ছাল আৰু চুলিত serum লগোৱাৰ প্ৰয়োজন কেতিয়া জানো আহক
Dainik Janambhumi
August 17, 2024
মধুমিতাৰ একলম ......
ডঃ মধুমিতা শইকীয়া, সৌন্দৰ্য শিক্ষাবিদ
ডিজিটেল ডেস্কঃ সৌন্দৰ্য চৰ্চাৰ বহুত বিজ্ঞান সন্মত গৱেষণা চলি থাকে যাৰ বাবে দ্ৰুত গতিত নিত্য নতুন সামগ্ৰীৰ সংযোজন হোৱা দেখা যায়। বৰ্তমান Serum সামগ্ৰীসমূহ বহুত চৰ্চাত আছে। প্ৰথমে চুলিৰ serum ব্যৱহাৰ কৰা দেখা গৈছিল এতিয়া ছালৰ ছেৰামে চৰ্চা লাভ কৰিছে। কিছুমান বিজ্ঞাপনত এনেকৈ দেখায় যেন এবাৰ অলপ serum লগালেই মানুহৰ একদম ছাল চুলি জকমকীয়া হৈ পৰে। ফলত কিনি লগাই একো কাম নাপাই নিৰাশ হয়।
serum হৈছে ছাল চুলিৰ যত্নৰ বাবে ব্যৱহাৰ কৰা উন্নত দ্ৰব্যৰ concentrated form । ইয়াত মূল মৌলিক অংশ থাকে গতিকে নিচেই অলপহে ব্যৱহাৰ কৰিব লাগে। ই বজাৰত যদিও নতুন আয়ুৰ্বেদত নতুন নহয়। পঞ্চামৃত এটা এনে ধৰণৰ concentrated form যিয়ে অলপতে বহুত কামত দিয়ে।
serum চুলি বা ছালৰ বাবে হ'ব পাৰে। এনেয়ে serum লগাব নালাগে৷ শেষ অস্ত্ৰ বা মৃত সঞ্জীৱনীৰ দৰেহে ব্যৱহাৰ কৰিব লাগে। যেতিয়া আৰু বেলেগ কোনো উপাই নাথাকে। শেহতীয়াকৈ দেখা গৈছে অনলাইন বিজ্ঞাপনত দেখি সকলোৱে ক্ৰয় কৰে, লগায় কিন্ত কামত নিদিয়ে, বিমুখ হয়, এৰে আকৌ নতুন এটা বেলেগ ক্ৰয় কৰে, লগায় আকৌ বিমুখ হয়। তেন্তে উপাই কি?
serum কিনাৰ আগতে ছাল চুলিৰ ভালদৰে পৰীক্ষা কৰাই ল'ব লাগে। বহুতে ছাল আৰু চুলিৰ dry-oily পৰীক্ষা কৰিলেই পৰীক্ষা সম্পূৰ্ণ হোৱা বুলি ভাবে। তেনে নহয় । এই সন্দৰ্ভত আন এদিন আলোচনা কৰিম বাৰু।
ছাল চুলিৰ serum লগাওতে ভালদৰে পৰীক্ষা কৰি ল'ব লাগে। তাৰ পিছত সেই অনুসৰি যোগ্য serum কিনি লগাব লাগে। তাৰ আগতে ছাল আৰু চুলি serum লগাবলৈ প্ৰস্তুত কৰি লব লাগে। Detox কৰি লব লাগে, চাফা কৰি ছাল চুলিৰ প্ৰয়োজনীয় তেল, ক্ৰীম , পেক লগাই ঠিক কৰি লৈ তাৰ পিছত হে এক বা দুই টোপাল লগাব লাগে। ছাল আৰু চুলিত absorb হ'লে ইয়াক seal কৰিব লাগে। তেতিয়াহে কামত দিয়ে।
সাধাৰণভাৱে চুলিৰ বাবে প্ৰয়োজনীয় বনৌষধি, খাদ্যপ্ৰাণ আদিৰ concentrated form serum হিচাপে ছিগনেশ্বাৰ হেয়াৰ গ্ৰোথ ছেৰাম ব্যৱহাৰ কৰিব পাৰে। ইয়াত প্ৰায় ২১বিধ বনৌষধীৰ মৌল আছে। ইয়াক মাত্ৰ ২-৩ টোপাল লগাই seal কৰিব। ছালৰ বাবে চাইট্ৰাচ ছেৰাম যত খাদ্য প্ৰাণ “গ” ভৰপূৰ পৰিমানত concentrated formত আছে । ইয়াক ব্যৱহাৰ কৰিলে ছাল খনৰ পৰা সকলো সংক্ৰমণ আঁতৰে, ছালৰ আয়ুস ৰেখা বাঢ়ে। কেতিয়াবা ছালত যি লগালেও ভাল নহয়, তেনে অবস্থাত গ্ৰীণ গোল্ড serum লগাব লাগে। ইয়াত সোণৰ লগত বনৌষধি থকা বাবে ছালত লগালে ছালৰ ক'লাজেন উৎপাদন বাঢ়ে, ছাল মোলায়েম হয়, ৰং চাফা হয়, বয়সৰ ছাপ আঁতৰে।
Share This