ৰ'দ বুলি কিয় ইমান ভয় কৰে?
Dainik Janambhumi
August 27, 2024
মধুমিতাৰ একলম ......
ডঃ মধুমিতা শইকীয়া, সৌন্দৰ্য শিক্ষাবিদ
ডিজিটেল ডেস্কঃ ৰ'দ বুলি কিয় ইমান ভয় কৰে? স্বাস্থ্য আৰু সৌন্দৰ্যৰ প্ৰতি সজাগ লোকে ৰ'দ ভালহে পাব লাগে। পুৱাৰ কোমল ৰ’দত বহি ৰ’দ দেহত লগায়৷ তাকে ভাবি -গুণি লিখিবলৈ লৈছোঁ। চিকিৎসকসকলৰ মতে গুৱাহাটী চহৰৰ ৩১% লোকৰ খাদ্য প্ৰাণ ঘ ৰ অভাৱ ঘটিছে। তাৰ বাবে বহুতৰ হাত ভৰিৰ বিষ, মুৰ ঘুৰাই, গাৰ বিষ, চৰৰ্দি লাগি থাকে, দাঁতৰ সমস্যা ,ছালখন ম্লান পৰি থাকে। দুৰ্বল অনুভৰ কৰে।
ৰ'দৰ ৰশ্মি গাত পৰিলেই অনুভৱ কৰিবচোন, শৰীৰৰ কোষবিলাকে যেন নাচি উঠিছে। মাংসপেশীবোৰৰ কিবা চলাচল হ’ব ধৰিছে। হাড়বোৰে যেন শক্তি লৈ আছে। মনটো ভাল লাগিব ধৰে। কাম কৰিবলৈ মন যায়। জ্বৰ, চৰ্দি, কাহ ভাল হয়। বিষ ভাল হ’বলৈ ধৰে। ছালখন ৰঙা বগা হ’ব ধৰে। চুলিৰ জিলিকি উঠা দেখা যায়।
পুৱাৰ ৰ’দ ২০ মিনিটমান ল’ব পাৰিলে ভাল।এই ৰশ্মিত FIR থাকে, মানে Far Infra Red Ray। অৰ্থাৎ দীঘলীয়া হেঙুনীয়া ৰশ্মি। এই ৰশ্মিৰ বহুত গুণ। বিশেষজ্ঞসকলে কয় যে এই ৰশ্মি নিয়মীয়াকৈ পাই থাকিলে Cancer হোৱাৰ ভয় ৪৩% কমি যায়। Arthritis, rhuemetic, gout, ciatica আদি ৰোগ কমি থাকে। Depression, stress, anxiety আদি ভাল হোৱাৰ সম্ভাৱনা বাঢ়ে। শৰীৰে শক্তি পায়। পুৱাৰ ৰ'দ ১০ মিনিট ছালত পৰিলে pigmentation, malsma freckles আদি পৰাৰ সম্ভাৱনা ৫২% কমে। Sinus , ferengitis, bronchitis, asthma আদি ৰোগ ভাল হয়। Nerves সমস্যা আঁতৰত থাকে।
এতিয়া কথা হ’ল এই ৰশ্মি কেতিয়া পোৱা যায়? অসমত সূৰ্য উদয় হোৱাৰ পৰা পুৱা ৭.৩০ গৰমৰ দিনত আৰু ৮.৩০ ঠাণ্ডা দিনত FIR পোৱা যায়। তাৰ পিছত পুৱা ৯.৩০-১০ লৈ UVRay A মানে অতি বেঙুনীয়া ৰশ্মি ক পাওঁ। ই ঠিকেই আছে কিন্তু ছাল ক'লা পৰে যদি বেছি দেৰিকৈ থাকে। তাৰ পিছত UVRay B, মানে অতি বেঙুনীয়া ৰশ্মি খ আহে। ই ভাল নহয়। পৰাপক্ষত এই ৰশ্মিৰ পৰা আঁতৰি থাকিব।এই ৰশ্মিৰ পৰা ছালত দাগ পৰে, চুলি নষ্ট হয়।
বহুতে চাগে’ ৰাতিপুৱা নুঠে। চহৰ অঞ্চলৰ মানুহে ৰাতি দেৰিকৈ কাম কৰিব লাগে ফলত পুৱা সোনকালে উঠা সম্ভৱ নহয়। তেওঁলোকে সেইবাবেই নানা শাৰীৰিক, মানসিক সমস্যাৰ সন্মুখীন হ’ব লগা হয়। বহুতে flat apartment নাইবা ৰ'দ নপৰা ঘৰত থাকে। ৰ'দ নপৰা জেকা ঘৰত থকাৰ ফলত বহুত সমস্যা লৈ ঔষধ খাই খাই কোনোমতে জীয়াই থাকে। পশ্চিমীয়া দেশৰ এই সমস্যা বহুত। তেওঁলোকৰ বছৰৰ বেছিভাগ সময়ত ৰ'দ নোলায়। গতিকে বহুত সমস্যাত ভোগে। সেইবাবেই তেওঁলোকৰ সপোন ভাৰত, শ্ৰীলংকা, থাইলেণ্ড, মালয়েছিয়া, বালি, ফিলিপাইন আদি দেশত আহি ৰ'দৰ ৰশ্মি লৈ শৰীৰ মন ভাল কৰা। তেওঁ লোকে beachত sunbath কৰি থকা দৃশ্য দেখিবলৈ পাওঁ। সেইবাবেই কওঁ যিমান পাৰে ৰাতিপুৱাৰ ৰ'দৰ ৰশ্মি ল’ব। শৰীৰ মন ভালে ৰাখিব। এটায়েই জীৱন, সুখত জীয়াওক।
Share This