দেশৰ কোনখন নদী পুৰুষ নদী ? আপুনি বাৰু জানেনে এই ৰহস্যটো!

Kakali Deka August 09, 2023

ডিজিটেল ডেস্কঃ নদীবোৰ হৈছে জীৱনৰ উৎস। মানৱ সভ্যতা আৰম্ভণি হৈছিল নদীৰ পাৰৰ পৰাই। সেয়েহে সকলোবোৰ নদীকে ভাৰতত মাতৃৰ মৰ্যাদা দিয়া হৈছে। কিন্তু এই ভাৰতত এখন নদী আছে যাক পৃথিৱীৰ একমাত্ৰ পুৰুষ নদী বুলি কোৱা হয়। এই নদীখনৰ নাম হ'ল ব্ৰহ্মপুত্ৰ নদী। আজি এই লিখনিত আপোনালোকলৈ লৈ আহিছো এই নদীখনৰ বিশেষত্ব আৰু লগতে ইয়াৰ লগত জড়িত ৰহস্যৰ। যাৰ বাবে ব্ৰহ্মপুত্ৰক পৃথিৱীৰ একমাত্ৰ পুৰুষ নদী বুলি কোৱা হয়।

ব্ৰহ্মপুত্ৰ কেনেকৈ পুৰুষ নদী হ'ল ?

হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি ব্ৰহ্মপুত্ৰ নদীক ভগৱান ব্ৰহ্মাৰ পুত্ৰ বুলি গণ্য কৰা হয়। হিন্দু ধৰ্মৰ সমান্তৰালকৈ এই নদীখনক জৈন আৰু বৌদ্ধ ধৰ্মৰ অনুগামীসকলেও শ্ৰদ্ধা কৰে। বৌদ্ধ ধৰ্ম বিশ্বাসীসকলে এই নদীৰ উৎপত্তি এটা মহান হ্ৰদ চাং থাং মালভূমিৰ পৰা হোৱা বুলি বিশ্বাস কৰে। আনহাতে, হিন্দু ধৰ্মত বিশ্বাসীসকলৰ বাবে ব্ৰহ্মপুত্ৰ নদী ব্ৰহ্ম আৰু আমোঘ ঋষিৰ পুত্ৰ। 

এই নদীখন কেৱল ভাৰততহে বৈ নেকি?

তিব্বতৰ পৰা উৎপত্তি হোৱা এই নদীখন কেৱল ভাৰততে বৈ যোৱা নাই। ই ভাৰতৰ মাজেৰে বাংলাদেশলৈ পাৰ হৈ গৈছে । তিব্বতত এই নদীখনক ইয়াৰলুং ছাংপো বুলি কোৱা হৈছে। আচলতে এই নদীৰ উৎপত্তি তিব্বতৰ পুৰাং জিলাত অৱস্থিত মানস সৰুবৰ হ্ৰদৰ ওচৰত। এই নদী ভাৰতৰ আটাইতকৈ দীঘল নদী। ভাৰতৰ এই নদীখনৰ দৈৰ্ঘ্য প্ৰায় ২৭০০ কিলোমিটাৰ। অৱশ্যে এই নদীখন বাংলাদেশত প্ৰৱেশ কৰাৰ লগে লগে তাত পদ্মা বুলিও কোৱা হয়।

Share This