হালধীয়া ফল হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপযোগী, কিন্তু কেনেকৈ? জানো আহক

Jyoti Borah August 08, 2023

ডিজিটেল ডেস্ক : হৃদযন্ত্ৰ আমাৰ শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংগ, ই জীৱনৰ আৰম্ভণিৰ পৰা শেষলৈকে অবিৰামভাৱে কাৰ্য সম্পাদন কৰি থাকে। সেয়েহে আমি নিয়মীয়াকৈ যদি হৃদযন্ত্ৰৰ যত্ন লোৱা নলওঁ, তেন্তে হাৰ্টএটেক, ক’ৰ’নাৰী আৰ্টেৰী ডিজিজ আৰু ট্ৰিপল ভেছেল ডিজিজৰ দৰে বিপজ্জনক আৰু মাৰাত্মক ৰোগৰ আশংকা বাঢ়ি যায়। গতিকে আমি দৈনন্দিন খাদ্যৰ পৰা তেলীয়াযুক্ত খাদ্য বাদ দি হালধীয়া ফলমূল আৰু শাক-পাচলি গ্ৰহণ কৰি হৃদযন্ত্ৰৰ স্বাস্থ্য সুস্থ আৰু উন্নত কৰিব পাৰো।
এইসমূহ হালধীয়া খাদ্যই হাৰ্টএটেক পৰা ৰক্ষা কৰে-
১. আম:-সুস্বাদু আৰু মিঠা ফল আম স্বাস্থ্যৰ বাবে উপকাৰী। ই হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী।
২. নেমুঃ-নেমু ঔষধি গুণেৰে সমৃদ্ধ খাদ্য, যিটো চালাডৰ পৰা আৰম্ভ কৰি লেমনেডলৈকে সকলোতে ব্যৱহাৰ কৰা হয়, ই হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাৰ লগতে ওজন হ্ৰাস কৰাত সহায় কৰে।
৩. কলঃ-কল স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী ফল। নিয়মিতমিতভাৱে কল খালে ওজন হ্ৰাস হোৱাৰ লগতে হৃদযন্ত্ৰও সুস্থ কৰি ৰাখে।
৪. আনাৰসঃ-আনাৰস অতি মিঠা আৰু সোৱাদযুক্ত ফল, কিন্তু আনাৰস  খালে হাৰ্ট এটেকৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায়। কিন্তু ইয়াক খাব নালাগে কাৰণ এই ফল অতি মিঠা হোৱাৰ বাবে তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পায়।
৫. হালধীয়া কেপচিকামঃ-এইবিধ পাচলিত আঁহ, আইৰণ আৰু ফ’লেট প্ৰচুৰ পৰিমাণে পোৱা যায়, যাৰ বাবে শৰীৰে যথেষ্ট শক্তি লাভ কৰে আৰু একে সময়তে শৰীৰত তেজৰ অভাৱ দূৰ হয় হোৱাৰ লগতে হৃদযন্ত্ৰও সুস্থ হৈ থাকে।

Share This