আদিত্যৰ সাতবিধ সঁজুলিয়ে কি কি অধ্যয়ন কৰিব

Jyoti Borah September 04, 2023

ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰথমটো সৌৰ অভিযান আদিত্য এলৰ-এ সূৰ্যকগভীৰভাৱে অধ্যয়ন কৰিব৷ ভাৰতৰ এই বিশেষ নিৰীক্ষণ কেন্দ্ৰ আদিত্য এলৰক মহাকাশৰ বিশেষ স্থান এলৰ বিন্দুত স্থাপন কৰা হ’ব৷ আদিত্য এলৰত সাতবিধ বিশেষ ধৰণৰ সঁজুলি লগোৱা আছে৷ ইয়াৰ জৰিয়তে এই নিৰীক্ষণ কেন্দ্ৰই সূৰ্যৰ বায়ুমণ্ডল, ইয়াৰ কিছুমান বিশেষ প্ৰক্ৰিয়াৰ বিষয়ে অধ্যয়ন কৰিব৷ এই অভিযানটোত ব্যৱহাৰ কৰা সাতবিধ সঁজুলিৰ পাঁচটা ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ইছৰ’) আৰু দুটা ভাৰতীয় শৈক্ষিক প্ৰতিষ্ঠানৰ৷ এই নিৰীক্ষণ কেন্দ্ৰটো স্থাপন কৰা হ’ব পৃথিৱীৰ পৰা ১৫ লাখ কিল’মিটাৰ দূৰত্বত৷

 আদিত্যত থকা সাতবিধ সঁজুলি হ’ল ভিডিবল এমিশ্যন লাইন কৰ’ন’গ্ৰাফী (ভি ই এল চি), ছ’লাৰ আল্ট্ৰাভায়’লেট ইমেজিং টেলিস্ক’প (এছ ইউ আই টি), ছ’লাৰ ল’ এনাৰ্জী এ’ক্সৰে স্পেক্ট্ৰমিটাৰ (ছলে’), বাই এনাৰ্জী এৰ অৰ্বিটিং এ’ক্সৰে স্পেক্ট্ৰমিটাৰ(এইচ ই এলৰ অ’ এছ এছ), আদিত্য ছ’লাৰ উইণ্ড পাৰ্টিকল এ’পেৰিমেণ্ট (এছপে’), প্লাজমা এনালাইজাৰ পেকেজ ফৰ আদিত্য (পাপা)আৰু এডভান্স্‌ড ট্ৰাই-এি’য়েল হাই ৰিজ’লিউশ্যন ডিজিটেল মেগ্ল’মিটাৰ্ছ৷ আদিত্য এল-ৰ অভিযানটোৰ মূল উদ্দেশ্য হ’লসূৰ্যৰ বায়ুমণ্ডল আৰু বিশেষকৈ বাহিৰৰ তৰপটোৰ প্ৰক্ৰিয়াৰ বিষয়ে অধ্যয়ন কৰাটো৷ এই নিৰীক্ষণ কেন্দ্ৰটোৱে বিশেষভাৱে সূৰ্যৰ বায়ুমণ্ডলৰ আটাইতকৈ বাহিৰৰ তৰপ ‘কৰনা’ অত্যধিক গৰম হোৱাৰ কাৰণ বিশ্লেষণ কৰিব৷ ইয়াৰ লগতে এই তৰপটোত হোৱা মুকুট ভৰ নিৰ্গমনৰ বিষয়েও অধ্যয়ন কৰিব৷ ইয়াৰ উপৰি সৌৰ বতাহৰ সৃষ্টি, ইয়াৰ পৰা অতি দ্ৰুত গতিত হোৱা নিৰ্গমন, সিঁচৰতি হৈ পৰাৰ কাৰণ সম্পৰ্কে অধ্যয়ন কৰিব আদিত্যই৷ আনহাতে, কেনেধৰণৰ পৰিস্থিতিত সৌৰ শিখা নিৰ্গত, ইয়াৰ আগতীয়া অনুমান কৰিব পাৰি নেকি তথা ই এক নিয়মীয়া ঘটনা নেকি সেই বিষয়েও যানখনত থকা সঁজুলিয়ে অধ্যয়ন কৰিব৷ ইয়াৰ উপৰি সূৰ্যৰ পৰা আধানযুক্ত কণা কেনেধৰণৰ পৰিস্থিতিত নিৰ্গত হয় সেই বিষয়েও তথ্য সংগ্ৰহ কৰি ইছৰ’ৰ পৃথিৱীত থকা কেন্দ্ৰলৈ প্ৰেৰণ কৰিব৷ উল্লেখযোগ্য যে সূৰ্যৰ বায়ুমণ্ডলৰ একেবাৰে উপৰৰ অংশটোক কৰনা বুলি কোৱা হয়৷ ইয়াৰ পৰাই সৌৰ শিখা ওলাই আৰু বৰ্হি মহাকাশলৈও প্ৰসাৰিত হয়৷ এই তৰপটোৰ তাপমাত্ৰা ভিতৰৰ অংশটোতকৈ বহুত বেছি৷ একেবাৰে ওপৰৰ তৰপটোৰ তাপমাত্ৰা ২০ লাখ কেলভিন (১৯৯৯৭২৬.৮৫ চেলছিয়াছ)৷ আদিত্যৰ সঁজুলিয়ে ইয়াৰ কাৰণ জনাৰ চেষ্টা কৰিব৷ সূৰ্যৰ বায়ুমণ্ডলৰ বাহিৰৰ অংশটোত হোৱা ভয়ানক বিস্ফেৰণক মুকুট ভৰ নিৰ্গমন বুলি কোৱা হয়৷ এই বিস্ফোৰণৰ ফলত বৃহৎ পৰিমাণৰ শক্তিশালী চৌম্বকীয় তৰংগ আৰু প্লাজমা নিৰ্গত হয়৷ ভি ই এল চিয়ে এই বিষয়ে অধ্যয়ন কৰিব৷ এছ ইউ আই টিয়ে ফট’স্ফিয়েৰ আৰু ক্ৰম’স্ফিয়েৰৰ পৰা হোৱা বিকিৰণৰ বিশ্লেষণ কৰিব৷ ছলেক্সে’ছ আৰু এইচ ই এলৰ অ’ এছ এছে সূৰ্যক এটা নক্ষত্ৰ হিচাপে অধ্যয়ন কৰিব৷ এছপেক্সে’ মহাকাশৰ বতৰ আৰু পাপাই সৌৰ ধুমুহা আৰু কণাবোৰৰ বিষয়ে অধ্যয়ন কৰাত সহায় কৰিব৷ সূৰ্যৰ চৌম্বকীয় ক্ষেত্ৰৰ বিষয়ে অধ্যয়ন কৰিব এডভান্স্‌ড ট্ৰাই-এি’য়েল হাই ৰিজ’লিউশ্যন ডিজিটেল মেগ্ল’মিটাৰ্ছে৷ 

আদিত্য এলৰ নিৰীক্ষণ কেন্দ্ৰই পৃথিৱীৰ চৌপাশৰ মহাকাশৰ বতৰৰ বিষয়ে অধ্যয়ন কৰিব৷ পাৰ্কাৰ প্ৰবৰ দৰে অভিযানে সেইটো কৰিব নোৱাৰে৷ উল্লেখযোগ্য যে লাগ্ৰাঞ্জ পইণ্ট অৰ্থাৎ এলৰ সূৰ্য আৰু পৃথিৱীৰ মাজত আছে৷ ভাৰতৰ সৌৰ অভিযান এই পইণ্টলৈ যাব৷ ইছৰ’ই প্ৰকাশ কৰা অনুসৰি এলৰ পইণ্টৰ দূৰত্ব সূৰ্য আৰু পৃথিৱীৰ দূৰত্বৰ মাত্ৰ এক শতাংশহে৷ পৃথিৱী আৰু সূৰ্যৰ দূৰত্ব হ’ল ১৫.০৯৯ কোটি কিল’মিটাৰ৷ আনহাতে, এলৰ আৰু পৃথিৱীৰ দূৰত্ব হ’ল ১৫ লাখ কিল’মিটাৰ৷

Share This