হোৱাটছএপক 'ইউজাৰনেম' বন্ধ কৰাৰ নিৰ্দেশ কেন্দ্ৰৰ

dainik janambhumi July 04, 2026

ডিজিটেল ডেস্ক : চাইবাৰ অপৰাধ হ্ৰাসৰ লক্ষ্যৰে হোৱাটছএপৰ ফ'ন নম্বৰৰ 'ইউজাৰনেম' ব্যৱহাৰৰ ব্যৱস্থাটো সলনি কৰিবলৈ দিয়া নিৰ্দেশ অৱমাননা কৰাৰ বাবে হোৱাটছএপ কর্তৃপক্ষলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে কেন্দ্রীয় চৰকাৰে। 

হোৱাটছএপ ব্যৱহাৰকাৰীৰ 'ইউজাৰনেম'ৰ জৰিয়তে চাইবাৰ অপৰাধী চক্ৰই ডিজিটেল এৰেষ্ট, পৰিচয় জালিয়াতি, ফিচিং আদি অপৰাধমূলক কামত লিপ্ত হৈ হোৱাটছএপ ব্যৱহাৰকাৰীক প্ৰৱঞ্চনা কৰিব পাৰে। এই নেতিবাচক দিশবোৰ অনুধাৱন কৰি কেন্দ্ৰীয় চৰকাৰে পৰৱৰ্তী নির্দেশ নিদিয়া পর্যন্ত ভাৰতত হোৱাটছএপৰ 'ইউজাৰনেম' ব্যৱস্থাটো সলনি কৰাৰ নির্দেশ দিছিল। 

কাৰণ দৰ্শোৱাৰ জাননীত চৰকাৰে উল্লেখ কৰিছে যে হোৱাটছএপে পর্যায়ক্রমে ইউজাৰ নেম ব্যৱস্থা সলনি কৰাৰ ঘোষণা চৰকাৰে পাইছে; কিন্তু দুষ্ট চক্ৰই ইউজাৰনেমত নিজৰ পৰিচয় লুকুৱাই অঘটন ঘটাব পাৰে।

Share This