বলীউড কেৰিয়াৰ সমাপ্ত হ’ব নেকি অক্ষয় কুমাৰৰ?এসপ্তাহত ১০০ কোটিৰ ক্লাবত সোমাব পৰা নাই অ’এমজি-২

Jyoti Borah August 18, 2023

ডিজিটেল ডেস্কঃ বলীউড অভিনেতা অক্ষয় কুমাৰৰ ছবি OMG 2 ৰ অৱস্থা বক্স অফিচত অতি বেয়া হৈ পৰিছে। OMG 2 য়ে ইতিবাচক সমালোচনা লাভ কৰিছে যদিও বক্স অফিচত বিশেষ উপাৰ্জন কৰিবলৈ সক্ষম হোৱা নাই। ছয় দিনত ৭৯ কোটি টকাৰ ব্যৱসায় অ’এমজি ২য়ে কৰিছে আৰু এতিয়াও ১০০ কোটিৰ ক্লাবত প্ৰৱেশ কৰিবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। সপ্তম দিনৰ সংকলন OMG 2 ৰ চৰ্চালৈ আহিছে। যিটো দেখি ক’ব পাৰি যে ছবিখনৰ বাবে ১০০ কোটিৰ ক্লাবত প্ৰৱেশ কৰাটো  সহজ হ’ব নোৱাৰে।

OMG 2 ত অক্ষয় কুমাৰৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে য়ামী গৌতম আৰু পংকজ ত্ৰিপাঠীয়ে।একাংশ ৰাইজে বহুত ভাল পোৱা ছবিখনত আদালতৰ বিষয়ে প্ৰদৰ্শন কৰা হৈছে। OMG 2 ৰ এইখিনি সংগ্ৰহ সম্ভৱ হৈছে কাৰণ ছবিখনে ৰাইজৰ ইতিবাচক সঁহাৰি লাভ কৰিছে।


সপ্তম দিনটোত প্ৰায় ৫.২৫ কোটি টকাৰ ব্যৱসায় কৰিছে OMG 2 য়ে। এই সংকলন ২১.৬২ শতাংশ হ্ৰাস পাইছে।সপ্তম দিনৰ পিছত মুঠ সংগ্ৰহ অ’এমজি য়ে ২.৮৫ কোটি হৈছে। আশা কৰা হৈছে যে এই ছবিখনে উইকেণ্ডত ভাল সংগ্ৰহ কৰিব পাৰিব।

ছ’চিয়েল মিডিয়াৰ জৰিয়তে দৰ্শকক ধন্যবাদ জনাইছে মেকাৰসকলে। ভায়াকম১৮ ষ্টুডিঅ’ই আজি টুইটাৰত লিখিছে, ‘সত্য আৰু জয় আৰম্ভ হৈছে ইমান বাবে ধন্যবাদ!’

OMG 2 ৰ কথা ক’বলৈ গ’লে এইখন ছবি ২০১২ চনৰ ছবিখনৰ ছিকুৱেল। OMG ত অক্ষয় কুমাৰৰ সৈতে মুখ্য চৰিত্ৰত দেখা গৈছিল পৰেশ ৰাৱালক। OMG 2 ৰ কথা ক’বলৈ গ’লে এই ছবিখনত যৌন শিক্ষাৰ বিষয়টো উত্থাপন কৰা হৈছে। ছবিখনত পংকজ ত্ৰিপাঠীয়ে পুত্ৰৰ স্কুলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

Share This