প্ৰতিটো পূজাত পুৰুষেহে নাৰিকল ভাগে কিয় ? ইয়াৰ আঁৰৰ ৰহস্য কি?

Kakali Deka August 17, 2023

ডিজিটেল ডেস্কঃ যেতিয়া দেৱতা-অসুৰৰ মাজত সমুদ্ৰ মন্থন হৈছিল, তেতিয়া বিষ্ণুৱে পৃথিৱীলৈ নাৰিকল লগত লৈ আহিছিল। তেতিয়াৰ পৰাই নাৰিকলক শুভ আৰু পবিত্ৰ বুলি গণ্য কৰা হৈছিল । কেতিয়াবা হয়টো আপোনাৰ মনতো এটা প্ৰশ্ন উদয় হয় প্ৰতিটো পূজাৰ সময়ত কেৱল পুৰুষেহে নাৰিকল ভাগে কিয় ? ইয়াৰ আঁৰৰ বিশ্বাস আচলতে কি? আজি এই প্ৰতিবেদনত আপোনালোকক জনাম সবিশেষ।

পৌৰাণিক কাহিনী অনুসৰি ভগৱান বিষ্ণু পৃথিৱীলৈ আহোঁতে স্বৰ্গৰ পৰা তিনিটা বস্তু লগত লৈ আহিছিল। লক্ষ্মী, কামধেনু গৰু আৰু নাৰিকল গছ। নাৰিকল ভগৱান বিষ্ণু আৰু মা-লক্ষ্মীৰ প্ৰতীক বুলি গণ্য কৰা হয়। ইয়াত ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ বাস কৰে। নাৰিকলক শ্ৰীফল বুলিও কোৱা হয়। শ্ৰী মানে লক্ষ্মী, গতিকে মা-লক্ষ্মীৰ বাবে নাৰিকল অতি প্ৰিয় ফল। দেৱতাসকলক এই ফল আগবঢ়াই দিলে ধনৰ কোনো সমস্যা নাথাকে বুলি লোকবিশ্বাস।

নাৰিকলক বীজৰ ৰূপ হিচাপে গণ্য কৰা হয়। সনাতন ধৰ্মত বীজটোক ভ্ৰূণৰ লগত সংযুক্ত হোৱা দেখা যায়। নাৰীক ভগৱানে সন্তান জন্ম দিয়াৰ বৰদান দিছে। এগৰাকী নাৰীয়ে নিজৰ সন্তানক যিদৰে জানি বুজি একো ক্ষতি কৰিব নোৱাৰে। ঠিক একেদৰেই এগৰাকী মহিলাই ইয়াক বীজ ৰূপী নাৰিকলক ভাগিন নোৱাৰে। মহিলাৰ বাবে নাৰিকল ভাঙিলে শিশুৰ ক্ষতি হোৱা বুলি লোক বিশ্বাস কৰে। এই কাৰণেই মহিলাসকলে নাৰিকল নাভাঙে।
          মানুহে বিশ্বাস কৰে নাৰিকলে শৰীৰৰ দুৰ্বলতা দূৰ কৰে আৰু দেৱ-দেৱীক নাৰিকল অৰ্পণ কৰিলে টকা-পইছা সমস্যাবোৰ নোহোৱা হয়। সেয়েহে যিকোনো ধৰণৰ শুভ কাম, পূজা আদিত ভগৱানক অৰ্পণ কৰা হয় নাৰিকল। ইয়াৰ কাৰণ হ’ল নাৰিকলৰ ভিতৰৰ পানী অতি পবিত্ৰ। আমি নাৰিকল ভাঙিলে তাৰ পানী চাৰিওফালে সিঁচৰতি হৈ যায়। যাৰ বাবে সকলো ঋণাত্মক শক্তিৰ অন্ত পৰে আৰু ধনাত্মক শক্তিৰ আগমন ঘটে। ইয়াৰ উপৰিও মনৰ কামনা পূৰণৰ বাবে মন্দিৰত নাৰিকল ভাঙি দিয়া হয়।

Share This