছৰ দৰে ৰোগত তৰমুজৰ গুটি অতি উত্তম৷
[৭] হাৰ্ট সুস্থ কৰি ৰাখিবলৈ তৰমুজৰ গুটি খাব লাগে৷
[৮] চুলি মজবুত কৰি ৰখা, চুলি সৰা, চুলিৰ বিকাশত তৰমুজৰ গুটিয়ে সহায় কৰে৷
[৯] ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন-চি আৰু এণ্টিঅক্সিডেণ্ট পোৱা যায়, যিয়ে ছালখন চাফা কৰি ৰখাত সহায় কৰে৷ ছালৰ বিভিন্ন সমস্যা, বেচু, শুকান ছাল, শালমইনা, বয়সৰ চাপ নোহোৱা কৰা আদিবোৰ তৰমুজৰ গুটিয়ে দূৰ কৰে৷
[১০] তৰমুজৰ গুটি পিটি মুখত লগালে ছালৰ ৰং বগা হয়৷ লগতে ইয়াৰ প্ৰলেপ মূৰৰ বিষত লগালেও সুফল পোৱা যায়৷