চুলিকোছা দীঘল আৰু ধুনীয়া কৰিবলৈ আপুনি কি কৰিব...

Dainik Janambhumi August 01, 2024

চুলিকোছা দীঘল আৰু ধুনীয়া কৰিবলৈ আপুনি কি কৰিব...

ডঃ মধুমিতা শইকীয়া, সৌন্দৰ্য শিক্ষাবিদ 

ডিজিটেল ডেস্কঃ চুলিৰ ওপৰত কিমান অত্যাচাৰ হয় আপুনি ভাবি চাইছেনে? বহুতে নিজৰ আচল বা জন্মৰ চুলিৰ ৰং পাহৰি গৈছে। তাৰ ওপৰত চুলিত না না ৰাসায়নিক উপায়েৰে চুলি চিধা কৰা, স্মুথেনিং কৰা ইত্যাদিৰে বিভিন্ন ষ্টাইলত চুলি কটা আদিৰ কথা ভাবিলে নিজৰেই ভয় লাগিব। তাতে ড্ৰায়াৰ, টং, আইৰণ মেছিনেৰে অতিপাত তাপ দি চুলি চিধা কৰোঁ বা ভাজ দিওঁ। তাতে নানা ৰাসায়নিক স্প্ৰে, মুজ, ওৱাক্স আদি লগোৱাও হয়। ইমান অত্যাচাৰ কৰাৰ পিছতো যে চুলি খিনি সৰিলে, ছিঙিলে, খহটা  হ'লে অলপ যত্ন ল'ব বা টকা খৰচ কৰিবলৈ  টান পায় । হেজাৰ টকা ভাঙি চুলি ঠিকেই নষ্ট কৰে, কিন্তু ভাল কৰিবলৈ অলপ সময় বা টকা খৰছ নকৰে।

এনেকৈ যদি আপুনিও চুলিখিনিৰ অত্যাচাৰ কৰিছে তেন্তে অনতিপলমে চুলিৰ যত্ন লওক। ইয়াৰ বাবে চাইনিজ জিনছেং থেৰাপী কৰাব পাৰে। জাপানীজ শ্বিউইদ স্পা, প্ৰ'টিন স্পা আদি কৰাব পাৰে। ঘৰতো নিজে স্পা কৰিব পাৰে। অলপ কষ্ট হয় যদিও এইখিনি কৰিব:-
১. চুলি খিনি ফনীয়াই ল’ব বহল ফণীৰে। 
২. কাঙনোম আটচু ৪-৫ চামুচ কুহুমীয়া কৰি ল'ব আৰু অলপ কঁপাহেৰে চুলিৰ গুৰিত আৰু গোটেই চুলিত লগাব। চুলি ফনীয়াব আৰু আঙুলিৰে মালিচ কৰিব। তাৰপিছত এখন টাৱেল বা শ্বাৱাৰ কেপ লগাই ৰাখিব ১৫ মিনিট সময়৷
৩.  কেৰাটোজ ২-৩ চামুচ আৰু ছালকুঁৱৰী জেল এচামুচ, লা ছিল্ক ৫-৬ চামুচ , হেয়াৰগ্ৰোথ ছেৰাম ৯-১০ টোপাল মিহলাই ফেটি ল'ব। ইয়াক চুলিৰ গুৰিৰ পৰা আগলৈ লগাই মালিচ কৰিব। এইখিনি আটাইতকৈ গুৰুত্বপূৰ্ণ কাম। পুনৰ টাৱেল বা শ্বাৱাৰ কেপ লগাই থ'ব যাতে গৰম পাই দ্ৰব্য খিনিৰ ভাল গুণ খিনি চুলিৰ ভিতৰত সোমায়।
৪.  আধা ঘণ্টাৰ পিছত চুলি খিনি লাবটানিৰে ধুব আৰু ভালদৰে পানীৰে টুকি ল'ব। 
৫. শেষত এক মগ পানীত ৩-৪ চামুচ লা ছিল্ক মিহলাই চুলি খিনি টুকি ল'ব। টাৱেল বা গামোচাৰে চুলিৰ পানী টুকিব। 
৬. শুকালে চুই চাব  কিমান কোমল কোমল লাগিব। 
এনেকৈ সপ্তাহত এবাৰকৈ দুমাহ কৰিলে চুলি সৰা বন্ধ হ'ব। চুলি গজিব, চুলি কোমল হ'ব, চুলিৰ স্বাস্থ্য ভাল হ'ব। কম খৰচতে উত্তম স্পা ঘৰতে হ'ব। এবাৰ পাৰ্লাৰত স্পা কৰা টকাৰে গোটেই সামগ্ৰী খিনি কিনি দুমাহ ঘৰতে স্পা কৰি চুলি খিনি ভাল কৰক।

Share This