গুৱাহাটীত ইয়ং ইণ্ডিয়ানছ পার্লিয়ামেন্ট ২০২৬ আৰম্ভ

dainik janambhumi July 04, 2026

ডিজিটেল ডেস্ক : গণতান্ত্রিক শাসন ব্যৱস্থাৰ সম্পৰ্কত এক অনন্য অভিজ্ঞতামূলক শিক্ষণ কার্যসূচী হিচাপে ইয়ং ইণ্ডিয়ানছ পার্লিয়ামেন্ট ২০২৬ কালি গুৱাহাটীৰ অসম বিধানসভাত আৰম্ভ হয়। ইয়ং ইণ্ডিয়ানছ, গুৱাহাটী অধ্যায় আৰু অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব'ৰ্ডৰ যৌথ উদ্যোগত আয়োজিত এই দুদিনীয়া কাৰ্যসূচীৰ শুভউদ্বোধন কৰে অসম চৰকাৰৰ শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে। 

উদ্বোধনী অধিৱেশনত ভাষণ দি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে শিক্ষা কেৱল পাঠ্যপুথি আৰু শ্ৰেণীকোঠাৰ মাজতে সীমাবদ্ধ নহয়। অংশগ্রহণ, আলোচনা, যোগাযোগ আৰু ব্যাৱহাৰিক অভিজ্ঞতাৰ জৰিয়তেই প্রকৃত শিক্ষা লাভ হয়। ইয়ং ইণ্ডিয়ানছ পার্লিয়ামেণ্টৰ দৰে পদক্ষেপে শিক্ষার্থীসকলক 'কৰ্মৰ জৰিয়তে শিক্ষা' লাভ কৰাৰ সুযোগ প্রদান কৰে। এনে কাৰ্যসূচীয়ে তেওঁলোকক কেৱল সংসদ কেনেদৰে চলি থাকে সেই বিষয়ে নহয়, বৰঞ্চ চৰকাৰ কেনেদৰে গঠন হয় আৰু সিদ্ধান্তসমূহ কেনেদৰে গ্ৰহণ কৰা হয়, সেই বিষয়েও গভীৰভাৱে বুজিবলৈ সহায় কৰে। 

আনহাতে অসমৰ ৩৩খন জিলাৰ শিক্ষার্থীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাত সন্তোষ প্রকাশ কৰি শিক্ষা মন্ত্ৰীগৰাকীয়ে এই কাৰ্যসূচী ৰাজ্যখনৰ বৈচিত্র্যময় যুৱ সমাজৰ এক যথার্থ প্রতিফলন বুলিও মন্তব্য কৰে। অনুষ্ঠানত উপস্থিত থাকি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব'ৰ্ডৰ অধ্যক্ষ আৰ চি জৈনে কয়, 'ইয়ং ইণ্ডিয়ানছ পার্লিয়ামেন্টে শিক্ষার্থীসকলক এনে এক নিৰাপদ আৰু উৎসাহজনক পৰিৱেশ প্ৰদান কৰে, য'ত তেওঁলোকে নিজৰ চিন্তা-ধাৰা মুক্তভাৱে প্রকাশ কৰিব পাৰে, অৰ্থৱহ আলোচনাত অংশগ্রহণ কৰিব পাৰে আৰু ভুল কৰাৰ ভয় নোহোৱাকৈ শিকিব পাৰে। প্ৰতিজন মহান বক্তা, নেতা আৰু পৰিৱৰ্তন সৃষ্টিকাৰীয়ে কোনো এটা ধাৰণা আত্মবিশ্বাসেৰে প্ৰকাশ কৰাৰ পৰাই যাত্রা আৰম্ভ কৰে। মত প্ৰকাশ কৰিবলৈ শিকা সচেতনতা, নেতৃত্ব আৰু দায়িত্বশীল নাগৰিকত্বৰ দিশে আগবঢ়াৰ প্ৰথম পদক্ষেপ।' 

অসম বিধানসভাৰ দৰে এক গুৰুত্বপূৰ্ণ গণতান্ত্রিক প্রতিষ্ঠানত এই সংসদীয় কাৰ্যসূচী অনুষ্ঠিত হোৱাত অভিজ্ঞতাটো আৰু অধিক তাৎপৰ্যপূৰ্ণ হৈ পৰিছে বুলিও তেওঁ কয়। কাৰ্যসূচীৰ আৰম্ভণিতে শিক্ষার্থী সাংসদসকলৰ শপত গ্রহণ অনুষ্ঠান অনুষ্ঠিত হয়। ইয়াৰ পাছতে ৰাজনৈতিক দল গঠন আৰু চৰকাৰ গঠনৰ প্ৰক্ৰিয়া সম্পন্ন কৰা হয়। অংশগ্রহণকাৰীসকলে স্পীকাৰ, সদনৰ নেতা, বিৰোধী দলৰ নেতা আৰু মন্ত্ৰী আদি গুৰুত্বপূৰ্ণ সাংবিধানিক আৰু সংসদীয় পদৱীসমূহৰ বাবে নিৰ্বাচন সম্পন্ন কৰে। শিক্ষার্থীসকলে নিজ নিজ দলৰ ইস্তাহাৰো উপস্থাপন কৰে, য'ত তেওঁলোকৰ দৃষ্টিভংগী, অগ্ৰাধিকাৰ আৰু নীতি-প্ৰতিশ্ৰুতিৰ বিৱৰণ দাঙি ধৰা হয়। ইয়াৰ উপৰি তেওঁলোকে বিভিন্ন সংসদীয় বিতর্ক আৰু বিধানিক কার্যবিধিত সক্রিয়ভাৱে অংশগ্ৰহণ কৰে। এইবাৰৰ ইয়ং ইণ্ডিয়ানছ পার্লিয়ামেন্টত পাঁচটা সমসাময়িক জাতীয় বিষয় ক্রমে আত্মনিৰ্ভৰ ভাৰত, এক্ট ইষ্ট নীতি, কৃত্রিম বুদ্ধিমত্তা: নিয়ন্ত্রণমূলক সুৰক্ষা ব্যৱস্থা, সমান নাগৰিক বিধি, আন্তঃগাঁথনি আৰু সংযোগ ব্যৱস্থাক কেন্দ্ৰ কৰি আলোচনা আৰু বিতর্ক অনুষ্ঠিত হয়। ইয়ং ইণ্ডিয়ানছ পার্লিয়ামেন্ট, গুৱাহাটী অধ্যায়ৰ ইভেন্ট চেয়াৰ মেহুল পাছাৰীয়ে কাৰ্যসূচীৰ উদ্দেশ্যৰ বিষয়ে আলোকপাত কৰে। 

উল্লেখযোগ্য যে উদ্বোধনী অনুষ্ঠানত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব'ৰ্ডৰ উপাধ্যক্ষ ৰুক্ম গোহাঁই, সচিব নৰনাৰায়ণ নাথ, ইয়ং ইণ্ডিয়ানছৰ উত্তৰ-পূব অঞ্চলৰ আঞ্চলিক অধ্যক্ষা ৰোনাক খেতাৱৎ, ইয়ং ইণ্ডিয়ানছ গুৱাহাটী অধ্যায়ৰ অধ্যক্ষা ড° অনুভূতি দেউৰাহৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Share This