কি কি ভুল কৰিলে আপোনাৰ সুন্দৰ চকুযুৰি নষ্ট হ’ব পাৰে? জানি লওক উত্তৰ

Kakali Deka August 21, 2023

ডিজিটেল ডেস্কঃ চকুৱেই হৈছে আমাৰ শৰীৰৰ সেই বহুমূলীয়া অংগ যাৰ সহায়ত আমি এই পৃথিৱীৰ সৌন্দৰ্য্য দেখিবলৈ পাওঁ। সেইবাবেই আমি আমাৰ চকুৰ যত্ন ভালকৈ লোৱা উচিত। কিন্তু আমি প্ৰতিদিনে জানি বা অজানিতে এনে কিছুমান ভুল কৰো, যাৰ ফলত আমাৰ চকুৰ ক্ষতি হ’ব পাৰে। চকুৰ বিষ, মূৰৰ বিষ, চকুৰ গধুৰ ভাৱ, চকু শুকান আৰু দৃষ্টিশক্তি ম্লান হোৱা আদি সমস্যা হ’ব পাৰে। ইয়াৰ উপৰিও আপোনাৰ টোপনিৰ সমস্যাও হ’ব পাৰে। কি কথাত আমি দূৰত্ব বজাই ৰখা উচিত জানো আহক।

১) গৰম পানীৰে চকু ধুব নালাগেঃ কিছুমান মানুহে গৰম পানীৰে চকু ধুৱে। তেনে কৰিলে বিপদজনক বুলি প্ৰমাণিত হ’ব পাৰে। চকুৰ যত্ন লৈ সদায় ঠাণ্ডা পানীৰে ধুব লাগে।

২) চকু টিপিয়াই নথকাঃ চকু টিপিয়াই থকাটো অতি গুৰুত্বপূৰ্ণ। এনে কৰি আপুনি মানসিক চাপ আৰু চকুৰ গধুৰ ভাৱৰ পৰা হাত সাৰিব পাৰে। ইয়াৰ ফলত চকুত বিৰতি পোৱা যায়। এনে কৰিলে চকু শুকান নহয়। ইয়াৰ লগতে চকুৰ মলিও ওলাই আহে। চকু টিপিয়াই নথকাটো বেয়া অভ্যাস।

৩) আৰ্টিফিচিয়েল আই ড্ৰপৰ অত্যধিক ব্যৱহাৰঃ চকুত বিষ হ’লে যদি আপুনি আৰ্টিফিচিয়েল আই ড্ৰপ অত্যধিক ব্যৱহাৰ কৰে, তেন্তে ই সমস্যাৰ সৃষ্টি কৰিব পাৰে। চিকিৎসকৰ পৰামৰ্শ মতে চকুত আৰ্টিফিচিয়েল আই ড্ৰপ লগাব লাগে।

৪) চকুৰ মাস্কঃ কিছুমানে শুই থকাৰ সময়ত চকুৰ ওপৰত চকুৰ মাস্ক পিন্ধে। কিন্তু শুই থকাৰ সময়ত সকলো সময়তে চকুৰ মাস্ক লগালে ক্ষতি হ’ব পাৰে।

৫) এন্ধাৰতো মোবাইল টিপি থকাঃ বহু মানুহে লাইট বন্ধ কৰি এন্ধাৰত মোবাইল ফোন টিপি থাকে। এয়া অতি বেয়া অভ্যাস। আপুনি কৰি ভালপোৱা এই কামটোৱে আপোনাৰ চকুযুৰিৰ ভীষণ ক্ষতি কৰি আছে..আপুনি জানেনে?

Share This