১৫ জুনৰ পৰা উত্তৰ-পূব ভাৰত আন্তঃগাঁথনি সন্মিলন, প্রদর্শনী

dainik janambhumi June 13, 2026

ডিজিটেল ডেস্ক : ফেডাৰেশ্যন অব্ ইন্ডাষ্ট্রী এণ্ড কমার্চ অব্ নৰ্থ ইষ্টার্ন ৰিজিয়ন (এফ আই এন ই আৰ)ৰ উদ্যোগত অহা ১৫-১৬ জুনত দুদিনীয়া কাৰ্যসূচীৰে মেঘালয়ৰ শ্বিলঙত 'উত্তৰ পূব ভাৰত আন্তঃগাঁথনি সন্মিলন আৰু প্ৰদৰ্শনী ২০২৬'ৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত ভাৰত চৰকাৰৰ পথ পৰিবহণ আৰু ঘাইপথ বিভাগৰ কেন্দ্রীয় মন্ত্রী নীতিন গডকাৰি মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে সন্মিলনৰ মুখ্য আয়োজক ৰাজ্য মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই অংশগ্ৰহণ কৰিব। 

কালি অনুষ্ঠান সন্দৰ্ভত গুৱাহাটীত এখন সংবাদমেলৰ আয়োজন কৰি এফ আই এন ই আৰৰ সভাপতি বজৰং লোহিয়াই অনুষ্ঠান সন্দৰ্ভত সাংবাদিকক অৱগত কৰে। তেওঁ কয় যে এই দুদিনীয়া সন্মিলনত আঠগৰাকী কেন্দ্ৰীয় মন্ত্ৰ্যালয়ৰ বিষয়া, মেঘালয়, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, ছিকিম, অৰুণাচল প্রদেশ, নগালেণ্ডৰ মুখ্যমন্ত্ৰীসকল আৰু জ্যেষ্ঠ বিষয়াৰ লগতে উদ্যোগৰ নেতাসকল, বিনিয়োগকাৰী, আন্তঃগাঁথনি বিকাশকাৰী, বিত্তীয় প্রতিষ্ঠান আৰু প্ৰযুক্তি উদ্ভাৱকসকল উপস্থিত থাকি উত্তৰ-পূব ভাৰতৰ আন্তঃগাঁথনি-আধাৰিত বিকাশৰ ভৱিষ্যতৰ বিষয়ে আলোচনা কৰিবলৈ একত্ৰিত হ'ব। 

অনুষ্ঠানটোৰ দ্বিতীয় দিনৰ বাবে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কিঞ্জাৰাপু ৰামমোহন নাইডু আৰু কেন্দ্ৰীয় পৰ্যটন আৰু সংস্কৃতি মন্ত্রী গজেন্দ্ৰ সিং শ্বেখাৱটক আমন্ত্রণ জনোৱা হৈছে। আনহাতে সন্মিলনত পথ আৰু ঘাইপথ, পৰ্যটনৰ আন্তঃগাঁথনি, ঔদ্যোগিক আন্তঃগাঁথনি, ডিজিটেল আন্তঃগাঁথনি, বিমান আৰু বিমানবন্দৰ, বন্দৰ আৰু জলপথ সন্দৰ্ভতো আলোচনা কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। 

সংবাদমেলত এফ আই এন ই আৰৰ উপ-সভাপতি ৰাজীৱ আগৰৱালা, এফ আই এন ই আৰৰ সঞ্চালক ৰঞ্জনা ভজংকা, আই আই এম শ্বিলঙৰ সদস্য ব'ৰ্ড অব গভর্নৰছ, এন ই আই আই এন এফ আৰ এৰ নলেজ পার্টনাৰ অতুল কুলকাণীৰ লগতে বিল্ড ইণ্ডিয়াৰ প্রতিষ্ঠাপক বৈভৱ ডাংগে উপস্থিত থাকে।

Share This