বিশ্ব ঐতিহ্য...
Dainik Janambhumi
July 29, 2024
ডিজিটেল ডেস্কঃ চৰাইদেউৰ স্বৰ্গদেউৰ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মর্যাদা লাভ কৰাটো অসমবাসীৰ বাবে কেনে এক গৌৰৱময় অধ্যায়, সেয়া এই ঐতিহ্য সম্পর্কে জ্ঞান থকাসকলে উপলব্ধি কৰিব পাৰিছে। এইবাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাকে মূলতঃ ধন্যবাদ দিব লাগিব। কাৰণ বিশ্ব ঐতিহ্যৰ স্বীকৃতি লাভ কৰাৰ বা ইয়াৰ বাবে বাছনিত উঠাৰ পৰ্যায়বিলাক অতিক্ৰম কৰাটো সহজ কথা নহয়। চৰাইদেউৰ মৈদামে এই সন্মান লাভ কৰাৰ ক্ষেত্ৰত যাতে কোনো জটিলতাৰ সৃষ্টি নহয়, সেইটো নিশ্চিত কৰিবলৈ ভাৰত চৰকাৰে এইবাৰ অন্য কোনো স্থানৰ প্ৰস্তাৱ বিশ্ব ঐতিহ্য সমিতিৰ দিল্লীত অনুষ্ঠিত বৈঠকত উত্থাপন নকৰিলে।
ইয়াৰ পৰাই অনুধাৱন কৰিব পাৰি যে কেন্দ্ৰীয় চৰকাৰে মনে-প্রাণে বিচাৰিছিল যাতে বিশ্ব ঐতিহ্যৰ দুর্লভ স্বীকৃতি অসমৰ ঐতিহাসিক সাংস্কৃতিক সম্পদবিধে লাভ কৰে। চৰকাৰৰ এই উদ্যোগক অসমবাসীয়ে ধন্যবাদ জনাইছে, কিন্তু এই কথাও সত্য যে উপর্যুপৰি চেষ্টাৰ পাছতো বিশ্বৰ একমাত্র নদীদ্বীপ, সত্ৰ-সংস্কৃতিৰ মহিমামণ্ডিত ভূমি, এক বৈচিত্র্যপূর্ণ সাংস্কৃতিক বৈশিষ্ট্যসমৃদ্ধ ঠাই মাজুলী এই স্বীকৃতিৰ পৰা বঞ্চিত হোৱাৰ পাছতহে আহোম যুগৰ অনন্য সম্পদৰাজিৰ প্রস্তাৱ ইউনেস্ক'ৰ সংশ্লিষ্ট বিভাগটোত উত্থাপন হৈছিল। ভাৰতবৰ্ষৰ প্রথম বিশ্ব ঐতিহ্যৰ স্বীকৃতি লাভ কৰা ঐতিহাসিক সম্পদকেইটা হ'ল ইলোৰা, অজন্তাৰ গুহা, আগ্রা ফ'ৰ্ট আৰু তাজমহল। সেই সময়ত অসমৰ অনন্য বৈশিষ্ট্যসম্পন্ন ঐতিহাসিক সম্পদৰাজিয়েও এই স্বীকৃতি পাব লাগে বুলি কোনোধৰণৰ চৰকাৰী বা সামাজিক সচেতনতা গঢ় লৈ উঠাই নাছিল। অথচ এই সময়ছোৱাৰ ভিতৰত দেশৰ ৪৩ বিধ ঐতিহাসিক আৰু প্রাকৃতিক সম্পদে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰে। অসমীয়া জাতীয়তাবাদীৰ চিন্তা-চেতনাৰ আধাৰত গঠিত অসম গণ পৰিষদৰ দ্বিতীয়টো কার্যকালৰ সময়ত মাজুলীক লৈ এই দিশত কিছু চিন্তা-চর্চা, কিছু পদক্ষেপ আগবাঢ়িলেও সেয়া যথোচিত নাছিল। পৰৱৰ্তী সময়ত তৰুণ গগৈৰ চৰকাৰৰ আমোলত মাজুলীৰ প্রস্তাৱ বিশ্ব ঐতিহ্য সমিতিৰ বৈঠকত উত্থাপিত হয়।
মাজুলীয়ে অৱশেষত সেই স্বীকৃতি নেপালে যদিও আজি চৰাইদেউৰ মৈদামে সেই সন্মান লাভ কৰিবলৈ সক্ষম হ'ল সেই উদ্যোগৰ ধাৰাটোৰ পৰিপ্ৰেক্ষিততে। অৱশ্যে, ইয়াৰ পূর্বে নিজা বৈশিষ্ট্য অনুসৰি কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানে প্রকৃতি শাখাত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মর্যাদা লাভ কৰিছিল। সাংস্কৃতিক ক্ষেত্ৰত প্রথম আৰু সামগ্রিকভাবে ৰাজ্যৰ তথা উত্তৰ- পূৰ্বাঞ্চলৰ তৃতীয়খন বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মর্যাদা লাভ কৰাৰ পৰিপ্ৰেক্ষিতত চৰাইদেউ মৈদামে আন্তঃৰাষ্ট্ৰীয় প্রসিদ্ধি লাভ কৰিলে। ফলত এক পর্যটন কেন্দ্রৰূপে ইয়াৰ গুৰুত্ব অধিক বৃদ্ধি পাব আৰু দেশ-বিদেশৰ লোকৰ এই কীৰ্তিচিহ্নৰ প্ৰতি অনুসন্ধিৎসা জন্মিব। এনে পৰিপ্ৰেক্ষিতত চৰাইদেউক কেন্দ্ৰ কৰি অবিভক্ত শিৱসাগৰ জিলাৰ অন্য আহোম যুগৰ কীর্তিচিহ্নসমূহৰ আন্তঃৰাষ্ট্ৰীয় পর্যটন ক্ষেত্রত গুৰুত্ব বৃদ্ধি কৰাৰ থল নিশ্চয় ওলাব। বাজ্য চৰকাৰে ইয়াৰ সুযোগ কেনেকৈ গ্রহণ কৰে, সেইটোহে মূল কথা। চৰাইদেউৰ মৈদামে বিশ্ব ঐতিহ্যৰ স্বীকৃতি লাভ কৰাত আনন্দৰ বন্যা বোৱাটো স্বাভাৱিক কথা, ইয়াৰ বাবে চৰকাৰে আৰু অন্য বহু পক্ষই কৃতিত্ব দাবী কৰিছে। যি যেনেকৈ পাব লাগে, সেই কৃতিত্ব নিশ্চয় পাব, কিন্তু একে সময়তে আহোম যুগৰ বহু গুৰুত্বপূর্ণ কীর্তিচিহ্ন যে আপদালৰ অভাৱত ক্রমান্বয়ে নিশ্চিহ্ন হ'বলৈ ধৰিছে, তাৰ দায়িত্ব কোনে ল'ব?
বহু চৰ্চাৰ পাছতো ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰৰ পৰিবেশেই এতিয়ালৈকে যথোচিতভাবে উন্নত হৈ উঠা নাই। এই কীর্তিচিহ্নসমূহত 'লাইট এণ্ড ছাউন্ড'ৰ ব্যৱস্থা কৰাৰ কথা এসময়ত ওলাইছিল যদিও আজিলৈকে তেনেকুৱা প্রস্তাৱ কার্যকৰী নহ'ল। শিৱসাগৰ, জয়সাগৰৰ একেবাবে সমীপতে থকা লক্ষীসাগৰ পুখুৰী আৰু পাৰৰ বিষ্ণু দ'ল, জগদ্ধাত্রী দ'ল দুটাৰ অৱস্থা দেখিলেই দুখলগা। মোমাই তামুলী বৰবৰুৱাৰ বাৰীখনৰ বেদখলৰ কবলত পৰি আৰু মাটি খননৰ ফলত অস্তিত্বহীন হৈ পৰাৰ আশংকাৰ কথা ইতিমধ্যে বিভিন্ন মাধ্যমত প্ৰচাৰ হৈছে।
গৌৰীসাগৰৰ সমীপৰ স্বৰ্গদেউ লক্ষ্মীসিংহই খন্দোৱা ঐতিহাসিক ন পুখুৰীটোৰ পাৰ এসময়ত অ' এন জি চিৰ লোহা-লক্কৰ ৰখা গুদামত পৰিণত হৈছিল। শিৱসাগৰ জিলা ছাত্র সন্থাৰ আন্দোলনৰ কাৰণে যেনিবা সেই গুদাম আঁতৰাবলৈ অ' এন জি চি বাধ্য হ'ল; কিন্তু সেই ঐতিহাসিক সম্পদৰো নাই কোনো আপদাল। জয়সাগৰ পুখুৰীৰ পাৰকেইটাৰো অৱস্থা নাই। আনকি চৰাইদেউ মৈদামলৈ যোৱাৰ একমাত্র পথ ঐতিহাসিক ধোদৰ আলিৰ অৱস্থাই তথৈৱচ। তিনিখন ৰাজ্যক সংযোগ কৰা এই পথটো নিয়মমতে কেতিয়াবাই ৰাষ্ট্ৰীয় পথ হ'ব লাগিছিল। এইকেইটা ক্ষুদ্র উদাহৰণহে। অবিভক্ত শিৱসাগৰৰ চৌদিশে সিঁচৰতি হৈ থকা আহোম যুগৰ বেছিভাগ কীর্তিচিহ্নৰে উপযুক্ত সংৰক্ষণ নাই। চৰাইদেউৰ স্বীকৃতিক লৈ আনন্দ কৰাৰ সময়ত আহোম যুগৰ অন্য প্রতিটো গুরুত্বপূর্ণ সমলৰ সংৰক্ষণৰ কথাও চিন্তা কৰা উচিত।
আচলতে ছশ বছৰীয়া ৰাজত্বৰ স্বাক্ষৰ বহনকাৰী আহোম যুগৰ অন্য বহু সমলেই বিশ্ব ঐতিহ্যৰ স্বীকৃতি পোৱাৰ যোগ্য। চৰাইদেউৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পোৱাৰ কৃতিত্ব নিশ্চিতভাবে কেন্দ্র আৰু ৰাজ্যৰ বৰ্তমানৰ উভয় চৰকাৰে পাইছে, পাব, কিন্তু সমান্তৰালভাবে আহোম যুগৰ সমূহ গুরুত্বপূর্ণ ঐতিহ্য বহনকাৰী সমলক সুদৃশ্য ৰূপত বিশ্ববাসীৰ সন্মুখত তুলি ধৰাৰ কৃতিত্বও চৰকাৰে ল'বলৈ চেষ্টা কৰা উচিত। আপদালৰ অভাৱত কিছুমান সম্পদ নিশ্চিহ্ন হ'লে ই জাতীয় দুর্ভাগ্যৰূপে পৰিগণিত হ'ব।
Share This