কাৰ মোবাইলৰ পৰা ভাইৰেল হৈছিল অনুৰাগ-ইন্দ্ৰাণীৰ অন্তৰংগ ফটো? আৰক্ষীৰ তদন্ত আৰম্ভ

Kakali Deka August 12, 2023

ডিজিটেল ডেস্কঃ বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাক লৈ চাঞ্চল্য অব্যাহত আছে। ছচিয়েল মিডিয়াত আপত্তিজনক ফটো ভাইৰেল হোৱাৰ পাছতেই আত্মহত্যাৰ পথ বাচি লয় ইন্দ্ৰাণীয়ে। গোলাঘাটৰ বিজেপি নেতা অনুৰাগ চলিহাৰ লগত ইন্দ্ৰাণী তহবিলদাৰৰ অন্তৰংগ মুহূৰ্তৰ ছবি ভাইৰেল হৈছিল।

অনুৰাগ চলিহাই এই ছবি ভাইৰেল কৰিলে বুলি অভিযোগ উত্থাপন হৈছিল। পাছে শেহতীয়াকৈ ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহননৰ মূল অভিযুক্ত অনুৰাগ চলিহাৰ বিৰুদ্ধে আৰক্ষীয়ে চাঞ্চল্যকৰ তথ্য লাভ কৰিছে।

অনুৰাগ চলিহাৰ বৃহৎ টকাৰ লেনদেন আছিল একাংশ লোকৰ লগত। চাকৰি আৰু ঠিকা আৱন্তন দিয়াৰ নামত কোটি কোটি  টকা সংগ্ৰহ কৰিছিল অনুৰাগ চলিহাই। কিন্তু অনুৰাগ চলিহাই কাকো চাকৰি অথবা ঠিকা দিব পৰা নাছিল। 

ফলত সেইসকল ব্যক্তিৰ লগত সংঘাতৰ সৃষ্টি হৈছিল অনুৰাগৰ। কিছুদিন পূৰ্বে টকা নাপায় অনুৰাগ চলিহাক বন্ধক বনাইছিল সেই ব্যক্তিসকলে। এই বৃহৎ টকাৰ লেনদেন সমাপ্ত কৰিব নোৱাৰাত বন্ধকত থকা অনুৰাগৰ লগত ভয়ংকৰ মাৰপিটৰ ঘটনাও সংঘটিত হৈছিল। আনকি অনুৰাগ চলিহাৰ ব্যক্তিগত মোবাইল ফোন মূল্যৱান এটা ঘড়ীকে ধৰি আন কিছু মূল্যৱান সামগ্ৰী জব্দ কৰিছিল লোকসকলে।

অনুৰাগৰ ব্যক্তিগত মোবাইলটোৰ পৰা গেলেৰীৰ পৰা আপত্তিজনক ফটো ভিডিও সংগ্ৰহ কৰিছিল সেই লোকসকলে। তাতে লোকসকলে পায় অনুৰাগ আৰু ইন্দ্ৰাণীৰ আপত্তিজনক ফটো।

তাৰ পাছতে ধন ওভতাই নাপায় সেই ফটো ভাইৰেল কৰাৰ ভাবুকি দি আহিছিল লোকসকলে। সময়ত ধন ঘূৰাই নাপায় ছচিয়েল মিডিয়াত সেই ফটো তেওঁলোকে ভাইৰেল কৰি দিছিল।

ফটো ভাইৰেলৰ উৎস বিচাৰি চাইবাৰ চেলে আৰম্ভ কৰিছে অনুসন্ধান। কাৰ মোবাইলৰ পৰা প্ৰথমে ফটোখন ভাইৰেল হৈছিল তাৰ তদন্তত নামি পৰিছে আৰক্ষী।

ইন্দ্ৰাণীয়ে স্বামী, মাতৃ আৰু এগৰাকী কণমানি কন্যা সন্তান এৰি থৈ গৈছে।

Share This