আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Jyoti Borah September 23, 2023

শনিবাৰ, ২৩ ছেপ্টেম্বৰ, ৫ আহিন

মেষঃ    ভাগ্যোদয়ৰ সুযোগ মিলিব৷ ব্যৱসায়-বাণিজ্যত কিছু সমস্যাৰ মাজেদি উন্নতি৷ পিতৃ-মাতৃ সুখী৷ দাম্পত্য জীৱন সুখৰেই৷ শুভ কাৰক গ্ৰহ মঙল, ৰবি৷ শুভ সংখ্যা ১, ৯৷ শুভ ৰং হালধীয়া৷ 
বৃষঃ ধৰ্মীয় কৰ্মত মনোনিৱেশ৷ ৰাজহুৱা কামৰ মাজেদি জনপ্ৰিয়তা বাঢ়িব৷ কোনো কথাত কাৰো লগত মনোমালিন্য হ’ব পাৰে৷ শুভ কাৰক গ্ৰহ শুক্ৰ, চন্দ্ৰ৷ শুভ সংখ্যা ২, ৬৷ শুভ ৰং নীলা৷ 
মিথুনঃ দাম্পত্য জীৱন সুখৰেই৷ বিয়া-বাৰুৰ যোগাযোগত শুভ৷ ভ্ৰমণ হ’ব পাৰে৷ ধৰ্মীয় কৰ্মত মনোনিৱেশ৷ শুভ কাৰক গ্ৰহ বুধ, ৰবি৷ শুভ সংখ্যা ১, ৫৷ শুভ ৰং কফি৷ 
কৰ্কটঃ পাৰিবাৰিক জীৱন বুজাবুজিৰ মাজেৰে আগুৱাব৷ বিদ্যাত মধ্যম৷ ৰাজহুৱা কামত বা ৰাজনীতিত সাৱধানে খোজ পেলাব, মুখ থেকেচা খাব পাৰে৷শুভ কাৰক গ্ৰহ চন্দ্ৰ, বৃহস্পতি৷ শুভ সংখ্যা ২, ৩৷ শুভ ৰং গুলপীয়া৷ 
সিংহঃ     স্বাস্থ্য মজলীয়া৷ কোনোৱে বিষ-বেদনাদিত ভুগিব পাৰে৷ আৰ্থিক সমস্যাই কোঙা কৰাত বহু জৰুৰী কাম সময়ত হৈ উঠাত বাধা৷শুভ কাৰক গ্ৰহ ৰবি, মঙল৷ শুভ সংখ্যা ১, ৯৷ শুভ ৰং মুগা৷ 
কন্যাঃ     কোনো মাংগলিক কামৰ যো-জা হ’ব পাৰে৷ হঠাৎ কোনো সু-খবৰ পাই মন প্ৰফুল্লিত হ’ব৷ ব্যৱসায়-বাণিজ্যত জড়িত যদি মনোযোগ দিয়ক, লাভৱান হ’ব৷ বিদ্যাত শুভ৷শুভ কাৰক গ্ৰহ শনি, বুধ৷ শুভ সংখ্যা ৫, ৭৷ শুভ ৰং ক’লা৷ 
তুলাঃ     ৰাজহুৱা কামত ব্যস্ততা বাঢ়িব৷ সংগীত, নৃত্য, নাটক আদি কলাপ্ৰেমীৰ যশ-মান বৃদ্ধি৷ কিন্তু সন্মানহানিজনক পৰিস্থিতি এৰাই চলক৷ ঘৰুৱা পৰিৱেশ গতানুগতিক৷শুভ কাৰক গ্ৰহ শুক্ৰ, শনি৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৬, ৭৷ 
বৃশ্চিকঃ শৰীৰ প্ৰায় ভালেই৷ ঘৰুৱা জীৱন সুখৰেই৷ নিজ কৰ্ম দক্ষতাৰ গুণৰ চাকৰিজীৱীয়ে ঊধবৰ্তন পক্ষৰ সুদৃষ্টি লাভ কৰিব৷ আধ্যাত্মিক চিন্তা-চৰ্চা কৰি ভাল পাব৷ শুভ কাৰক গ্ৰহ মঙল, ৰবি৷ শুভ সংখ্যা ১, ৯৷ শুভ ৰং ক’লা৷ 
ধনুঃ  শৰীৰৰ প্ৰতি যত্ন ৰাখক৷ কৰ্মত দক্ষতা আৰু নিষ্ঠা থাকিব৷ অৰ্থ কষ্টৰ উপশম পাব৷ আকাংক্ষা বাঢ়িব৷শুভ কাৰক গ্ৰহ বৃহস্পতি, চন্দ্ৰ৷ শুভ সংখ্যা ২, ৭৷ শুভ ৰং গুলপীয়া৷
মকৰঃ কামবিলাক ঠিকেই কৰি যাব যদিও আশানুৰূপ ফল নাপাব৷ প্ৰেমত চঞ্চল৷ আত্মীয়-স্বজন তথা বন্ধুবৰ্গৰ লগত সদ্ভাৱ-সম্প্ৰীতি বৃদ্ধি পাব৷ শুভ কাৰক গ্ৰহ শনি, শুক্ৰ৷ শুভ সংখ্যা ৬, ৭৷ শুভ ৰং অপৰাজিতা নীলা৷ 
কুম্ভঃ     ব্যৱসায়-বাণিজ্যত কিছু সমস্যাই দেখা দিলেও আৰ্থিকত বেয়া নহয়৷ নিজকে সৰ্বজ্ঞ বুলি ভাবি কামত আগ বাঢ়িলে অপদস্থ হ’ব পাৰে৷ খৰচ অপৰ্যাপ্ত৷ দাম্পত্যত মধ্যম৷ শুভ কাৰক গ্ৰহ শনি, শুক্ৰ৷ শুভ সংখ্যা ৬, ৭৷ শুভ ৰং নীলা৷ 
মীনঃ শৰীৰ প্ৰায় ভালেই৷ নতুন সা-সম্পত্তি লোৱাৰ পৰিকল্পনা আছে যদি সফল হোৱাৰ পথত৷ কৰ্মক্ষেত্ৰত গোপন শত্ৰুৰ প্ৰভাৱ দেখায়৷ দাম্পত্যত বুজাবুজি থাকিব৷ ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত থাকি ভাল পাব৷ শুভ কাৰক গ্ৰহ  বৃহস্পতি, শুক্ৰ৷ শুভ সংখ্যা ২, ৩৷ শুভ ৰং গেৰুৱা৷ 

Share This