মুখত এলোভেৰা ব্যৱহাৰ কেনেদৰে কৰিব লাগে জাঁনো আহক

Jyoti Borah July 20, 2023

বাৰিষা ওচৰ চাপি অহাৰ লগে লগে ছালখন নিস্তেজ আৰু নিৰ্জীৱ দেখাবলৈ আৰম্ভ কৰে। একে সময়তে এই বতৰত ছালখন অতি আঠাযুক্ত আৰু তেলীয়া হৈ থাকে, যাৰ বাবে আপুনি পিম্পলছৰ দৰে বহুতো ছালৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। এনে পৰিস্থিতিত আজি আমি আপোনালোকৰ বাবে এনে বহুতো ফলপ্ৰসূ ঘৰুৱা উপায় লৈ আহিছো, যিবোৰ চেষ্টা কৰি আপুনি ছালৰ নিস্তেজতাৰ পৰা মুক্তি পাব পাৰে।এলোভেৰা'ৰ এন্টি-ইনফ্লেমেটৰী গুণ আছে যিয়ে আপোনাৰ ছালখনক ভিতৰৰ পৰা আৰ্দ্ৰতা প্ৰদান কৰে যিয়ে ছালখনক যিকোনো ক্ষতিৰ পৰা ৰক্ষা কৰাত সহায় কৰে, গতিকে জানো আহক গ্লোয়িং ছালৰ বাবে এলোভেৰা কেনেকৈ ব্যৱহাৰ কৰিব লাগে।

মৌ আৰু এলোভেৰা
ইয়াৰ বাবে ২ চামুচ সতেজ এলোভেৰা জেলত ১ চামুচ মৌ মিহলাই পেষ্ট বনাওক। ইচ্ছা কৰিলে তাত অলপ পকা কল দিব পাৰে। তাৰ পিছত আপুনি এই পেষ্টটো ১৫-২০ মিনিটমান মুখত লগাই ধুব। ইয়াৰ ফলত আপোনাৰ নিস্তেজ আৰু নিৰ্জীৱ ছালখন জিলিকি উঠিব।

ভিটামিন ই আৰু এলোভেৰা
ইয়াৰ বাবে ভিটামিন ইৰ কেপচুল এটা ২ চামুচ এলোভেৰাত মিহলাই লব। তাৰ পিছত এই পেষ্টটো মুখত লগাই মালিচ কৰিব। তাৰ পিছত কিছু সময়ৰ পিছত মুখখন ধুই পৰিষ্কাৰ কৰি লওক। ইয়াৰ ফলত আপোনাৰ ছালখন গ্ল’য়িং দেখা যায়।

গোলাপ জল আৰু এলোভেৰা
ইয়াৰ বাবে ১ চামুচ এলোভেৰা ১ চামুচ গোলাপ জলৰ লগত মিহলাই পেষ্ট বনাব। তাৰ পিছত ২০ মিনিটমান মুখত লগাই ধুই ল’ব। ইয়াৰ বাবে আপোনাৰ মুখত সতেজতা আৰু উজ্জ্বলতা দেখা দিবলৈ আৰম্ভ কৰে।
নেমুৰ ৰস আৰু এলোভেৰা
ইয়াৰ বাবে ১ চামুচ এলোভেৰা জেলত ১ চামুচ নেমুৰ ৰস মিহলাই পেষ্ট প্ৰস্তুত কৰক। তাৰ পিছত এই পেষ্টটো ১৫ মিনিটমান মুখত লগাই ধুই লব। নেমু আৰু এলোভেৰা দুয়োটাতে প্ৰচুৰ পৰিমাণে এন্টি অক্সিডেন্ট থাকে, যাৰ ব্যৱহাৰে মুখমণ্ডলত জিলিকি উঠে।
 

Share This