পুৰণি খাদত এনহেন্স অইল ৰিক'ভাৰী ব্যৱস্থাৰ সাফল্য, ইন্ধনৰ সংকটৰ সময়ত 'অইল'ৰ খাৰুৱা তেল, ৰন্ধন গেছৰ উৎপাদন ১৫% বৃদ্ধি

dainik janambhumi May 25, 2026

ডিজিটেল ডেস্ক : শুনিলে বিশ্বাস কৰিব নে যে ভাৰতৰ আন আন ৰাজ্যৰ যিবিলাক মানুহে পশ্চিম বংগতে ভাৰতখন শেষ বুলি ভাবে আৰু অসমখন কেৱল জংঘল বুলি ধাৰণা কৰি লয়, সেইবোৰ মানুহেই এতিয়া এল পি জি আৰু তেলৰ কাৰণে অসমৰ মুখলৈ চাব লগা হৈছে! এই কথাও হয়তো আপোনাৰ বিশ্বাস নহ'ব যে মধ্যপ্রাচ্যত চলি থকা যুদ্ধৰ ফলত সমগ্র দেশজুৰি এলপিজি আৰু পেট্রলিয়ামজাত সামগ্ৰীৰ যি ভয়াৱহ সংকটৰ সৃষ্টি হৈছে, দেশৰ সন্মুখত সৃষ্টি হোৱা এই ভয়ানক সংকটৰ সময়ত উত্তৰ-পূৰ্বাঞ্চল, বিশেষকৈ অসম দেশৰ বাবে সকাহ হিচাপে থিয় দিছে। সমগ্র দেশে যে এতিয়া অসমৰ মুখলৈ চাই থাকিব লগা হৈছে! সাধাৰণ মানুহৰ বাবে অবিশ্বাস্য যেন লাগিলেও সত্য যে অসমৰ পুৰণা তৈল ক্ষেত্ৰসমূহৰ পৰা শেহতীয়াকৈ অইল ইণ্ডিয়া লিমিটেডে এল পি জি আৰু খাৰুৱা তেলৰ উৎপাদন ১০ৰ পৰা ১৫ শতাংশ পর্যন্ত বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। 

অইল ইণ্ডিয়া লিমিটেডৰ মুখপাত্র প্রাংকুশ মল্ল বুজৰবৰুৱাই কয় যে দেশৰ এই গভীৰ সংকটৰ সময়ত ঘৰুৱা বজাৰখনত যাতে এল পি জি আৰু খাৰুৱা তেলৰ নাটনি নহয় তাৰবাবে কোম্পানীটোৱে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু এনে প্রচেষ্টাৰ ফলতেই সম্প্রতি কোম্পানীটোৱে এল পি জি আৰু খাৰুৱা তেলৰ উৎপাদন ১০ৰ পৰা ১৫ শতাংশ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। তাতোকৈ গুৰুত্বপূৰ্ণ কথা এয়ে যে বৰ্তমান দেশৰ সন্মুখত সঞ্জীৱনীৰ দৰে হৈ উঠা এই এল পি জি আৰু খাৰুৱা তেলৰ উৎপাদন উত্তৰ-পূৰ্বাঞ্চলে বিশেষকৈ অসমে প্রায় অকলেই দিবলৈ সক্ষম হৈছে। কাৰণ অইল ইণ্ডিয়া লিমিটেডৰ অসমৰ উপৰি অৰুণাচল, কেৰালা, কংকান, ৰাজস্থান, আন্দামান আৰু মহানদী বেচিনৰ তৈল ক্ষেত্ৰত খাৰুৱা তেলৰ অন্বেষণ আৰু খনন চলি আছে যদিও কোম্পানীটোৰ এক শীর্ষ সূত্রই কয় যে অইলৰ উৎপাদনৰ ৮৫ শতাংশই আহে অসমৰ পুৰণি তৈল ক্ষেত্ৰসমূহৰ পৰা। 

সূত্ৰটোৰ মতে, 'এনজেন্‌ছ অইল ৰিক 'ভাৰি' পদ্ধতিৰে অইল ইণ্ডিয়াই যিমান দক্ষতাৰে অসমৰ পুৰণি তৈলক্ষেত্ৰসমূহত খনন চলাই আছে, সিমান খাৰুৱা তেল আৰু এল পি জি অসমত অ' এন জি চিৰ দৰে প্রতিষ্ঠানেও আহৰণ কৰিবলৈ সক্ষম হোৱা নাই। এই প্রসংগতে উল্লেখযোগ্য যে আমাৰ দেশত প্রতিদিনে ৫ লাখৰ পৰা ৫.৬০ লাখ বেৰল খাৰুৱা তেল উৎপাদন আৰু সেই হিচাপে প্রতিমাহে দেশত ২ৰ পৰা ২.৩ এম এম টি (মিলিয়ন মেট্রিকটন) খাৰুৱা তেলৰ উৎপাদন হয়। এই সংখ্যাটো শুনিলে এটা বৃহৎ সংখ্যা যেন লাগে যদিও আচলতে আমাৰ দেশত প্ৰতিবছৰে প্ৰয়োজন হোৱা মুঠ খাৰুৱা তেলৰ মাত্র ১৫ শতাংশহে দেশত উৎপাদন হয়। বাকী ৮৫ শতাংশই আকৌ আমদানি কৰিব লাগে বিদেশৰ পৰা। দেশত উৎপাদন হোৱা ১৫ শতাংশ খাৰুৱা তেলৰ প্ৰধান উৎপাদনকাৰী হ'ল অইল ইণ্ডিয়া আৰু অ' এন জি চি। 

অইল ইণ্ডিয়াৰ সূত্রই জানিবলৈ দিয়া মতে, কোম্পানীটোৱে প্রতিবছৰে তিনি মিলিয়ন মেট্রিকটন খাৰুৱা তেল উৎপাদন কৰি আছিল যদিও ২০২৫-২৬ বর্ষত এই উৎপাদন ৩.৫ মিলিয়ন মেট্রিক টনলৈ বৃদ্ধি পাইছে আৰু ২০২৬-২৭ বর্ষত এই উৎপাদন ৪ মিলিয়ন মেট্রিক টনলৈ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। জানিব পৰা মতে, বৰ্তমানৰ সংকটৰ সময়ত কোম্পানীটোৱে খাৰুৱা তেল আৰু এল পি জিৰ যি অতিৰিক্ত উৎপাদন কৰি আছে সেয়া নুমলীগড় আৰু ডিগবৈ শোধনাগাৰলৈ নিয়মীয়াভাৱে প্ৰেৰণ কৰি থকা হৈছে। ইয়াৰ পৰাই ৰাজ্যৰ চাহিদা কিছু পৰিমাণে পূৰোৱাৰ লগতে আন আন ৰাজ্যলৈও প্ৰেৰণ কৰা হৈছে। মুঠতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কোৱা অনুসৰি, অসম দেশৰ পাঁচখন শ্রেষ্ঠ ৰাজ্যৰ অন্যতম কেতিয়াকৈ হ'বগৈ সেয়া সময়ে ক'ব। কিন্তু দেশৰ সন্মুখত দেখা দিয়া এই ভয়াৱহ সংকটৰ সময়ত খাৰুৱা তেল উৎপাদন কৰি দেশক ৰক্ষা কৰাত আমাৰ ৰাজ্য নিশ্চিত ৰূপত প্রথম তিনিখন ৰাজ্যৰ ভিতৰত আছে।

Share This