ডিজিটেল ডেস্ক : শেহতীয়াকৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ক্রীড়া আৰু যুৱ কল্যাণৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব অৰ্পণ কৰাৰ পাছত কালি কেবিনেট মন্ত্রী বিশ্বজিৎ দৈমাৰীয়ে বিভাগৰ জ্যেষ্ঠ বিষয়াবৰ্গৰ সৈতে আয়োজিত এক প্ৰাৰম্ভিক পর্যালোচনা বৈঠকত মিলিত হয়।
দিছপুৰ জনতা ভৱনৰ 'এ' ব্লকস্থিত সভাকক্ষত অনুষ্ঠিত আলোচনাত বিভাগটোৰ আগন্তুক ১০০ দিনীয়া কর্মসূচী বার্ষিক বাজেট সন্দৰ্ভত আলোকপাত কৰা হয়। বর্ধিত কার্যকালত থকা বিভাগটোৰ বিশেষ সচিব কে জে হিলালীয়ে বৈদ্যুতিন উপস্থাপনৰ জৰিয়তে বিভাগটোৰ বাৰ্ষিক আঁচনি, কাম-কাজ, নতুন কর্মসূচী সন্দৰ্ভত নৱনিযুক্ত মন্ত্ৰীগৰাকীক অৱগত কৰে। বিভাগটোৰ সঞ্চালক অংকুৰ ভৰালী, অতিৰিক্ত সচিব সুৰজিৎ সোণোৱাল, যুটীয়া সচিব মহর্ষি কাশ্যপ, উপ-ক্রীড়া সঞ্চালক সত্যব্রত গগৈ, সহকাৰী সঞ্চালক মানস প্রতিম দাস, ৰিলিপ ৰংহাং, জ্যেষ্ঠ গাণনিক বিষয়া বিষ্ণু ডেকা আদি উপস্থিত থকা বৈঠকত অহা জুলাই মাহত অনুষ্ঠিত হ'বলগীয়া বিধানসভাৰ বাজেট অধিৱেশনত বিভাগটোৱে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট প্রস্তাৱ ১০৫ কোটি ৰখা সন্দৰ্ভত আলোচনা কৰে।
বৈঠকত খেল মহাৰণ ৩.০ আয়োজন সন্দৰ্ভত চৰকাৰলৈ প্ৰস্তাৱ আগবঢ়োৱা, ৰাজ্যত বিভিন্ন ইভেন্টৰ নতুনকৈ ৬৫টা চেণ্টাৰ অব এক্সেলেন্সি চেণ্টাৰ মুকলি কৰা, জে এছ ডব্লিউৰ সৈতে বুজাবুজি চুক্তিৰে ক্ৰীড়া বিকাশ কাৰ্যসূচী গ্ৰহণৰ লগতে যোৱা বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে বিভাগটোৱে ক্ৰয় কৰা ক্ৰীড়া সামগ্ৰীসমূহ চলিত মাহৰ ভিতৰতে জিলা পৰ্যায়ত বিতৰণ সন্দৰ্ভতো সিদ্ধান্ত গ্ৰহণ কৰা হয়।
আলোচনা কালত মন্ত্ৰী দৈমাৰীয়ে অসমৰ ক্ৰীড়াক্ষেত্ৰৰ তৃণমূল পৰ্যায়ৰ উন্নয়নত বিশেষ গুৰুত্ব আৰোপ কৰাৰ কথা উল্লেখ কৰে। লগতে ৰাজ্যৰ স্কুল ক্ৰীড়াৰ উত্তৰণৰ বাবে বিশেষ কাৰ্যকৰী পদক্ষেপ গ্রহণৰো পোষকতা কৰে। তদুপৰি অসম অলিম্পিক সন্থাকে মুখ্য কৰি ৰাজ্যৰ বিভিন্ন ক্রীড়া সন্থাসমূহক খেল-খেলুৱৈৰ উন্নয়নৰ দিশত বিশেষ ভূমিকা গ্ৰহণৰ দিশত উদগনি যোগাবলৈ মন্ত্ৰীগৰাকীয়ে বিশেষ আগ্রহ প্রকাশ কৰে।