ঘৰত কুৱা, দমকল, পুখুৰী আদি কোন দিশত থাকিব লাগে ? জানক সবিশেষ 

Kakali Deka November 16, 2023

ডিজিটেল ডেস্কঃ দিশ অনুযায়ী বাস্তুৰ অৱস্থান নির্ণয় কৰাটো অতি প্রয়োজনীয় কথা। পঞ্চ তত্ত্বৰ ওপৰত ভিত্তি কৰি বাস্তুৰ অৱস্থান সঠিকভাৱে নিৰ্ণয় কৰিব নোৱাৰিলে মানুহে বিভিন্ন ধৰণৰ আহুকালৰ সম্মুখীন হ'বলগীয়া হ'ব পাৰে। সেইবাবে গৃহ আদি নিৰ্মাণ কৰাৰ সময়ত সদায় দিশ অনুযায়ী বাস্তুৰ স্থান নির্ণয় কৰি ল'ব লাগে।

উত্তৰ-পূবঃ উত্তৰ-পূব দিশটো বাস্তু বিজ্ঞান অনুযায়ী পানীৰ স্থান। সেইবাবে উত্তৰ পৰ্ব দিশত কুঁৱা, পুখুৰী, দমকল আদি স্থাপন কৰিব লাগে।

উত্তৰ-পশ্চিমঃ বাস্তু বিজ্ঞান অনুসৰি উত্তৰ-পশ্চিম দিশটো হৈছে বায়ু কোণ। সেয়ে এই দিশটো আবদ্ধ কৰি ৰাখিব নালাগে। এই দিশটো আবদ্ধ কৰি ৰাখিলে ঘৰৰ চৌহদত বায়ু ভালদৰে চলাচল কৰিব নোৱাৰিব। সেয়ে এই বিশটো সদায় খোলা অৱস্থাত ৰাখিব লাগে। এনে দিশত ভঁৰালঘৰ, অতিথিশালা আদি স্থাপন কৰিব পাৰি।

দক্ষিণ-পূর্ব - বাস্তু বিজ্ঞান অনুসৰি দক্ষিণ পূব দিশটো হৈছে অগ্নি স্থান। এই স্থানত সেয়ে ৰান্ধনি ঘৰ, হিটাৰ হিট চেম্বাৰ ৰয়লাৰ আদিকে ধৰি

উত্তাপ সৃষ্টি কৰা গৃহ স্থাপন কৰিব লাগে।

দক্ষিণ-পশ্চিম দক্ষিণ-পশ্চিম দিশটো বাল্ব বিজ্ঞানৰ মতে ভূমিৰ স্থান। এই স্থানত বাসভৱন আদি তৈয়াৰ কৰিব পাৰি৷ বাস্তু বিজ্ঞানৰ মতে

ব্ৰহ্ম স্থান হৈছে বাসগৃহ এটাৰ কেন্দ্ৰ হল। এই কেন্দ্ৰস্থলত কোনোধৰণৰ প্ৰতিবন্ধকতা, যেনে- দেৱাল, খুঁটা আদি স্থাপন কৰিব নালাগে।

Share This