ডিজিটেল ডেস্ক : ফিফা বিশ্বকাপৰ আজি নিউয়র্কত অনুষ্ঠিত হ'বলগীয়া ফাইনেলৰ টিকটৰ দামে সৰ্বকালৰ অভিলেখৰ সৃষ্টি কৰে। প্রতিযোগিতাৰ ফাইনেলত লায়নেল মেছিৰ আর্জেন্টিনা আৰু ইউৰোপিয়ান চেম্পিয়ন স্পেইনে প্রতিদ্বন্দ্বিতা কৰিব। দুয়োটা দলৰ মাজত হ'বলগীয়া এই যুঁজখনক লৈ সমগ্ৰ বিশ্বৰ ফুটবল প্ৰেমীৰ মাজত যথেষ্ট উৎসাহ দেখা পোৱা গৈছে। আজিৰ ফাইনেলখন চোৱাৰ বাবে ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন স্থানত বিশেষ ব্যৱস্থা কৰা হৈছে। ভাৰতৰ কেইবাখনো ৰাজ্যত শেহ নিশালৈকে হোটেল-ৰেস্তোৰাঁ খোলাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ লগতে ৰাজহুৱা স্থানত ডাঙৰ ডাঙৰ স্ক্ৰীনৰ ব্যৱস্থা কৰা হৈছে যাতে একেলগে বৃহৎ সংখ্যক লোকে খেল উপভোগ কৰিব পাৰে।
ইফালে, মেটলাইফ ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া এই মেচখনৰ পুনৰ বিক্ৰী কৰা টিকটে সকলো অভিলেখ ভংগ কৰে। টিকটৰ ৰিছেল মার্কেটপ্লেচ টিকপিকৰ মতে, এই মেচখন আমেৰিকাৰ ইতিহাসত এতিয়ালৈকে আটাইতকৈ ব্যয়বহুল মেচ ৰূপে পৰিগণিত হৈছে। ফুটবল অনুৰাগীসকলে এই মেচখন উপভোগ কৰাৰ বাবে পানীৰ দৰে ধন ব্যয় কৰিছে। এই মেচখন চোৱাৰ বাবে দর্শকে গড় হিচাপত প্রতিটো টিকটত ১১,৩২৭ ডলাৰ (প্রায় ১১ লাখ টকা) ব্যয় কৰিছে। বিশ্ব কাপৰ আগতে আমেৰিকাত আটাইতকৈ ব্যয়বহুল ক্রীড়া প্রতিযোগিতা আছিল ২০২৪ চনৰ 'ছুপাৰ বাউল'।
ছুপাৰ বাউলৰ টিকটৰ গড় মূল্য আছিল ৯,৪১১ ডলাৰ। বিশ্বকাপৰ ফাইনেলৰ বাবে মেটলাইফ ষ্টেডিয়ামত বিশেষ শ্ৰেণীৰ (১১৫এ) বাবে এটা টিকটৰ দাম হ'ল ২৮,৪৭৯ ডলাৰ (প্রায় ২৭লাখ টকা)। এই শ্রেণীটোত বহা দর্শকে বিশেষ সুবিধা লাভ কৰিব। আনহাতে, ফাইনেলৰ কম মূল্যৰ টিকটো আছে। এনে ধৰণৰ একোটা টিকটৰ মূল্য হ'ল ৬,৯৪৩ ডলাৰ অৰ্থাৎ প্রায় ৬.৭ লাখ টকা।