বেদখলমুক্ত কচুতলীত দশম অসম আৰক্ষী বেটেলিয়নৰ চৌহদৰ আধাৰশিলা স্থাপন কৰি অমিত শ্বাহ, 'দেশৰ পৰা বাহিৰ কৰিম বাংলাদেশীক'

dainik janambhumi February 22, 2026

ডিজিটেল ডেস্ক: 'কংগ্ৰেছৰ সময়ত অহা অনুপ্ৰৱেশকাৰীয়ে অসমৰ জনবিন্যাস সলনি কৰি পেলালে। ধুবুৰী, গোৱালপাৰা, নগাঁও আদি কেইবাখনো জিলাত খিলঞ্জীয়া লোকসকল সংখ্যালঘু হোৱাৰ বাবে মূল দায়ী হৈছে কংগ্ৰেছ। কংগ্ৰেছৰ পাপৰ পৰা এতিয়া অসমক মুক্ত কৰাৰ কাম কৰিছে বিজেপিয়ে।' 

অসমত বিদেশীমুক্ত কৰাৰ প্ৰতিশ্ৰুতি দি কালি কামৰূপৰ কচুতলীত দশম অসম আৰক্ষী বেটেলিয়নৰ নতুন চৌহদৰ আধাৰশিলা স্থাপনৰ অনুষ্ঠানত এই মন্তব্য কৰে কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে। ভাষণৰ আৰম্ভণিতে মা কামাখ্যাক স্মৰণ কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে সুধাকণ্ঠ ভূপেন হাজৰিকা, কনকলতা বৰুৱা, লাচিত বৰফুকন, শংকৰদেৱ-মাধৱদেৱক শ্রদ্ধাৰে সোঁৱৰণ কৰে। 

কচুতলীত দশম অসম আৰক্ষী বেটেলিয়নৰ চৌহদ স্থাপন অসম আৰু সমগ্ৰ দেশৰ সুৰক্ষাৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি বুলি উল্লেখ কৰি তেওঁ কয়, 'অবৈধ দখলমুক্ত ভূমিত দেশৰ সুৰক্ষাত নিয়োজিত জোৱানসকলৰ বাবে আৱাস নির্মাণ কৰা হ'ব।' অনুপ্রৱেশৰ প্ৰসংগত কংগ্ৰেছক কঠোৰ সমালোচনা কৰি গৃহ মন্ত্রী শাহে কয়, 'কংগ্ৰেছৰ শাসনকালত অসমলৈ ইমানেই অনুপ্রবেশকাৰী আহিল যে ৰাজ্যখনৰ জনগাঁথনিকে সলনি কৰি পেলালে। ধুবুৰী, বৰপেটা, নগাঁও আদি কেইবাখনো জিলা অনুপ্রৱেশকাৰীৰ কবলত পৰিছিল। অসমক বাংলাদেশীমুক্ত নকৰিলে অসমৰ ভাষা-সংস্কৃতি সুৰক্ষিত নহ'ব। 

আনহাতে, অসমক বিদেশীমুক্ত কৰাৰ বাবে বিজেপি প্রতিশ্রুতিবদ্ধ বুলি জনাই তেওঁ লগতে কয়, '৫ বছৰৰ বাবে অসমত বিজেপি চৰকাৰ আনক, এজন এজনকৈ বাংলাদেশীৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাই নহয় তেওঁলোকক দেশৰ পৰাও বাহিৰ কৰিম। কংগ্ৰেছে বাংলাদেশী বাহিৰ কৰিবলৈ নিদিয়ে, বাংলাদেশীমুক্ত কৰিবলৈ হ'লে বিজেপিক ভোট দিব লাগিব।' কংগ্রেছ অবৈধ বিদেশীৰ ৰক্ষক বুলি মত প্রকাশ কৰি তেওঁৰ স্পষ্ট মত ভোটৰ আশাত কংগ্রেছে বিদেশীৰ পক্ষ লৈছে। আনকি অসমৰ পৰিচয়ৰ প্ৰতিয়েই সংকট নামি আহিছে। নির্বাচন আয়োগে এছ আই আৰ কৰিছে কিন্তু বাহুল গান্ধীয়ে ইয়াৰ বিৰোধিতাত আন্দোলন কৰিছে। কংগ্রেছে জাতি-মাটি-ভেটি তিনিওটাৰে ক্ষতি কৰিছে।' ভাষণত তেওঁ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্রশংসাতো পঞ্চমুখ হৈ পৰে। শ্বাহে কয়, 'হিমন্তই কৈছে চৰকাৰ আহিলে ৫ লাখ বিঘা মাটি উচ্ছেদ কৰিব। কৰিব মানে কৰিবই, হিমন্ত কথা খাত পাক্কা।' 

উল্লেখযোগ্য যে ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰা পদক্ষেপৰ বাবে আজি অসমৰ বীৰসকলক সকলোৱে জানে বুলি মত প্রকাশ কৰে কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে। এহ প্রসংগত তেওঁ কয়, 'আজি কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ লাচিত বৰফুকনক সকলোৱে জানে। ভূপেন হাজৰিকা, গোপীনাথ বৰদলৈক 'ভাৰতৰত্ন' বিজেপিয়ে দিছে। ৫ বছৰ সৰ্বানন্দ সোণোৱাল, ৫ বছৰ হিমন্তই অসমৰ বিকাশৰ কাৰণে সকলো কৰিছে। ইয়াৰ পৰাই ১০ বছৰৰ বাবে মনমোহন সিং প্রধানমন্ত্রী হৈছিল, ইয়ালৈ ১০বাৰো নাহিল। নৰেন্দ্র মোদীয়ে যোৱা এঘাৰ বছৰত ৮০ বাৰ উত্তৰ-পূবলৈ আহিছে। ইয়াৰে ভিতৰত অসমলৈ ৩৫ বাৰ আহিছে আৰু ১২ নিশা অসমত কটাইছে। অসমক বিকশিত কৰিবলৈ আমাৰ চৰকাৰে কাম কৰিছে। ভূমিৰ অধিকাৰ আমি দিছোঁ, চাহ বাগিচাৰ বাবে আমি আঁচনি আনিছোঁ।' শ্বাহে লগতে কয়, 'মৰাণত যুঁজাৰু বিমান অবতণ কৰাৰ পাছত সমগ্র বিশ্ব আচৰিত হৈ গৈছে। এটা সময়ত মৰাণত য'ত ভাল ৰাস্তা নাছিল, তাত মোদী চৰকাৰে ELF বনাই প্রমাণ কৰিলে এয়া বিকশিত অসম। আমাৰ বায়ু সেনাই নিজৰ শক্তি অসমৰ পৰাই সমগ্র বিশ্বক দেখুৱালে। ইফালে ১৫ লাখ কোটি টকা অসমৰ বিকাশৰ বাবে প্রধানমন্ত্রীয়ে ব্যয় কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে আগন্তুক দিনত ভাৰতৰ ঔদ্যোগিক হাব অসম হ'ব। কংগ্রেছক মই চেলেঞ্জ কৰিছোঁ, কংগ্ৰেছে যদি বাংলাদেশী খেদিবলৈ বিচাৰে কংগ্ৰেছৰ ঘোষণাপত্রত এই কথা উল্লেখ কৰি ইস্তাহাৰ-পত্ৰত প্ৰকাশ কৰি দেখুৱাওক।' 

বান নিয়ন্ত্ৰণৰ ক্ষেত্রতো গুৰুত্ব আৰোপ কৰি অমিত শ্বাহে কয় যে ব্রহ্মপুত্র অসমৰ বাবে আশীর্বাদস্বরূপ হ'লেও বাৰিষাত ধ্বংস মাতি আনে। আগন্তুক ৫ বছৰত অসমক বানমুক্ত কৰাৰ লক্ষ্য লোৱা হৈছে। বৃহৎ পুখুৰীত পানী সংৰক্ষণ, ছেটেলাইটৰ জৰিয়তে অধ্যয়ন আদি ব্যৱস্থা গ্রহণ কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে।

Share This