যুৱ প্ৰাপ্তবয়স্কসকলৰ মাজত কিয় বৃদ্ধি পাইছে হাৰ্ট এটেকৰ ঘটনা

Rashmi June 29, 2025

ডিজিটেল ডেস্ক : হৃদৰোগত আক্ৰান্ত হৈ বিশ্বজুৰি ১৭.৭ মিলিয়ন লোকৰ মৃত্যু হৈছে । বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, এই মৃত্যুৰ এক-পঞ্চমাংশ লোক কেৱল ভাৰতৰ, বিশেষকৈ যুৱক-যুৱতী ।

গ্ল'বেল বার্ডেন অব ডিজিজৰ প্ৰতিবেদন অনুসৰি, ভাৰতৰ সকলো ৰোগৰ প্ৰায় এক-চতুর্থাংশ হৃদতন্ত্ৰৰ পৰিস্থিতিৰ পৰা উদ্ভৱ হয় । প্রাথমিকভাৱে "৪ এইচ"-হার্ট এটেক, হাইপাৰটেনশ্যন, হার্ট ফেইলাৰ আৰু হাৰ্টৰ পেশী ৰোগ । উচ্চ ৰক্তচাপৰ ফলত নীৰৱে ৰক্তবাহী নলীৰ ক্ষতি হয়, যাৰ ফলত হৃদৰোগ আৰু হৃদপিণ্ড বিকল হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় । ৰক্ত প্ৰৱাহ বন্ধ হোৱাৰ ফলত হোৱা হৃদৰোগত হৃদপিণ্ডৰ পেশী দুৰ্বল হ'ব পাৰে, যাৰ ফলত হৃদযন্ত্র বিকল হ'ব পাৰে । সময়ৰ লগে লগে, এই সমস্যাবোৰৰ ফলত কার্ডিঅ'মাইঅ'পেথী হ'ব পাৰে, য'ত হৃদতন্ত্ৰ বন্ধ বা জঁঠৰ হৈ পৰে, যাৰ ফলত ইয়াৰ কাৰ্যকলাপত অধিক প্রভাৱিত হয় ।"

যুৱ প্ৰাপ্তবয়স্কসকলৰ মাজত কিয় বৃদ্ধি পাইছে হাৰ্ট এটেকৰ ঘটনা

মেডাণ্টা কার্ডিয়াক কেয়াৰৰ ক্লিনিকেল এণ্ড প্রিভেন্টিভ কার্ডিঅ'লজি বিভাগৰ অধ্যক্ষ ডাঃ আৰ আৰ কাছলিৱালে  কয় যে ভাৰতত যুৱ প্রাপ্তবয়স্কসকলৰ মাজত হার্ট এটেক বৃদ্ধি হোৱা দেখা গৈছে। এতিয়া ৪৫-৫০ বছৰ বয়সৰ তলৰ লোক হৃদৰোগত আক্ৰান্ত হৈছে। হৃদৰোগত আক্ৰান্ত হোৱাৰ মুখ্য কাৰণ হৈছে ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ । তদুপৰি মানসিক চাপ , প্ৰচেছ ফুড গ্ৰহণ , অত্যধিক নিমখ , অত্যধিক চেনি গ্ৰহণ , ধূমপান, শৰীৰ চৰ্চা নকৰাৰ ফলত হৃদৰোগত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ।

কেনেধৰণৰ ধৰণৰ খাদ্য গ্ৰহণ কৰা উচিত ?

তেওঁ কয় -জনসাধাৰণে হৃদৰোগৰ পৰা হাত সাৰিবলৈ ল ফেট ড্ৰাইড কৰিব লাগে । সেউজীয়া শাক-পাচলি খোৱাৰ উপৰি চালাড খাব লাগে । প্ৰচেছ ফুড , অত্যধিক মিঠা আৰু নিমখ বৰ্জন কৰিব লাগে । শৰীৰ চৰ্চা কৰিব লাগে । যোগেই হওক বা খোজকঢ়া যিকোনো ধৰণৰ শৰীৰ চৰ্চাৰ ওপৰত গুৰুত্ব দিব লাগে।

হাৰ্ট এটেকৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে ?

১/ নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা

বিশেষকৈ ৩০ বছৰৰ ওপৰৰ হ’লে ৬ মাহত এবাৰ ৰক্তচাপ, কলেষ্টেৰল আৰু শৰ্কৰা পৰীক্ষা কৰক ৷

২/ ধূমপান আৰু সুৰাপান কৰাৰ পৰা আঁতৰি থাকক

এই দুয়োটা হৃদৰোগৰ লগত প্ৰত্যক্ষ সম্পৰ্ক আছে ৷ যিমান সোনকালে ইয়াক এৰি দিব সিমানেই ভাল ৷

৩/ স্বাস্থ্যসন্মত খাদ্যাভ্যাস অনুকৰণ

সেউজীয়া শাক-পাচলি, ফল-মূল, বাদাম, কম নিমখ আৰু কম তেলযুক্ত খাদ্য হৃদতন্ত্ৰৰ বাবে উপকাৰী ৷ জাংক আৰু প্ৰচেছড খাদ্যৰ পৰা আঁতৰি থকাটো গুৰুত্বপূৰ্ণ ৷

৪/ পৰ্যাপ্ত পৰিমাণে নিদ্ৰা গ্ৰহণ

প্ৰতি নিশা কমেও ৭-৮ ঘণ্টা নিদ্ৰা গ্ৰহণ কৰক ৷ ই হৰম’নৰ ভাৰসাম্য ৰক্ষা আৰু মানসিক চাপ নিয়ন্ত্ৰণত সহায় কৰে


৫/ দৈনিক ব্যায়াম কৰক

দ্ৰুতগতিত খোজ কঢ়া, যোগাসন, বা জিম – যিকোনো শাৰীৰিক কাৰ্যকলাপে শৰীৰৰ লগতে হৃদতন্ত্ৰকো শক্তিশালী কৰে ৷

৬/ মানসিক চাপ ব্যৱস্থাপনা শিকিব

ধ্যান, গভীৰ উশাহ-নিশাহ, সংগীত চিকিৎসা বা যিকোনো আপোনাৰ ভাললগা কামে আপোনাক মানসিকভাৱে শান্ত কৰি ৰখাত সহায় কৰিব পাৰে ৷


উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This