ভাৰতৰ বিৰুদ্ধে ব্যৱহৃত অস্ত্ৰ বিক্ৰী কৰে ইউৰোপীয় দেশে, নতুন দিল্লী-মস্কোৰ সম্পৰ্কৰ সমৰ্থনত বিদেশ মন্ত্ৰী জয়শংকৰ

dainik janambhumi June 13, 2026

ডিজিটেল ডেস্ক : ভাৰতে ৰাছিয়াৰ তেল ক্ৰয় কৰি থকা বিষয়টো সমৰ্থন কৰি দেশৰ বিদেশ মন্ত্রী এছ জয়শংকৰে ইউৰোপীয় দেশসমূহৰ দুমুখীয়া নীতিক কঠোৰ সমালোচনা কৰে। নতুন দিল্লীৰ শক্তি স্থিতিক ইউৰোপীয় দেশবোৰে কৰা সমালোচনাক শুকুৰবাৰে (স্থানীয় সময়) জয়শংকৰে স্ব-বিৰোধী আখ্যা দিয়ে। ফিনলেণ্ডত 'কুলতৰন্ত' বার্তালাপত 'উদ্ভাসিত শক্তি আৰু নতুন ভূ-ৰাজনৈতিক সহযাগিতা' বিষয়ত হোৱা আলোচনাত ভাষণ দি জয়শংকৰে ভাৰতৰ স্থিতি স্পষ্ট কৰি কয় যে যদি ভাৰত ৰাছিয়াৰ প্ৰতি অতি সহানুভূতিশীল হয়, তেনেহ'লে ভাৰতে কিয় ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিব নোৱৰিব। 

ৰাছিয়াৰ পৰা তেল ক্রয় কৰাৰ সমৰ্থনত দেশৰ বিদেশ মন্ত্রীজনে কয় যে ইউৰোপীয় দেশবোৰে যি অস্ত্র-শস্ত্ৰ বিক্ৰী কৰে, সেইবোৰেই ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ কৰা হয়। কিন্তু ভাৰতত নিৰ্মাণ কৰা অস্ত্ৰবোৰ ইউৰোপীয় দেশবোৰক আক্ৰমণ কৰিবলৈ ব্যৱহাৰ কৰা হোৱা নাই বুলি জয়শংকৰে মন্তব্য কৰে। বিদেশ মন্ত্রীজনে কয় যে ভাৰতত নির্মিত অস্ত্ৰবোৰ কেতিয়াও ইউৰোপীয় দেশত আক্ৰমণৰ বাবে ব্যৱহাৰ কৰা নাই। 

জয়শংকৰে কয় যে দক্ষিণ এছিয়াৰ অঞ্চললৈ পশ্চিমীয়া দেশৰ অস্ত্র-যোগানৰ বিষয়টোত ভাৰতে দীর্ঘদিনে উদ্বেগ প্রকাশ কৰি আহিছে। ইউৰোপত নিৰ্মিত অস্ত্ৰৰে ভাৰতত আক্ৰমণ কৰা হয়, বহু বছৰ ধৰি এই ঘটনা ঘটি আহিছে। কিন্তু ভাৰতীয়ই কেতিয়াও ইউৰোপক সংকটত পৰিবলৈ দিয়া নাই বুলি জয়শংকৰে স্পষ্ট মন্তব্য কৰে।

Share This