অসমীয়া সংস্কৃতিৰ অপৰিহাৰ্য অংগ পাণ-তামোলৰ স্বাস্থ্য উপকাৰিতা কি কি?

Nikimoni Kachari April 06, 2026

ডিজিটেল ডেস্ক: তামোল-পাণৰ ব্যৱহাৰ অসমীয়া সংস্কৃতিৰ এটা অপৰিহাৰ্য অংগ। বিয়া, সবাহ, অন্নপ্ৰাসন আদিকে ধৰি সকলো মাংগলিক তথা ৰাজহুৱা কাম সকামত ইয়াৰ ব্যৱহাৰ হয়। বৰ্তমান অসমত বহুলোকেই তামোল পাণ বিক্ৰী কৰিয়েই জীৱন নিৰ্বাহ কৰি আছে। চাহ, জলপান নাইবা ভাত খোৱাৰ পাছত পিছত তামোল-পাণ খাই মুখ সতেজ কৰা হয়। গুৰু-গোঁসাই, ভকত বৈষ্ণৱ, বন্ধু-বান্ধৱ অথবা মিতিৰ-কুটুমক তামোল-পাণেৰে সন্মান যাচে। বিয়া, সকাম বা বিভিন্ন সৰু বৰ অনুষ্ঠানত তামোল-পাণ পৰিবেশন কৰা হয়। 

অসমত দোষীজনেও তামোল-পাণ আগবঢ়াই ৰাইজৰ ওচৰত ক্ষমা-ভিক্ষা মাগে। অসমীয়া লোকৰ বিয়াৰ দিনাখন পদূলিমুখত শৰাইত এথোক তামোল থৈ ৰাইজক আদৰণি জনোৱা হয়। অসমীয়া লোকৰ আন এক সাংস্কৃতিক প্ৰতীক শৰাই বা বঁটাত তামোল পাণ কাটি চাধা বা ধঁপাত আৰু চূণৰ সৈতে ইয়াক সাধাৰণতে সজোৱা হয়। ইয়াৰ বৈজ্ঞানিক নাম Areca catechu আৰু ইয়াক অসমীয়া সংস্কৃতিৰ মূল ভেটিৰ এটা বুলি গণ্য কৰা হয়।

মানৱ স্বাস্থ্যত তামোল-পাণৰ গুৰুত্ব অপৰিসীম। জানো আহক ইয়াৰ উপকাৰিতা।

১) পেটৰ বিষ, দাঁতৰ বিষ আদিত তামোল-পাণ উপকাৰী বুলি গণ্য কৰিছিল। 

২)  তামোল-পাণে হজম শক্তি বঢ়ায়।

৩) পাণ-তামোলক মুখশুদ্ধি হিচাপে ব্যৱহাৰ কৰা হয়। তামোল-পাণে মুখৰ দুর্গন্ধ আঁতৰোৱাতো সহায় কৰে। 

৪) বাৰিষা হাল বাওঁতে, কঠীয়া ৰুওঁতে পানীত জোকে ধৰিলে তামোলৰ পিক জোকৰ মুখত পেলালে জোক পলাই পত্ৰং দিয়ে। ফলত মানৱ স্বাস্থ্য সুৰক্ষিত হয়। 

৫) ই পাচনতন্ত্ৰ উন্নত কৰে। 

৬) পেশী শক্তিশালী কৰাত সহায় কৰে। 

৭)  পাণ-তামোল সেৱনে তাৎক্ষণিকভাৱে মন আৰু শৰীৰ সজীৱ কৰি তোলে।

উল্লেখ্য যে গৰু-ম’হৰ বেমাৰত তামোলৰ পিক ব্যৱহাৰ কৰা হয়। 

সতৰ্কতা: অত্যধিক তামোল-পাণ খালে আসক্তি বা নিচা হ'ব পাৰে আৰু দীৰ্ঘদিনীয়া ব্যৱহাৰে স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে।

 

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This