ৰহস্যজনকভাবে ২০ বছৰীয়া ভাৰতীয় ৰকেটৰ টুকুৰা অষ্ট্ৰেলিয়াৰ উপকূলত

Jyoti Borah July 19, 2023

চন্দ্ৰযান ৩ৰ চন্দ্ৰত অৱতৰণলৈ সমগ্ৰ দেশে অপেক্ষা কৰি আছে যদিও ইয়াৰ মাজতে অষ্ট্ৰেলিয়াৰ এক দূৰৱৰ্তী উপকূলৰ পাৰলৈ বৈ গৈছে গম্বুজ আকৃতিৰ এটা ৰহস্যময় বস্তু।যাৰ সন্দৰ্ভত বিভিন্ন জল্পনা-কল্পনা কৰা হৈছে। বিশ্বাস কৰা হয় যে ই ২০ বছৰীয়া ভাৰতীয় ৰকেটৰ টুকুৰা হ’ব পাৰে যিটো উপগ্ৰহ উৎক্ষেপণৰ বাবে ব্যৱহাৰ কৰা হৈছিল। পাৰ্থ  চহৰৰ পৰা প্ৰায় ২৫০ কিলোমিটাৰ উত্তৰত অৱস্থিত গ্ৰীণ হেড বিলত এই গম্বুজ আকৃতিৰ বস্তুটো পোৱা গৈছে।ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ সূত্ৰই অষ্ট্ৰেলিয়াৰ মহাকাশ সংস্থাটোৰ পৰা আনুষ্ঠানিক যোগাযোগ লাভ কৰাটো নিশ্চিত কৰিছে যদিও কোনো সবিশেষ তথ্য প্ৰদান কৰা নাই।

অষ্ট্ৰেলিয়ান মহাকাশ সংস্থা (ASA)কে ধৰি ৰাষ্ট্ৰীয় সংস্থাসমূহে এই বস্তুটো বিশ্লেষণ কৰি থকাৰ সময়তে এই অদ্ভুত দেখা বস্তুটোক মহাকাশৰ ধ্বংসাৱশেষৰ টুকুৰা বুলি ঘোষণা কৰা হৈছে। পশ্চিম অষ্ট্ৰেলিয়া আৰক্ষীয়ে এক বিবৃতিত কয় যে এই সময়ত এই বস্তুটো মহাকাশৰ ধ্বংসাৱশেষ বুলি ধাৰণা কৰা হৈছে। অষ্ট্ৰেলিয়ান ব্ৰডকাষ্টিং কৰ্প’ৰেশ্যন’ৰ খবৰ অনুসৰি ইউৰোপীয় মহাকাশ সংস্থাৰ অভিযন্তা আন্দ্ৰেয়া বয়ডে কয় যে এই উপগ্ৰহটো উৎক্ষেপণ কৰা ভাৰতীয় ৰকেটৰ পৰা এই বস্তুটো পৰি গৈছে।

আন্দ্ৰেয়া বয়েডে কয়, “ইয়াৰ আকাৰৰ ওপৰত ভিত্তি কৰি আমি যথেষ্ট আত্মবিশ্বাসী যে ই ভাৰতীয় ৰকেটৰ ওপৰৰ পৰ্যায়ৰ ইঞ্জিন যিটো বহু ভিন্ন অভিযানৰ বাবে ব্যৱহাৰ কৰা হয়।খবৰ অনুসৰি ইয়াৰ বয়স ২০ বছৰ হ’ব পাৰে।

 

Share This