নিমপাতে আমাক কি কি বেমাৰৰ পৰা ৰক্ষা কৰে? ১০ টা উপকাৰ জানো আহক

Kakali Deka August 16, 2023

ডিজিটেল ডেস্কঃ আজি আমাৰ প্ৰতিবেদনত লৈ আহিছো নিমপাতৰ উপকাৰিতাৰ বিষয়ে। আহকচোন জানো নিম পাতে আমাক কিমান উপকাৰ কৰে। নিমপাতৰ উপকাৰিতাৰ বিষয়ে হয়তো প্ৰায় সংখ্যক লোকেই জানে। নিমগছে বায়ু বিশুদ্ধ কৰি ৰখাটো সহায় কৰে। নিমপাতত আছে বহুতো ঔষধীক গুণ। কিন্তু নিমগছৰ পাত অত্যধিক পৰিমাণে ব্যৱহাৰ কৰিলেও আপুনি হয়তো বিপদতো পৰিব পাৰে। 

মানুহৰ দেহত ছালৰ বেমাৰ হʼলে যেনে খৰ-খজুৱতি, ফোঁহা হʼলে ইয়াক নিৰাময় কৰিবৰ বাবে নিমপাত ব্যৱহাৰ কৰা হয়। এইবোৰ বেমাৰত নিমপাত লগালে বেমাৰৰ পৰা কিছু পৰিমাণে হʼলেও পৰিত্ৰাণ পোৱা যায়।

১. নিমপাত খালে তেজত উৎপন্ন হোৱা বীজাণু ধ্বংস হয়। যাৰ ফলত তেজ পৰিস্কাৰ হয় আৰু কিছু কিছু বেমাৰৰ পৰাও পৰিত্ৰাণ পোৱা যায়।

২. নিমপাত উতলাই সেই পানীৰে গা ধুলে চৰ্ম ৰোগৰ নিৰাময় পোৱা যায়। 

৩. ডায়েবেটিছ ৰোগীয়ে যদি নিয়মিতভাৱে নিমপাত খাবলৈ আৰম্ভ কৰে তেনেহʼলে কিছু সকাহ পাব।

৪. মেলেৰিয়া হʼলেও নিমপাত খালে সু-ফল পোৱা যায়। 

৫. অত্যধিক জ্বৰৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি নিমপাতৰ চাহ খাব পাৰে। 

৬. ৰাতিপুৱা শুই উঠি নিয়মিতভাৱে খালী পেটত নিমপাত খালে পেটৰ বিষ আৰু গেছৰ অসুবিধা দূৰ হয়। 

৭. শৰীৰৰ কোনো অংশত যদি আপোনাক জুইয়ে পোৰে তেনেহʼলে নিমপাত পিহি জুইয়ে পোৰা অংশত লগাই দিয়ে তেতিয়া সোনকালে শুকাই যায়। 

৮. বিষাক্ত কীট পতংগ‌ই কামুৰিলেও সেই ঠাইত নিমপাত পিহি লগালে বিষ সোনকালে ভাল হৈ যায়।

৯. নিমপাত ব্যৱহাৰ কৰি চুলিৰ বহুতো সমস্যা দূৰ কৰিব পাৰি। চুলি সৰা, চুলিৰ উফিৰ সমস্যা আদি। নিমপাতে চুলি মজবুত কৰাতো সহায় কৰে। 

১০. নিমপাতৰ ডালেৰে দাঁত ঘঁহিলে দাঁতৰ বিষ, মুখৰ দুৰ্গন্ধ, হালধীয়া দাগ আদি সমস্যাবোৰ দূৰ হয়। 

নিমগছৰ গুটিটো বহুত পুষ্টিকৰ দ্ৰব্য পোৱা যায় সেয়েহে নিমগছৰ এই গুটিবোৰ বহুতো ঔষধত ব্যৱহাৰ কৰা হয়।

Share This