পালেং শাকৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানি আচৰিত হ'ব !

Kakali Deka January 06, 2024

ডিজিটেল ডেস্ক: এতিয়া আৰম্ভ হৈছে শাকৰ বতৰ। এই সময়ত বজাৰত শাক একেবাৰে সহজলভ্যতে পোৱা যায়।শাক বহু পুষ্টিৰ সমাহাৰ। সেউজীয়া শাক বুলিলে প্ৰথমে পালেং শাকৰ কথাই আমাৰ মনলৈ আহে। পালেং শাক হৈছে এক ছুপাৰফুড।ইয়াত ভিটামিন-এ, ভিটামিন-বি ২, ভিটামিন-চি, ভিটামিন-ই, ভিটামিন-কে, ফছফৰাছ, চেলেনিয়াম, মেগনেছিয়াম, কেলচিয়াম, মেঙ্গানিজ, প্ৰ'টিন আৰু আঁহ যথেষ্ট পৰিমাণে থাকে।আজি পালেং শাকৰ স্বাস্থ্য কিছু উপকাৰিতাৰ বিষয়ে জানো আহক-


১)যদি আপোনাৰ হজমৰ সমস্যা আছে, তেন্তে আপুনি আহাৰত পালেং শাক অন্তৰ্ভুক্ত কৰিব পাৰে।পালেং শাক খালে কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ হয়।লগতে, গেছ আৰু বদহজমৰ দৰে সমস্যা আঁতৰ কৰাতো পালেং শাক যথেষ্ট উপকাৰী।


২)পালেং শাকত থকা পুষ্টিয়ে দৃষ্টিশক্তি বৃদ্ধি কৰাত সহায় কৰে। যদি আপোনাৰ চকু দুৰ্বল হয়, তেন্তে আপুনি  আহাৰত পালেং শাক অন্তৰ্ভুক্ত কৰক। 

৩)অধিকাংশ লোকেেই ওজন বৃদ্ধিৰ সমস্যাত ভোগে। সেয়েহে যদি আপুনি ওজন হ্ৰাস কৰিবলৈ বিচাৰে, তেন্তে আপোনাৰ আহাৰত পালেং শাক অন্তৰ্ভুক্ত কৰিব পাৰে। ই আপোনাক ওজন হ্ৰাস কৰাতো সহায় কৰিব।


৪)পালেং শাকক নাইট্ৰেটৰ অতি ভাল উৎস বুলি গণ্য কৰা হয়।ই ৰক্তচাপ স্বাভাৱিক ৰখাত সহায় কৰে। নাইট্ৰেটে তেজৰ প্ৰবাহ উন্নত কৰাত সহায় কৰে। যদি আপুনি উচ্চ ৰক্তচাপৰ সমস্যাত ভোগে, তেন্তে দৈনিক পালেং শাকৰ ৰস খাব। ই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব। 


৫)পালেং শাক খালে ৰক্তহীনতা দূৰ হয়। পালেং শাকত যথেষ্ট পৰিমাণত আইৰণ, এণ্টিঅক্সিডেণ্ট, ভিটামিন, খনিজ আৰু পুষ্টি থাকে। এই পুষ্টিবোৰে শৰীৰৰ পৰা তেজৰ অভাৱ দূৰ কৰাত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।  


৬)মাংসপেশী শক্তিশালী কৰিবলৈ আপুনি আহাৰত পালেং শাক অন্তৰ্ভুক্ত কৰক। ইয়াত পোৱা পুষ্টিবোৰে মাংসপেশীবোৰ শক্তিশালী কৰাত সহায় কৰিব।

Share This