আজিৰ সম্পাদকীয়, অনুৰাগী

Dainik Janambhumi September 22, 2026

ডিজিটেল ডেস্ক: জুবিন গাৰ্গ অসমৰ অনুৰাগীৰ হৃদয়ত কিমান গভীৰভাৱে সোমাই আছে, সেই সত্যৰ পুনৰ প্ৰকাশ ঘটিল মহান শিল্পীগৰাকীৰ প্ৰথম মৃত্যু বার্ষিকীৰ দিনকেইটাত, সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ দৃশ্যপটত। নিজ চকুৰে নেদেখিলে বিশ্বাস কৰিব পৰা নাযায়, যোৱা ১৯ ছেপ্টেম্বৰৰ পুৱাৰ পৰা ওৰেটো নিশাজুৰি কেনেকৈ জুবিন ক্ষেত্ৰলৈ অনুৰাগীৰ সোঁত বলিছিল। কেৱল ১৯ ছেপ্টেম্বৰেই নহয়, তাৰ আগৰে পৰাই, প্ৰাণৰ শিল্পীগৰাকীক শ্রদ্ধা জনাবলৈ জুবিন ক্ষেত্ৰত ৰচনা হৈছিল পৰিৱেশ- নাম দিয়া হৈছিল 'জুবিন দিৱস'। 

তিনিদিনজোৰা 'জুবিন দিৱস'ৰ আনুষ্ঠানিক কার্যসূচী কি কি আছিল, সেয়া বেলেগ কথা; কিন্তু হেৰাই যোৱা শিল্পীজনক হৃদয়ত বান্ধি ৰখা মানুহবোৰৰ সেৱা-শ্ৰদ্ধাৰ ধৰণ আছিল সম্পূর্ণ নিজস্ব। কোনোবা এককভাবে বা কোনোবা দল বান্ধি গৈ সমৱেত হৈছিল 'জুবিন ক্ষেত্ৰ'ত। ১৮ ছেপ্টেম্বৰ দিনাও তাত দেখা গৈছিল, কোনোবাই নিজস্ব ধৰণেৰে প্রার্থনা কৰিছে, কোনোবাই একান্ত মনেৰে গীত গাইছে, আৰু কোনোবাই বহু সময় ধৰি কেৱল চাই আছে শিল্পীৰ সমাধিয়ে মন্দিৰৰ ৰূপ ধাৰণ কৰা স্থানখিনিলৈ। ১৯ ছেপ্টেম্বৰৰ পৰিৱেশটোতো ইতিহাস সৃষ্টিকাৰী অন্য এটা দিন বুলি ক'লেও অত্যুক্তি কৰা নহ'ব। সিমানতে শেষ নহয়, ২০ ছেপ্টেম্বৰলৈকে অব্যাহত থাকে হিয়াৰ আমঠু শিল্পীক শ্রদ্ধা জনোৱাৰ সোঁতৰ ধাৰা। আগতেই উল্লেখ কৰা হৈছে যে ১৯ ছেপ্টেম্বৰৰ দিনটোৰ পৰিৱেশ নিজে নেদেখিলে অনুভৱ কৰিব পৰা নাযায়। অকায়িক শিল্পীৰ কাষলৈ যোৱাৰ স্পৃহা কিমান গভীৰ! শিৱসাগৰ-চৰাইদেউৰ পৰা চাৰে তিনিশ কিল'মিটাৰতকৈও অধিক পথ দৌৰি-খোজকাঢ়ি তালৈ আহিছিল ৩জন যুৱক। তেনেদৰে, মুছলপুৰৰ পৰা ১৫০ কিঃমিঃ, বঙাইগাঁৱৰ পৰা ২০২ কিঃমিঃ দৌৰিও জুবিন ক্ষেত্ৰলৈ আহিছিল কেইজনমান অনুৰাগী। এনে শ্রদ্ধা-উন্মাদনাক সংজ্ঞায়িত কৰাৰ ভাষা জানো থাকে! কোনোবাই নিজৰ ভৱিষ্যনিধিৰ সমুদায় ধন ব্যয় কৰি নিৰ্মাণ কৰা এখন 'মিনি জুবিন ক্ষেত্র' লৈ আনিছে বিদেহ শিল্পীৰ ওচৰলৈ, কোনোবাই লৈ আনিছে নিজ হাতেৰে নিৰ্মাণ কৰা শিল্পীৰ বিশাল প্রতিমূর্তি, আন কোনোবাই আকৌ আনিছে বিশাল প্রতীকী গীটাৰ। গামোচা, ধূপ-ধূনা-চাকি আৰু শিল্পীজনাই ভালপোৱা সামগ্ৰীৰ বেদীত উপহাৰৰতো সীমা-সংখ্যা নাই। 

সামাজিক মাধ্যমত প্রকাশ পাইছে, জুবিন ক্ষেত্রত অনুৰাগীয়ে জনোৱা শ্ৰদ্ধাৰ বৈচিত্র্যৰ বিভিন্ন ছবি। ইয়াত দেখা গৈছে যে এই তিনিটা দিনত সূর্যাস্তৰ আগত জুবিন ক্ষেত্ৰত অজস্ৰ অনুৰাগীৰ সমাগমতো ঘটিছিলেই, সমগ্র নিশাৰ কালছোৱাতো কমা নাছিল ভিৰ। বহু অনুৰাগীয়ে ওৰেটো নিশা কটাই দিছিল তাত; বহুতেই প্ৰাণৰ শিল্পীৰ গান গাই গাই পাৰ কৰিছিল গভীৰ নিশা। কোনোবা কোনোবাজন তাতেই শুই পৰিছিল। জুবিন গাৰ্গ যেনেকৈ আছিল এক ধাৰণাতীত সত্তা, তেনেদৰে তেওঁৰ অনুৰাগীৰ শ্ৰদ্ধাৰ ধৰণো অনন্য। অন্ততঃ আমাৰ ৰাজ্যৰ মানুহে ইয়াৰ পূৰ্বে শিল্পীলৈ শ্ৰদ্ধাৰ এনে ৰূপ কেতিয়াও প্রত্যক্ষ কৰা নাই। জুবিনৰ শেষ যাত্ৰাত অনুৰাগীৰ ভিৰে যেনেকৈ অভিলেখ ৰচিছিল, তেওঁৰ প্ৰথম মত্যু বার্ষিকীতো জুবিন ক্ষেত্ৰত সমাগমে ৰচিলে ইতিহাস। কিছুমান মাধ্যমত প্রকাশ পোৱা মতে, ১৯ ছেপ্টেম্বৰৰ দিনটোত তাত সমৱেত হয় ৭ লক্ষাধিক লোক। ইয়াৰ আগতে ছবছৰীয়া অসম আন্দোলনত দেখা গৈছিল আমাৰ ৰাজ্যৰ সাধাৰণ মানুহৰ কিছুমান অসাধাৰণ আচৰণ। আন্দোলনটোত কিছুমান মানুহ ইমান একাত্ম হৈ পৰিছিল যে শৰীৰৰ তেজেৰে ৰাজপথত লিখি দিছিল 'তেজ দিম তেল নিদিওঁ' শ্ল'গান। ১৯৮৩ৰ নিৰ্বাচনত, কিছুমান ডেকা ল'ৰাই মৃত্যু নিশ্চিত বুলি জানিও, পুলিচ-চি আৰ পিৰ বন্দুকৰ সন্মুখত থিয় দিবলৈ কুণ্ঠাবোধ কৰা নাছিল, সান্ধ্য আইন ভংগ কৰি ৰাজপথলৈ ওলাই আহিছিল হাজাৰ হাজাৰ সাধাৰণ মানুহ। সেই অসাধাৰণ পৰিৱেশৰ পাছত, জুবিন গাৰ্গৰ মৃত্যুৰ পাছত ৰাজ্যত সাধাৰণ মানুহৰ অসাধাৰণ ৰূপ দেখিবলৈ পোৱা গৈছে। 


অসম আন্দোলনৰ সেই আৱেগ, সেই ত্যাগ, জাতিক ভালপোৱাৰ সেই অদম্য চেতনাৰ অৱশেষ ফল শূন্য বুলিয়েই ক'ব লাগিব, কাৰণ সেই অসাধাৰণ ভূমিকাৰ পাছতো জাতিয়ে একোৱেই নাপালে। জুবিন গাৰ্গক ভালপোৱাৰ ক্ষেত্ৰত কিবা পোৱা-নোপোৱাৰ কথা নাই ঠিকেই, কিন্তু জনসাধাৰণৰ এই অসাধাৰণ শ্রদ্ধাক জুবিনৰ আদৰ্শ ৰক্ষাৰ সম্পদলৈ ৰূপান্তৰিত কৰা প্ৰয়োজন আছিল। জুবিন গার্গে কেৱল গানেই গোৱা নাছিল, গানৰ মঞ্চখনক তেওঁ জাতিৰ ৰূপান্তৰৰ থলীলৈ ৰূপান্তৰিত কৰিব খুজিছিল। চৌদিশে উত্তৰণৰ জখলাৰে বগোৱা এটা শক্তিশালী অসমীয়া জাতি গঢ়াৰ সপোন দেখিছিল তেওঁ। সংগীতৰ মঞ্চৰ পৰাই সৰু সৰু বাক্যৰে তেওঁ সেই সপোনবোৰৰ কথা জনসাধাৰণক কৈছিলেও। চেষ্টা কৰিছিল হাতে-কামে কৰি দেখুৱাবলৈও। সমগ্ৰ ৰাজ্যৰ লাখ লাখ অনুৰাগীৰ এই অসাধাৰণ জুবিন-প্রেম যদি শিল্পীগৰাকীৰ সপোনবোৰ বাস্তৱ কৰাৰ বাবে ব্যৱহাৰ হয়, তেনেহ'লে ই জাতিৰ অসাধাৰণ শক্তি হৈ পৰিব পাৰে। অসম আন্দোলনত জাগ্ৰত হোৱা জাতিৰ শক্তিৰ অপব্যয় হোৱাৰ দৰে, আজিৰ জুবিন-প্রেম যাতে কেৱল 'জয় জুবিন দা' ধ্বনিতে শেষ হৈ নাযায়, তাৰ চিন্তা-চৰ্চা হোৱা উচিত।

Share This