নাচপতি কিয় খাব লাগে? দেহে কি কি উপকাৰ পায়?

Kakali Deka November 19, 2023

ডিজিটেল ডেস্কঃ নাচপতি এবিধ জনপ্ৰিয় ফল। নাচপতি সকলোৰে পৰিচিত এবিধ ফল। স্বাস্থ্যৰ বাবে অতি উচ্চ গুণসম্পন্ন ফল হ’ল নাচপতি। নাচপতি আঁহযুক্ত পদাৰ্থৰ ভঁৰাল আৰু ভিটামিন বি২, চি, ই, কপাৰ আৰু পটাছিয়ামৰ উত্তম উৎস। নাচপতিত পেকটিন থাকে আৰু আপেলৰ তুলনাত নাচপতিত পেকটিন অধিক। নাচপতিত থকা বিভিন্ন গুণসমূহে মানুহৰ স্বাস্থ্যৰ উপকাৰিতা সাধন কৰে। আহকচোন জানো কি কি।

নাচপতিৰ উপকাৰিতাসমূহ কি কি জানো আহক-

১) নাচপতিৰ ৰসে দেহলৈ সোনকালে শক্তি ঘূৰাই আনে। কাৰণ নাচপতিত যথেষ্ট পৰিমাণে ফ্ৰুকট’জ আৰু গ্লুক’জ থাকে।

২) দেহৰ ওজন হ্ৰাস কৰে।

৩) নাচপতিৰ ৰস সকলো বয়সৰ লোকৰ বাবে উত্তম।

৪) বাকলিসহ নাচপতি খালে দেহে যথেষ্ট পৰিমাণে আঁহযুক্ত খাদ্য লাভ কৰে।

) হৃদৰোগীৰ বাবে নাচপতি উত্তম খাদ্য।

৬) এই ফলে কেন্সাৰৰ বিৰুদ্ধেও যুঁজ দিব পাৰে।

৭) নাচপতিত থকা ভিটামিন চি আৰু ই এ শক্তিশালী এণ্টি অক্সিডেণ্টৰ কাম কৰে।

৮) দেহৰ আঘাত আৰু থেতেলা খোৱা অংশ সোনকালে নিৰাময় হোৱাত প্ৰধান ভূমিকা লয়।

৯)নাচপতিত উপলব্ধ সকলো ভিটামিনে বহু সংক্ৰামক ৰোগৰ হেঙাৰ হিচাপে দেখা দিয়ে।

১০) ইয়াত থকা ভিটামিন চি আৰু কপাৰে ফ্ৰী ৰেডিকেলৰ দ্বাৰা বিনষ্ট হ’ব খোজা কোষসমূহক ৰক্ষণাবেক্ষণ দিয়ে

১১) নাচপতিত থকা কেলচিয়ামে মানুহৰ অষ্টিঅ’পৰ’ছিছক বাধা দিয়ে অথবা অষ্টিঅ’পৰ’ছিছ আগমনৰ বাট লেহেম কৰে।

১২) শিশুক নাচপতিৰ ৰস খুৱালে কফ বাহিৰ হয় আৰু শীঘ্ৰে উশাহ-নিশাহৰ কষ্ট লাঘৱ হয়।

১৩) শিশুৰ বাবে নাচপতি অতি সুৰক্ষিত ফল।

১৪) সঘনে এলাৰ্জীত ভুগি থকা ৰোগীয়ে নাচপতি খাব লাগে।

১৫) নাচপতিত থকা পেকটিনে দেহৰ কলেষ্টেৰলৰ পৰিমাণ হ্ৰাস কৰে। লগতে পেটৰ নাড়ী-ভুৰু সুস্থ ৰখাত সহায় কৰে।

Share This