শ্বাহৰূখ খানৰ সৈতে KKRৰ মেচ উপভোগ কৰিবলৈ কিয় ভয় খায় জুহি চাওলাই?

Rashmi March 24, 2025

ডিজিটেল ডেস্কঃ আৰম্ভ হৈছে আই পি এল ২০২৫। ইয়াৰ মুকলি অনুষ্ঠান ইডেন গাৰ্ডেনত অনুষ্ঠিত হয়। প্ৰথমখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মাজত অনুষ্ঠিত হয়। য'ত কলকাতা নাইট ৰাইডাৰ্ছে পৰাজয়ৰ সন্মুখীন হ’ল। কে কে আৰৰ পৰাজয়ৰ পিছত ষ্টেডিয়ামত দুখী হৈ বহি থকা শ্বাহৰূখ খানৰ ফটো ভাইৰেল হৈ পৰিছে। অৱশ্যে এয়া মাত্ৰ আৰম্ভণিহে। আগন্তুক মেচখনত কে কে আৰে নিজৰ যাদু প্ৰদৰ্শন কৰা দেখা যাব।

প্ৰতিখন মেচৰ লগে লগে ৰাইজৰ উত্তেজনা বাঢ়িছে। জুহি চাওলা আৰু শ্বাহৰূখ খানৰ দল কলকাতা নাইট ৰাইডাৰ্ছ। শ্বাহৰূখ আৰু জুহি চাওলাই বহু ছবিত একেলগে কাম কৰিছে। দুয়োজনেই ভাল বন্ধুৰ লগতে ব্যাৱসায়িক অংশীদাৰ। দুয়োজনেই কে কে আৰৰ সহস্ৰজনো। জুহি চাওলাই এবাৰ প্ৰকাশ কৰিছিল যে তেওঁ শ্বাহৰূখ খানৰ সৈতে কে কে আৰৰ মেচ উপভোগ কৰাৰ পৰা বিৰত থাকে।

শ্বাহৰূখ খান আৰু জুহি চাওলা প্ৰায়ে ষ্টেডিয়ামলৈ গৈ নিজৰ দলৰ বাবে উৎসাহ যোগায় । কিন্তু তেওঁ শ্বাহৰূখৰ লগত যোৱাৰ পৰা বিৰত থাকে। এক সাক্ষাৎকাৰত তেওঁ ইয়াৰ আঁৰৰ কাৰণ বুজাই দিছে।

জুহিয়ে এবাৰ কৈছিল যে শ্বাহৰূখৰ সৈতে মেচ চোৱাৰ অভিজ্ঞতা ভাল নহয়। কাৰণ যেতিয়াই দলটোৱে ভাল প্ৰদৰ্শন নকৰে তেতিয়াই তেওঁলোকে মোৰ ওপৰত নিজৰ সকলো খং উদঙাই দিয়ে। দলটোৱে ভাল প্ৰদৰ্শন নকৰিলে ময়ে হওঁ জগৰীয়া৷ সেইবাবে আমি দুয়ো একেলগে খেলখন চাবলৈ আৰাম নাপাওঁ।

উৎস: প্ৰাগ নিউজ ডিজিটেল
 

Share This