৭৬ বছৰত খহনীয়াত জাহ গ'ল ৪.২৭ লাখ হেক্টৰ ভূমি, ব্ৰহ্মপুত্ৰৰ ভৌগোলিক পৰিৱৰ্তন কিহৰ ইংগিত!

dainik janambhumi July 05, 2026

ডিজিটেল ডেস্ক : বৰলুইত অথবা ব্ৰহ্মপুত্ৰ অসমৰ সভ্যতা, অর্থনীতি, কৃষি, সংস্কৃতি আৰু জীৱ-বৈচিত্র্যৰ আধাৰ। ব্ৰহ্মপুত্ৰই হ'ল অসমৰ চিনাকি, অসমৰ ৰাজহাড় স্বৰূপ। এই ব্রহ্মপুত্র নদীখনে সময়ে সময়ে নিজৰ ৰূপ সলাই আহিছে। যোৱা দহ বছৰত (২০১৫-২০২৫) এই নদীখনত হোৱা ভৌগোলিক পৰিৱৰ্তনে অসমৰ জনজীৱনৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছে। নদীপথ সলনি, তীব্র খহনীয়া, নতুন চৰ গঠন, পলস সঞ্চয়, বানপানীৰ ধৰণ সলনি আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ ফলত ব্রহ্মপুত্র উপত্যকা এক নতুন বাস্তৱতাৰ সন্মুখীন হৈছে। 

উপগ্রহভিত্তিক গৱেষণাত দেখা গৈছে যে ব্রহ্মপুত্র উপত্যকাত প্রায় ১,০৭৭ বর্গ কিল মিটাৰ ভূমি খহনীয়াত ক্ষতিগ্রস্ত হৈছে, আনহাতে প্রায় ১,৪৮২ বৰ্গ কিল'মিটাৰ নতুন ভূমি পলস সঞ্চয়ৰ ফলত সৃষ্টি হৈছে। এই নতুন ভূমিৰ অধিকাংশই অস্থায়ী চৰ, যিবোৰ পুনৰ বানপানী আৰু সোঁতৰ ফলত বিলীন হ'ব পাৰে। অসম চৰকাৰৰ তথ্য অনুসৰি, ৰাজ্যখনত প্ৰতি বছৰে গড়ে প্রায় ৮,০০০ হেক্টৰ ভূমি নদী খহনীয়াত জাহ যায়। 

উল্লেখযোগ্য যে ১৯৫০ চনৰ পৰা এতিয়ালৈকে ৪.২৭ লাখ হেক্টৰ ভূমি নদীগর্ভত বিলীন হৈছে। তিব্বতৰ হিমবাহত উৎপন্ন এই নদী ইয়াৰলুং চাংপো নামেৰে পূবমুখী হৈ যায়। পাছত অৰুণাচল প্রদেশত চিয়াং নামেৰে প্ৰৱেশ কৰে, তাৰ পাছত অসমত প্ৰৱেশ কৰি ব্ৰহ্মপুত্ৰ নামেৰে বৈ যায়। অসমত ব্ৰহ্মপুৰৰ দৈর্ঘ্য প্রায় ৯০০ কিঃমিঃ। ব্ৰহ্মপুত্ৰৰ বিশেষত্ব হৈছে ইয়াৰ বিপুল জলপ্ৰৱাহ আৰু পলস বহন কৰাৰ ক্ষমতা। এই দুটা কাৰণেই নদীখনৰ গতিপথ সঘনাই সলনি হয়। যাৰ বাবে ব্ৰহ্মপুত্ৰ বিশ্বৰ অন্যতম বৃহৎ বেণীসদৃশ (Braided river) নদী। বিগত ১০ বছৰৰ সময়ছোৱাত ব্ৰহ্মপুত্ৰত উল্লেখযোগ্য ভৌগোলিক পৰিৱৰ্তন দেখা গৈছে। Remote Sensing আৰু GIS বিশ্লেষণে দেখুৱাইছে যে নদীৰ বহু অংশত মূল সোঁত স্থানান্তৰিত হৈছে। বিশেষকৈ উজনি অসমত নদীয়ে পাৰত অধিক চাপ সৃষ্টি কৰাৰ ফলত খহনীয়া বৃদ্ধি পাইছে। ডিব্ৰুগড়ত সর্বাধিক ক্ষয় ১৭৩.৬৬ বর্গ কিঃমিঃৰ বিপৰীতে বৰপেটাত সৰ্বাধিক ১৭৪.২১ বর্গ কিঃমিঃ নতুন ভূমিৰ সৃষ্টি হৈছে। এই তথ্যই স্পষ্টকৈ দেখুৱায় যে ব্রহ্মপুত্রই কেৱল ভূমি ক্ষয় নকৰে; একে সময়তে নতুন ভূমিও সৃষ্টি কৰে। কিন্তু নতুন ভূমিৰ অধিকাংশ অস্থায়ী চৰ, যাৰ স্থায়িত্ব কম। 

অসম চৰকাৰৰ তথ্য অনুসৰি ১৯১২-১৯২৮ৰ ভিতৰৰ সমীক্ষা মতে নদীখনৰ বিস্তৃতি আছিল ৩,৮৭০ বর্গ কিঃমিঃ, ১৯৬৩-১৯৭৫ৰ ভিতৰত ৪,৮৫০ বর্গ কিঃমিঃ আৰু ২০০৬ বর্ষত ইয়াৰ বিস্তৃতি হ'লগৈ ৬,০৮০ বর্গ কিঃমিঃ। অর্থাৎ প্রায় এটা শতিকাত ব্রহ্মপুত্রই নিজৰ বিস্তৃতি প্রায় ৫৭ শতাংশ বৃদ্ধি কৰিছে। বহু অঞ্চলত নদীৰ প্ৰস্থ ১০-১৫ কিল'মিটাৰলৈকে বৃদ্ধি পাইছে। ব্ৰহ্মপুত্ৰ বিশ্বৰ অন্যতম সর্বাধিক পলস বহন কৰা নদী। হিমালয়ৰ ভূমিস্খলন, শিলৰ ক্ষয় আৰু অতিবৃষ্টিৰ ফলত বিপুল পৰিমাণৰ পলস নদীখনলৈ আহে। যাৰ বাবে ক্ৰমাৎ নদীৰ তলদেশ বাম হৈ পৰিছে, নদীপথ সলনি হৈছে, নতুন চৰ সৃষ্টি হৈছে, বানৰ তীব্রতা বৃদ্ধি হোৱাৰ উপৰি খহনীয়াৰ ধৰণো সলনি কৰিছে। অসমৰ বাবে বানতকৈও অধিক ভয়ংকৰ সমস্যা হৈছে নদীৰ খহনীয়া। বানৰ পানী কিছুদিনৰ পাছত আঁতৰি যায়, কিন্তু খহনীয়াই এবাৰ মাটি খহাই নিলে সেই মাটি সাধাৰণতে ঘুৰি নাহে। যোৱা দহ বছৰত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনদীসমূহে অসমৰ হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি, গাঁও, বিদ্যালয়, পথ, নামঘৰ আৰু চৰকাৰী সম্পত্তি নদীগৰ্ভত বিলীন কৰিছে। জানিব পৰা মতে ডিব্ৰুগড়, অসমৰ সৰ্বাধিক খহনীয়াগ্রস্ত জিলা। ডিব্রুগড় জিলাই যোৱা দশকত সর্বাধিক ক্ষতিৰ সন্মুখীন হৈছে। মুঠ ভূমি ক্ষয় হৈছে ১৭৩.৬৬ বর্গ কিল'মিটাৰ। জিলাখনৰ আটাইতকৈ বেছি সংকটপ্ৰৱণ অঞ্চল ৰহমৰীয়া, মাইজান, বগীবিল, লাহোৱাল, ডিব্ৰুগড় চহৰৰ সুৰক্ষা মথাউৰি অঞ্চল। জিলাখনৰ বহু গাঁও সম্পূৰ্ণ স্থানান্তৰ কৰিবলগীয়া হৈছে। কৃষিভূমি, চাহ বাগিচাৰ অংশ আৰু পথ যোগাযোগো ক্ষতিগ্রস্ত হৈছে। ইয়াৰ পাছতে ধেমাজি খহনীয়া আৰু বান, দুয়োটা সমস্যাৰ একেলগে সন্মুখীন হোৱা জিলা। জিলাখনৰ বহু অঞ্চল সোৱণশিৰি আৰু ব্ৰহ্মপুত্ৰৰ মিলিত প্ৰভাৱে বহু কৃষিভূমি খহাই নিছে। ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ প্ৰভূত প্ৰভাৱ পৰিছে বিশ্বৰ অন্যতম বৃহৎ নদীদ্বীপ মাজুলীত। মাজুলীত আজিও খহনীয়া অব্যাহত থকাত ইয়াৰ পূৰ্বৰ আকাৰ বহুগুণে হ্রাস কৰিছে। 

ক্ষতিগ্রস্ত অঞ্চলৰ ভিতৰত কমলাবাৰী, দক্ষিণ মাজুলী, আফলামুখ, শালমৰা আদি। আনহাতে লখিমপুৰ সোৱণশিৰি আৰু ব্ৰহ্মপুত্ৰৰ মিলনস্থলৰ বাবে লখিমপুৰত নদীপথ সঘনাই সলনি হয়। অধিক ক্ষতিগ্রস্ত অঞ্চল- ঘিলামৰা, নাওবৈচা, বগীনদী আদি। তিনিচুকীয়া জিলাত ডিব্ৰু, লোহিত আৰু ব্ৰহ্মপুত্ৰৰ যৌথ প্ৰভাৱত বহু বনাঞ্চল আৰু চৰাঞ্চল সলনি হৈছে। বিশেষকৈ ডিব্ৰু-ছৈখোৱা অঞ্চল, গুইজান, কাকপথাৰ আদি। নদীপথ সলনিৰ ফলত জীৱ-বৈচিত্র্যৰ ওপৰতো প্ৰভাৱ পৰিছে। বিগত সময়ছোৱাত বহু ঠাইত নদীৰ মূল ধাৰা কেইবাশ মিটাৰৰ পৰা কেইবা কিল'মিটাৰলৈ স্থানান্তৰিত হৈছে। জলবায়ু পৰিৱৰ্তনৰ ফলতো ব্ৰহ্মপুত্ৰৰ ওপৰত বহু প্রভাৱ পৰিছে। ২০১৫-২৫ সময়ছোৱাত ব্ৰহ্মপুত্ৰ অৱবাহিকাত বৃষ্টিপাতৰ ধৰণত উল্লেখযোগ্য পৰিৱৰ্তন দেখা গৈছে। পূৰ্বৰ দৰে দীৰ্ঘদিন ধৰি একেধৰণে বৰষুণ নপৰি এতিয়া কম সময়ৰ ভিতৰতে অত্যধিক বৰষুণ (Extreme Rain-fall Event) হোৱা বৃদ্ধি পাইছে। ইয়াৰ ফলত নদীৰ পানী অতি দ্রুত বৃদ্ধি পাইছে, আকস্মিক বানৰ সৃষ্টি হৈছে, পাহাৰীয়া অঞ্চলত ভূমিস্খলন বৃদ্ধি পোৱাৰ বাবে নদীলৈ অধিক পলস আহিছে আৰু নদীখন ক্ৰমাৎ বাম হৈ পৰিছে। 

বিশেষজ্ঞসকলৰ মতে ভৱিষ্যতে বানৰ তীব্রতা বৃদ্ধি পাব, নদীপথ অধিক সঘনাই সলনি হ'ব, খহনীয়া বৃদ্ধি পাব আৰু চৰাঞ্চল অধিক অনিশ্চিত হ'ব। ব্ৰহ্মপুত্ৰ অসমৰ বাবে একে সময়তে আশীর্বাদ আৰু প্ৰত্যাহ্বান। এই নদীয়ে কৃষি, মৎস্য, পৰিবহণ আৰু সংস্কৃতিক সমৃদ্ধ কৰিছে, আনহাতে বান, খহনীয়া আৰু ভূমি ক্ষয়ৰ জৰিয়তে লাখ লাখ মানুহৰ জীৱন-জীৱিকাত গভীৰ প্ৰভাৱ পেলাইছে। ২০১৫-২০২৫ সময়ছোৱাই এটা কথা স্পষ্টকৈ প্রতিপন্ন কৰিছে ব্ৰহ্মপুত্র এখন জীৱন্ত আৰু গতিশীল নদী। ইয়াক সম্পূর্ণ নিয়ন্ত্ৰণ কৰাৰ সলনি ইয়াৰ স্বাভাৱিক গতিশীলতা বুজি বিজ্ঞানভিত্তিক আৰু সমন্বিত ব্যৱস্থাপনা গঢ়ি তোলাটোৱেই ভবিষ্যতৰ একমাত্র উত্তম পথ।

Share This